নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ বিৰুদ্ধে যুঁজিবলৈ আছুৰ সাহস নাইঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ধেমাজিত বিজেপিৰ শান্তি সমদল

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ । ধেমাজিৰ ৰংচতিয়া পথাৰত এই কাৰ্যসূচী। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাসকে ধৰি বিজেপিৰ নেতা-কৰ্মী।

                       সভাত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই কয় যে গুৱাহাটীত আন্দোলনৰ নামত অৰাজকতা দেখিলো। কিন্তু অসম আন্দোলন অহিংসৰ প্ৰতীক আছিল। এই আন্দোলনত কাৰো অত্যাচাৰ হোৱা নাছিল। কিন্তু এতিয়া আন্দোলনৰ নামত একাংশই বিধায়কৰ ঘৰ জ্বলাইছে । জয় আই অসমৰ ধ্বনিৰ অপ-ব্যৱহাৰ কৰিছে। আমি ৰাইজৰ ওচৰলৈ যাম, ধেমাজিৰ ৰাইজেও তাকে প্ৰমাণ কৰিলে।                     

                       আজি অসমত ইছলামিক সাহিত্য সভা গঠন হ’ল, ধৰ্মৰ নামত সাহিত্য সভা গঠন হ‘ব পাৰে নেকি বুলি প্ৰশ্ন মন্ত্ৰীগৰাকীৰ। অসমত লাখ লাখ আজমলৰ সৃষ্টি হ‘ল। আজমলৰ বিৰুদ্ধে  যুঁজিবলৈ আছুৰ সাহস নাই বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। 

                       কংগ্ৰেছৰ দিনত অসমত ৪খন আৰৱী কলেজ স্থাপন হ’ল কিন্তু জনজাতীয় কলেজ এখনো স্থাপন নহ’ল। বিজেপিৰ প্ৰতিজন সদস্যই আজমলৰ বিৰুদ্ধে যুঁজি যাব। বিজেপি চৰকাৰ থকালৈকে এজনো বিদেশী অসমলৈ আহিবলৈ নিদিওঁ।

                          চুকাফা-শংকৰদেৱৰ আদৰ্শৰে আমি সমাজখন গঠন কৰিছো। জনজাতীয় লোকসকলে CAA আন্দোলনকাৰীক বিশ্বাস নকৰে। তেওঁলোকে জানে উগ্ৰ জাতীয়তাবাদ সামধান সূত্ৰ নহয়।  আমি এনে চক্ৰান্ত বিৰুদ্ধে যুঁজি যাম। জুবিন আৰু আছুক অসত্য কথা কৈ পলিটিক্স নকৰিবলৈও আহ্ৱান মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ লগতে ২০২১চনত পুনৰ বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি দাবী মন্ত্ৰীগৰাকীৰ