নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব যুৱ আর্চাৰীত অসমৰ বিশালৰ ৩ পদক

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: অসমকন্যা লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকৰ পৰা ব্রঞ্জৰ পদক কঢ়িয়াই আনি দেশ তথা ৰাজ্যবাসীক গৌৰৱান্বিত কৰাৰ পিছত এইবাৰ আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত উজলি উঠিছে অসমৰ প্রতিভাৱান আর্চাৰ বিশাল চাংমাই৷ পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপত তিনিটাকৈ পদক অর্জন কৰি গোলাঘাটৰ আর্চাৰগৰাকীয়ে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় প্রতিযোগিতাখনৰ কেডেট পুৰুষ, কেডেট মিক্সড দলগত ইভেণ্টত বিশাল চাংমায়ে দলীয় সতীর্থৰ সৈতে সোণৰ পদক অর্জন কৰাৰ লগতে পুৰুষৰ ব্যক্তিগত ইভেণ্টত ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ কেডেট পুৰুষৰ দলগত ইভেণ্টৰ ফাইনেলত বিশাল চাংমাই, অমিত কুমাৰ আৰু বিকি ৰাহুলেৰে গঠিত ভাৰতীয় দলটোৱে ফ্রান্সক ৫–৩ৰ ব্যৱধানত পৰাস্ত কৰি দেশলৈ সোণৰ পদক কঢ়িয়াই আনে৷

ইফালে কেডেট মিক্সড টীম ইভেণ্টত বিশাল আৰু তামান্নাৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত জাপানক ৬–২ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ইফালে, ব্রঞ্জৰ পদকৰ মেচত অসম সন্তান বিশালে কাজাখস্তানৰ প্রতিদ্বন্দ্বীক ৬–৪ৰ ব্যৱধানত হৰুৱায়৷ বোকাখাতৰ মিলনপুৰৰ শান্তনু চাংমাই আৰু মিণ্টু চাংমাইৰ পুত্র বিশালৰ এই চমকপ্রদ সাফল্যই ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে৷ উল্লেখ্য যে শৈশৱৰে পৰা আর্চাৰীৰ প্রতি বিশেষ আকর্ষণ থকা খেলুৱৈগৰাকীয়ে আৰম্ভণিতে কোনো আনুষ্ঠানিক প্রশিক্ষণ গ্রহণ কৰা নাছিল যদিও সম্প্রতি হাৰিয়ানাত উন্নত প্রশিক্ষণ গ্রহণ কৰি আছে৷

২০১৩ত আন্তঃজিলা আর্চাৰীত সফলতা অর্জনেৰে তেওঁ প্রতিভাৰ উমান দিছিল৷ ২০১৬–১৭ত গোসাঁইগাঁৱত অনুষ্ঠিত আন্তঃজিলা আর্চাৰীত বিশাল চাংমায়ে সোণৰ পদক অর্জন কৰিছিল৷ ৰাষ্ট্রীয় স্কুল গেমছত ৰূপ আৰু ব্রঞ্জৰ পদক লাভ কৰা খেলুৱৈগৰাকীয়ে ২০১৯ত বাংলাদেশৰ ঢ়াকাত অনুষ্ঠিত আর্চাৰী চেম্পিয়নশ্বিপৰ ব্যক্তিগত আৰু দলীয় ইভেণ্টত ব্রঞ্জৰ পদক পাইছিল৷ উক্ত বর্ষত অসমৰ প্রতিভাৱান আর্চাৰগৰাকীয়ে স্পেইনত অনুষ্ঠিত বিশ্ব যুৱ আর্চাৰী চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছিল৷

You might also like