নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাদৰ মাহজোৰা নামলৈ প্ৰস্তুতি আঠখেলীয়া নামঘৰৰ

পহিলা দিনটোতে আশীষ ল'ব মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : ভাদ মাহলৈ মাজত মাথো কেইটামান দিন। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰে পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো মাহজোৰা কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱ আয়োজন কৰিছে। সমান্তৰালকৈ অদৃশ্যজনৰ চৰণত সেৱা লবলৈ বুলি আগমণ ঘটিব লগা ভক্ত প্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈ উঠিছে নামঘৰৰ পৰিচালনা সমিতি। অৱশ্যে বিগত বৰ্ষৰ তুলনাত এইবাৰ নামঘৰৰ পৰিবেশ কিছু সুকীয়া। প্ৰতি বছৰে ভাদ মাহ আৰম্ভ হোৱা বহু পূৰ্বৰ পৰাই সাধাৰণতে নামঘৰত ভকতৰ সমাগম বৃদ্ধি পায়। এইবাৰ কিন্তু এখন বিপৰীত ছবি পৰিলক্ষিত হৈছে। ৰাইজৰ উপস্থিতি একেবাৰে নাই। প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি ক’ৰোনা মহামাৰীৰ বাবে বৰ্তমানেও নামঘৰত সেৱকীৰ প্ৰৱেশ বন্ধ কৰি ৰখা হৈছে।

তথাপিও নামঘৰৰ ভিতৰে বাহিৰে সকলো স্থান ন-কৈ সজাই পৰাই তোলা দেখিবলৈ পোৱা গৈছে। নামঘৰৰ বাহিৰত থকা বহু সংখ্যক দোকান বজাৰেও এইবাৰ ভাদ মাহৰ নাম মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি আশাৰে বাট চাই ৰৈছে। কিয়নো বিগত মাহবোৰত নামঘৰলৈ সেৱকীৰ আগমন বন্ধ হৈ পৰাত এই ব্যৱসায়ী সকলো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে বুলি জানিবলৈ দিছে।

আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা আৰু সম্পাদক মুকুল বৰাই জনায় যে ভাদ মাহৰ মাহজোৰা নাম মহোৎসৱৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰস্তুতি চলাই থকা হৈছে যদিও তেওঁলোকে এই পৰ্যন্ত গোলাঘাট জিলা প্ৰশাসনৰ পৰা কোনো অনুমতি লাভ কৰা নাই। সেয়ে বিগত বৰ্ষবোৰত যেনেদৰে জাক জমকতাৰে অনুষ্ঠিত কৰা হৈছিল এইবাৰ তেনেদৰে অনুষ্ঠিত কৰিবলৈ সক্ষম হ’বনে নহয় সেয়া এতিয়াও তেওঁলোকে সঠিককৈ গম পোৱা নাই। ইফালে ভাদ মাহৰ প্ৰথম দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আঠখেলীয়া নামঘৰত আহি উপস্থিত হ’ব বুলি জিলা প্ৰশাসনে নামঘৰৰ পৰিচালনা সমিতিক জনাইছে। সেয়ে হেলিপেড, বাছ আস্থান আদিবোৰ চাফচিকুন কৰি তুলিছে।

You might also like