শিক্ষাৰ আদিপাঠ লোৱা যোৰহাট বাল্য ভৱনত আৱেগিক মুখ্যমন্ত্রী
বাল্য ভৱনলৈ এক কোটি টকাৰ সাহায্য ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষাৰ আদিপাঠ গ্রহণ কৰিছিল যোৰহাট বাল্যভৱনত৷ উজনি অসমৰ প্রথমখন মণ্টেশ্বৰী শিক্ষাৰ শিক্ষানুষ্ঠান যোৰহাট বাল্যভৱনত ১৯৭২ চনত ড০ হিমন্ত বিশ্ব শর্মাই নিম্ন শ্রেণীত নামভর্তি কৰিছিল৷
সুদীর্ঘ সময়ৰ পাছত বৃহস্পতিবাৰে তেওঁ বিদ্যালয়খনত উপস্থিত হৈ আৱেগিক হৈ পৰে৷ বিদ্যালয়ত সযতনে ৰখা উপস্থিতিৰ বহীত নিজৰ নাম দেখি আনন্দত মুখ উজলি উঠে মুখ্যমন্ত্রী ড০ শর্মাৰ৷ তেওঁ কয়– নাম লিখোঁতে মোৰ নাম ২৮ত আছিল৷ পাছৰ বছৰ এক নম্বৰ হৈ গ’লোঁ৷ বাল্যভৱন আছিল আমাৰ বাবে মন্দিৰৰ দৰে৷
পুৰণি স্মৃতি ৰোমন্থন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাল্যভৱনত তেওঁৰ দুই জ্যেষ্ঠ ভাতৃ জয়ন্ত বিশ্ব শর্মা, দিগন্ত বিশ্ব শর্মা আৰু প্রয়াত ভাতৃ প্রশান্ত বিশ্ব শর্মাও অধ্যয়ন কৰিছিল৷ ‘এই পৱিত্র স্থান মন্দিৰতে মোৰ প্রথম শিক্ষা জীৱন আৰম্ভ হৈছিল’ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে খোজ কাঢ়িয়ে তেওঁ বিদ্যালয়লৈ অহা–যোৱা কৰিছিল৷ আনহাতে টিফিনৰ সময়ত পাচিত সজাই থোৱা লফ আৰু কল খোৱাৰ স্মৃতি স্মৰণ কৰি তেওঁ বিদ্যালয়খনৰ উত্তৰণৰ বাবে শিক্ষক–শিক্ষয়িত্রীস লোৱা পদক্ষেপৰ বাবে উচ্চ প্রশংসা কৰি কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিদ্যালয়খনক মণ্টেশ্বৰীৰ পৰা উচ্চতৰ মাধ্যমিকলৈ এখন পূর্ণাংগ বিদ্যালয় হিচাপে গঢ়ি তোলা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ মাজে মাজে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু বিদ্যালয়খনলৈ আহি কাম–কাজৰ বুজ ল’ব বুলিও তেওঁ কয়৷
ইফালে মুখ্যমন্ত্রীজনৰ নিজৰ পৰিয়ালৰ তৰফৰ পৰা উন্নয়নমূলক পদক্ষেপ লোৱা হ’ব বুলিও তেওঁ সদৰী কৰে৷ বিদ্যালয়খনৰ শিক্ষক–শিক্ষয়িত্রী আৰু কিছু ছাত্র–ছাত্রী, প্রাক্তন ছাত্রৰ সৈতে এক অনুষ্ঠানতো তেওঁ অংশগ্রহণ কৰে৷ বিদ্যালয় কর্তৃপক্ষৰ তৰফৰ পৰা মুখ্যমন্ত্রীজনক বিভিন্ন উপহাৰেৰে সম্বর্ধনা জনোৱা হয়৷ ইফালে মুখ্যমন্ত্রীজনক নিজ বিদ্যালয়ত পাই আনন্দিত হৈ পৰে শিক্ষক–শিক্ষয়িত্রী, কর্মচাৰী, ছাত্র–ছাত্রীসকল৷ আজিৰ দিনটো বিদ্যালয়খনৰ বাবে স্মৰণীয় হৈ ৰ’ব বুলি তেওঁলোকে মন্তব্য কৰে৷
ইপিনে বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্রী জোনালী বৰুৱাই জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পত্নী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই বিদ্যালয়খনৰ উন্নয়নৰ বাবে ১ কোটি টকা আগবঢ়াইছে৷