অসমক দেশৰ ভিতৰত শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়াৰ প্রয়াসৰ স্পষ্ট প্রতিফলন
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ অসমবাসী ৰাইজৰ আশীর্বাদ আৰু গভীৰ আস্থাত যোৱা ১০ মে’ত শপতগ্রহণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে আজি ১০০ দিন সম্পূর্ণ কৰিব৷
যোৱা বিধানসভা নির্বাচনত জনসাধাৰণে যি আশা আৰু প্রত্যাশাৰে বিজেপি মিত্রজোঁটক ক্ষমতাত অধিষ্ঠিত কৰিলে, ১০০টা দিনৰ কাম–কাজ পর্যবেক্ষণ কৰিলে ৰাইজৰ আশা–আকাংক্ষা পূৰণৰ ক্ষেত্রত যে চৰকাৰখন দায়বদ্ধতাৰে আগবাঢ়িছে, সেয়া স্বাভাৱিক দৃষ্টিতেই প্রতিফলিত হয়৷ দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক প্রতিষ্ঠা কৰাৰ মুখ্যমন্ত্রী ড০ শর্মাৰ যি দুর্বাৰ হেঁপাহ আৰু বাসনা আছে, এই ১০০টা দিনতেই তাক সাকাৰ ৰূপ দিবলৈ ইতিমধ্যে সুপৰিকল্পিতভাৱে মুখ্যমন্ত্রীৰ লগতে নতুন মন্ত্রীসভাখনে কার্যক্ষেত্রত অগ্রসৰ হোৱা পৰিলক্ষিত হৈছে৷
প্রশাসনিক সংস্কাৰ আৰু কর্মসংস্কৃতিৰে নতুন অসম গঢ়াৰ সংকল্পৰে এই সময়ছোৱাত চৰকাৰখন সু–পৰিকল্পিতভাৱে আগবাঢ়িছে৷ চৰকাৰে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজ তথা জনকল্যাণমূলক আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ অন্যতম কাৰক হৈছে প্রশাসন ব্যৱস্থাত বছৰৰ পাছত বছৰ ধৰি চলি অহা অবাধ দুর্নীতি, ৰঙা ফিতাৰ মেৰপেঁচ আৰু কর্মসংস্কৃতিৰ অভাৱ৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰাৰ মুহূর্তৰ পৰাই এই সুৰুঙাসমূহ বন্ধ কৰি প্রকৃতার্থত অসমক আগবঢ়াই নিয়াৰ বাবে কার্যব্যৱস্থা হাতত লয়৷
অত্যন্ত পৰিশ্রমী তথা দূৰদর্শী, দায়বদ্ধ নেতা ৰূপে জনাজাত মুখ্যমন্ত্রী ড০ শর্মাই সেয়ে প্রথমতে বিত্তীয় সংস্কাৰৰ ব্যৱস্থা কৰে৷ সেইমর্মে দুই কোটি টকা পর্যন্ত ব্যয়ৰ সকলো প্রকল্প বিভাগীয় আয়ুক্তৰ নেতৃত্বত গঠিত বিভাগীয় কমিটীয়ে অনুমোদন জনোৱাৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ দুইৰ পৰা ৫ কোটি টকা ব্যয়ৰ প্রকল্পত মুখ্য সচিবৰ নেতৃত্বত গঠিত স্থায়ী বিত্তীয় কমিটীয়ে অনুমোদন জনোৱাৰ ব্যৱস্থা কৰে৷ ৫ কোটিৰ পৰা ১০০ কোটি টকা ব্যয়সাপেক্ষ প্রকল্পত বিত্তমন্ত্রীৰ অধ্যক্ষতাত গঠিত বিশেষ স্থায়ী বিত্তীয় কমিটীয়ে অনুমোদন জনাব৷ ১০০ কোটিতকৈ অধিক টকা ব্যয়সাপেক্ষ প্রকল্পৰ প্রস্তাৱত কেবিনেটে অনুমোদন জনাব৷ নিয়মীয়াকৈ চলি থকা আঁচনিসমূহৰ প্রস্তাৱ সংশ্লিষ্ট বিভাগে পূর্বৰ দৰে বিত্ত বিভাগলৈ প্রেৰণ কৰিব নালাগে৷
