নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্য মন্ত্ৰী আসনৰ বাবে লালসা নাইঃ সৰ্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ আজি ভাৰতীয় জনতা পাৰ্টীয়ে ধেমাজীত ঐক্য সমদলত মুখ্যমন্ত্ৰীৰ ভাষণৰ সাৰাংশ। মুখ্যমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণীতে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব লোৱাৰে পৰা স্বৰ্গদেউ চুকাফা আৰ্দশৰে আমি অসমৰ বুকুত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মালম্বী লোকক আস্থা আৰু বিশ্বাসক অসমক শক্তিশালী কৰিবলৈ আগবাঢ়িছো। ২০১৬ চনৰ পৰা অসমৰ সৰু বৰ জাতিক জনজাতিক মৰ্যাদা প্ৰদান কৰিছো। আলি আই লৃগাং ৰাজ্যিক মৰ্যদাৰে পালন কৰা হৈছে।এইবাৰো ঘুণাসুঁতিত আলি আই লৃগাং ৰাজ্যিক মৰ্যদাৰে পালন কৰিম। লগতে চাবুৱাত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নামত ক্ৰীয়া বিশ্ববিদ্যালয় স্থাপন কৰিম। টাবু টাইদৰ সোৱঁৰণত সোৱণশিৰিত স্মৃতি নিৰ্মাণ কৰা হব। গুৱাহাটীত স্বহীদ উদ্যান নিৰ্মাণ আধাৰশীলা স্থাপন কৰা হৈছে। বিজেপিয়ে অসমীয়া জাতিক সদায় সুৰক্ষিত কৰি ৰাখিব। বৃদ্ধা সকলৰ বাবে শ্বহীদ কুশল কোঁৱৰ পেঞ্চন আচনি ৰূপায়ন। অৰুন্ধতী আঁচনিৰ কথাও উল্লেখ মুখ্যমন্ত্ৰী গৰাকীৰ। অসম চৰকাৰে কৃষক সকলক ৫ লাখ কৃষকক ৫ হাজাৰ টকা প্ৰদান।

চলিত বৰ্ষত ৬ লাখ কৃষকক পুনৰ ৫ হাজাৰ টকা প্ৰদান কৰা হব। অসমৰ মহিলা সকল স্বাৱলম্বী হোৱাৰ কথা উল্লেখ। এই চৰকাৰে ১ লাখ ৩০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা প্ৰদান কৰিছে। পুনৰ ৫০ হাজাৰ খিলঞ্জীয়া ভূমি পুত্ৰক মাটি পট্টা প্ৰদান। পুনৰ ১ লাখ লোকক মাটি পট্টা দিম। আমি কোনো বিদেশীক আমাৰ মাটিৰ ওপৰত দপদপনি চলাব নিদিওঁ। এই শক্তি আমাৰ আছে। অসমৰ জাতীয় সংগঠনক আহ্বান আৱেগৰ দ্বাৰা পৰিচালিত নহবলৈ আহ্বান। মোক মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে কোনোবাই বেয়া পাইছে তাক মোৰ কব লগীয়া একো নাই । মই কোনো বিদেশী আনিব নোৱাৰো। অসমৰ ৰাইজে মোক মুখ্যমন্ত্ৰী উপহাৰ দিছে। মুখ্যমন্ত্ৰী আসন পৈতিৃক সম্পত্তি নহয়। মই বিদেশী নানো। মই অসমীৰ আইৰ মনত কেতিয়াও বেজাৰ দিব নোৱাৰো। পৃথিৱীৰ কোনো শক্তিয়ে মোক আই মাতৃৰ সেৱাৰ বঞ্চিত কৰিব নোৱাৰে। অসমত কৰ্ম সংস্কৃতি বৃদ্ধি কৰিব লাগিব। সস্তীয়া ৰাজনীতিয়ে মানুহৰ মন জয় আৰু বিশ্ব জয় কৰিব নোৱাৰে। এই সকলো পৰিহাৰ কৰিব লাগিব। এই চৰকাৰে ৫৫ হাজাৰ নিযুক্তি দিব বুলি ঘোষণা কৰিছে। অসম চুক্তিৰ ৭ নং দফা অনুসৰি নুমলীগড় ৰিফানেইৰীত ২৩ হাজাৰ কোটি টকা শক্তি বৃদ্ধি আৰু বাৰউনীৰ পৰা গুৱাহাটীলৈ পাইপলাইন নিৰ্মাণ কৰাৰ বাবে ৫৫০০ কোটি টকা ডিব্ৰুগড়ত গেছ ক্ৰেকাৰ লাভ জনক কৰিবৰ বাবে ৪৬০০ কোটি টকা অইল আৰু প্ৰাকৃতিক গেছ উতপাদনৰ বাবে ৩৪০০ কোটি টকা পাৰাদীপৰ পৰা নুমুলীগড়লৈ ৩৫০০ কোটি টকা প্ৰদান। সৰ্বমুঠ ৪২০০ কোটি টকা প্ৰদান মোডী চৰকাৰৰ। বিজেপিয়ে অসম চুক্তিয়ে সদায় সন্মান কৰে। শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বাধা দিলে কংগ্ৰেছ আৰু বাওঁ দল সমূহে। অসম চুক্তি মোডী চৰকাৰে সন্মান কৰে। কংগ্ৰেছে বিদেশী আনিলে। তৰুণ গগৈয়ে নিজে স্বীকাৰ কৰিছে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। সকলোকে যুক্তিৰে পৰিচালিত হবলৈ আহ্বান। অসমীয়া জাতিক সংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা হব বুলি দৃঢ় ঘোষণা মুখ্যমন্ত্ৰীৰ।

You might also like