নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ক’ভিড পজিটিভ ৭৫৮, মৃত ১০

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ৰাজ্যত ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰিছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা৷ সোমবাৰে নতুনকৈ ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ৭৫৮জন লোক৷ ইয়াৰে ১৬৩জন লোকেই কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি বৰপেটাৰ ৪৯জন, লখিমপুৰৰ ৪৯ আৰু নলবাৰীৰ ৪৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,১০,৫৮১টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৬৯ শতাংশ৷

সোমবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ১,০১৪জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭,৭০৭জন৷ সোমবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ১০জন লোকে৷ আক্রান্ত লোকসকলৰ ভিতৰত দুজনকৈ লোক ক্রমে দৰং আৰু যোৰহাটৰ৷ কাছাৰ–গোলাঘাট–হোজা মহানগৰ–কোকৰাঝাৰ্ আৰু শোণিতপুৰৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ ইয়াৰ লগে লগে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৫০২জনলৈ বৃদ্ধি পালে৷

You might also like