অসম জাতীয় পৰিষদ কোনো মিত্ৰজোটত আবদ্ধ নহয়- কিন্তু আগন্তুক উপ নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা লুৰিণ জ্যোতি গগৈৰ
বি জে পি চৰকাৰৰ দিনত সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কৃষক সমাজ
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ আগন্তুক অসম বিধান সভাৰ উপ নিৰ্বাচনত অসম জাতীয় পৰিসদ কোনো মিত্রজোটৰ অংশীদাৰ নহয় । ইয়াৰ বিপৰীতে চাৰিওতা সমষ্টিতে বিৰোধী দল সমূহৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছে অ জা প ই। জিলা কমিটিৰ এক বিশেষ পয্যালোচনা সভাত অংশগ্ৰহণ কৰিবলৈ আজি মৰিগাঁৱত উপস্থিত হোৱা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে সংবাদ মেলত এই ঘোষণা কৰে। মৰিগাঁওৰ আৱৰ্ত ভৱনত লুৰিণ জ্যোতি গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কৈ যে অসমৰ থলুৱা কৃষক ৰ ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত এফ চি আই সদায় প্ৰবঞ্চনা কৰি আহিছে। ৰাজ্য চৰকাৰে বিগত সময়ত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰ সমূহৰ পৰা লাভবান হব পৰা নাই কৃষক সকল।
বেপাৰী বনিক গোষ্ঠীৰ সৈতে থকা বুজাবুজিৰ বাবেই অসমৰ খেতিয়ক ক প্ৰকৃত মূল্য লাভৰ পৰা বঞ্চিত কৰা হৈছে। ৰাজ্য জুৰি চলা খৰাং ৰ সময়ছোৱাত ৰাজ্যৰ কৃষক সকলক সকাহ দিয়াত ব্যৰ্থ হৈছে চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগ। সেয়েহে ৰাজ্যৰ প্ৰতিটো পঞ্চায়ত ত ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ দাবী তোলে লুৰিণ জ্যোতি গগৈয়ে।
আনহাতে ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা বিমান বন্দৰ টি ৰাজহুৱা খণ্ডৰ লাভজনক ব্যৱসায় দি থকাৰ পিছতো কিয় আদানী গ্ৰুপ ক গতাই দিয়া হল তাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অ জা প সভাপতি গৰাকীয়ে। অসমত মৃতপ্ৰাই হৈ পৰা জাগীৰোড পেপাৰ মিল আৰু কাছাৰ পেপাৰ মিল পুনৰ্জীৱিত কৰিব নোৱাৰা চৰকাৰ খনে অসমৰ এটা এটাকৈ লাভজনক উদ্যোগ সমূহক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ বিষয় টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি লোড়িন জুতি গগৈয়ে কৈ যে অসমত বৰ্তমান চৈৰতন্ত্ৰ চলিছে।
আনহাতে গুৱাহাটীৰ সন্মানীয় সন্দিকৈ মহাবিদ্যালয় কে ধৰি একাংশ আগশাৰীৰ শিক্ষানুষ্ঠান ত নামভৰ্তি ৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বৰ্ণ বাদী চিন্তাৰ প্ৰয়োগ কৰা বিষয় টোত ৰাজনৈতিক ষড়যন্ত্ৰ থকা বুলি প্ৰকাশ কৰি এনে কাৰ্যৰ পৰা বিৰত থকাৰ বাবে মহাবিদ্যালয় সমূহক সতৰ্ক কৰি দিয়ে লোড়িন জুতি গগৈয়ে। আজি মৰিগাঁৱ ত অ জা প সভাপতি গৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় নেতা বাণী কান্ত দাস, চমচেৰ সিং, পবিন্দ্ৰ ডেকা, জয়ন্ত ডেকা, চিমল দেউৰী প্ৰমুখ্যে বহুকেইগৰাকী নেতা।