১০০ দিনতে ৭২,৪৮৮ পিএমএৱাইৰ গৃহ নির্মাণ
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ৰাইজৰ বিপুল সমর্থনত পুনৰ দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনৰ আজি সম্পূর্ণ হ’ল ১০০ দিন৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনক লৈ স্বাভাৱিকভাৱেই ৰাজ্যবাসীৰ মাজত বৃদ্ধি পাইছিল প্রত্যাশা৷ ১০০ দিনীয়া কার্যকালতে ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ দিশেও আগবাঢ়িছে নতুন চৰকাৰখন৷
ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ লগতে গ্রাম্য আৰু নগৰ উন্নয়নৰ বাবেও নতুন চৰকাৰখনে গ্রহণ কৰিছে কেইবাটাও উল্লেখনীয় পদক্ষেপ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গ্রাম্য আৰু নগৰ উন্নয়ন খণ্ডৰ ছবিও আগবাঢ়িছে সলনি হোৱাৰ দিশে৷ বিশেষকৈ এই ১০০ দিনতে দুয়োটা খণ্ডত কেইবাখনো আঁচনিৰ সফল ৰূপায়ণ কৰা হৈছে৷ সেই অনুসৰি চৰকাৰখনৰ প্রথম এশ দিনৰ ভিতৰতে ৰাজ্যত প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ অধীনত নির্মাণ কৰা হৈছে ৭২,৪৮৮টা গৃহ৷ সেই গৃহসমূহ নির্মাণৰ বাবে মুকলি কৰি দিয়া হৈছে ৩,৮৯৪.৩৫ লাখ টকা৷ এই আঁচনিৰ অধীনৰ কেঁচা ঘৰৰ সংজ্ঞাৰ সংশোধনী অনুসৰি ঘৰে ঘৰে গৈ চলোৱা হৈছে জৰীপ৷
ইয়াৰ জৰিয়তে ১১,১৮,৯৭৪গৰাকী হিতাধিকাৰীক যোগ্য হিচাপে চিনাক্ত কৰা হৈছে৷ এমজিএনৰেগাৰ কার্যকৰী ৰূপায়ণৰ বাবে অভিভাৱক মন্ত্রী, অভিভাৱক সচিব আৰু উপায়ুক্তক লৈ পর্যবেক্ষণ সমিতি গঠন কৰা হৈছে৷ সেইদৰে জল জীৱন মিছনৰ অধীনত পানী যোগানৰ কাম দ্রুত কৰি তোলাৰ লক্ষ্যৰে জিলা প্রশাসনৰ ক্ষমতা বৃদ্ধি কৰা হৈছে৷ উপায়ুক্তসকলক জিলাখনৰ অভিভাৱক মন্ত্রীৰ অনুমোদনমর্মে পূর্বৰ ২ কোটি টকাৰ পৰিৱর্তে ১০ কোটি টকালৈকে পুঁজি ব্যৱহাৰৰ কর্তৃত্ব প্রদান কৰা হৈছে৷
গ্রাম্য আন্তঃগাঁথনি সাহায্য আঁচনি আৰু নাবার্ড আন্তঃগাঁথনি উন্নয়ন সাহায্যৰ অধীনত গ্রাম্য আৰু অর্ধগ্রাম্য এলেকাত বিভিন্ন মূলধনী পুঁজিৰ সামাজিক খণ্ডৰ প্রকল্প, গ্রাম্য যোগাযোগ, কৃষি আৰু ইয়াৰ আনুষংগিক কাম–কাজ গঢ়ি তোলাৰ বাবে ১৩,২০০ কোটি টকাৰ ঋণ গ্রহণৰ বাবে নাবার্ডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে৷
জলসিঞ্চন খণ্ডক শক্তিশালীকৰণৰ বাবে বিভাগটো পুনৰ গঠনৰ দিশত চৰকাৰখনে গ্রহণ কৰিছে কেইবাটাও পদক্ষেপ৷ প্রতিটো বিধানসভা সমষ্টিত জলসিঞ্চন বিভাগৰ এটা মহকুমা পর্যায়ৰ কার্যালয় স্থাপন কৰাৰ লগতে জনপ্রতিনিধিৰ সৈতে অধিক সহযোগিতা নিশ্চিত কৰিবলৈ দুটা বা তিনিটা সমষ্টি সামৰি জলসিঞ্চনৰ সংমণ্ডল কার্যালয় স্থাপন কৰা হ’ব৷
একেদৰে নগৰ উন্নয়নৰ ক্ষেত্রত চৰকাৰখনে গ্রহণ কৰিছে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ৷ শেহতীয়াকৈ অনুষ্ঠিত পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনত গৃহীত কৰা হৈছে অসম ভাৰাতীয়া বিধেয়ক–২০২১৷ এনে ধৰণৰ আদর্শ ভাৰাতীয়া আইন প্রণয়ন কৰা দেশখনৰ ভিতৰত অসমেই প্রথমখন ৰাজ্য৷
ইয়াৰ জৰিয়তে ঘৰৰ মালিক আৰু ভাৰাতীয়াসকলৰ মাজত হোৱা বিবাদ দ্রুততাৰে মীমাংসাৰ বাবে এক নির্ণয় প্রণালী গঢ়ি উঠিব বুলি আশা প্রকাশ কৰা হৈছে৷ ফ্লেট তথা এপার্টমেণ্ট হস্তান্তৰৰ ক্ষেত্রত পঞ্জীয়ন ব্যৱস্থা সৰলীকৰণ আৰু দ্রুতকৰণৰ বাবে শেহতীয়াকৈ গৃহীত কৰা হৈছে পঞ্জীয়ন (অসম সংশোধনী) বিধেয়ক৷ সেইদৰে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত নগৰৰ হিতাধিকাৰীৰ ভিত্তিক নির্মাণ অংশৰ অধীনত হিতাধিকাৰীসকলৰ গৃহ নির্মাণৰ ক্ষেত্রত ডি বি টি ব্যৱস্থা সংযোজন কৰা হৈছে৷
বর্তমানলৈ ১৭,৩৭২গৰাকী হিতাধিকাৰীক ১২৬ কোটি টকা মুকলি কৰি দিয়া হৈছে৷ চলিত বর্ষত ৫৭খন স্থানীয় নগৰ নিকায় আৰু চাৰিটা উন্নয়ন প্রাধিকাৰী সামৰি ২৬খন জিলাত গৃহ শিলান্যাস সমাৰোহৰ আয়োজন কৰা হৈছে৷ অফগ্রিড আৰু কেন্দ্রীভূত সৌৰ পি ভি এপ্লিকেচন আঁচনিৰ অধীনত অসম শক্তি উন্নয়ন সংস্থাৰ দ্বাৰা সৌৰ ষ্ট্রীট লাইট প্রকল্পৰ অধীনত বিগত এশ দিনতে ৩ হাজাৰটা সৌৰ ষ্ট্রীট লাইট স্থাপন কৰা হৈছে৷