বিভাগীয় মন্ত্রীয়ে এইক্ষেত্রত অনুমোদন জনাব৷ তদুপৰি সঞ্চালক বা মুখ্য অভিযন্তাই বিভাগৰ চিলিং প্রস্তাৱ পোনপটীয়াকৈ বিভাগলৈ প্রেৰণ কৰিব৷ চৰকাৰখনে গ্রহণ কৰা এই ঐতিহাসিক সিদ্ধান্তৰ ফলত বিভিন্ন আঁচনি তথা প্রকল্প ৰূপায়ণত ইমান দিনে চলি অহা মাত্রাধিক টেবুলৰ সংখ্যা হ্রাস পোৱাৰ লগতে বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবে কাম–কাজত বিলম্ব হোৱা পৰিস্থিতিৰো যে অৱসান ঘটিব, সেয়া নিশ্চিত বুলিব পাৰি৷
তদুপৰি প্রতিখন জিলাৰ উন্নয়ন প্রক্রিয়া নিশ্চিত আৰু দ্রুততৰ কৰাৰ বাবে অভিভাৱক মন্ত্রী নিয়োগ কৰি দায়িত্ব দিয়া হৈছে৷ সম্প্রতি অভিভাৱক মন্ত্রীসকলে নিয়মীয়াকৈ দায়িত্বপ্রাপ্ত জিলাসমূহ ভ্রমণ কৰি সামগ্রিক উন্নয়ন প্রক্রিয়াৰ প্রত্যক্ষ তদাৰক কৰিছে৷ ইয়াৰ ফলত বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ দ্রুত আৰু ফলপ্রসূ ৰূপায়ণ হোৱাটো নিশ্চিত হৈছে৷ একেদৰে প্রতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ উন্নয়ন প্রক্রিয়া আৰু প্রতিটো বিভাগৰ কাম–কাজৰ বিস্তৃত পর্যালোচনা কৰি থকাটো চৰকাৰখনৰ আন এক পৰিৱর্তন যাত্রাৰ পথ সূচনা কৰিছে৷
যোৱা ১০০টা দিনত মুখ্যমন্ত্রী ড০ শর্মাকে ধৰি চৰকাৰখনৰ প্রতিগৰাকী মন্ত্রীয়ে নিজ নিজ বিভাগসমূহক দুর্নীতিৰ হাতোৰাৰ পৰা মুক্ত কৰি অধিক গতিশীল কৰাত আত্মনিয়োগ কৰা দেখা গৈছে৷ এইক্ষেত্রত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই এই দিনকেইটাত অসমক বানমুক্ত কৰাৰ বাবে গ্রহণ কৰা পদক্ষেপে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰাই নহয়, যথেষ্টখিনি আশ্বস্তও হোৱা দেখা গৈছে৷ বানপ্রৱণ তথা গৰাখহনীয়া অব্যাহত থকা অঞ্চলসমূহ নিজেই ভ্রমণ কৰি তাৎক্ষণিকভাৱে স্থায়ী আৰু অস্থায়ী ব্যৱস্থাৰে সমস্যা সমাধানত অতি আন্তৰিকতাৰে পদক্ষেপ গ্রহণ কৰিছে৷ সেইদৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসেও বিভাগটোত চলি অহা দুর্নীতিৰ বিৰুদ্ধে আপোচবিহীন স্থিতিৰে অগ্রসৰ হৈছে৷
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও শিক্ষা বিভাগটোক নতুন ৰূপ দিবলৈ পূর্বতে ড০ হিমন্ত বিশ্ব শর্মাই গঢ়ি যোৱা আধাৰৰ ভিত্তিতে কার্যক্ষেত্রত অগ্রসৰ হৈছে৷ বিত্তমন্ত্রী অজন্তা নেওগে এক লাখ নিবনুৱাক চৰকাৰী চাকৰি প্রদানৰ বাবে যুদ্ধকালীন ক্ষিপ্রতাৰে কার্যক্ষেত্রত নামি পৰিছে আৰু অহা ১ ছেপ্ঢেম্বৰৰ পৰাই সেই ঘোষণা ৰূপায়ণৰ প্রক্রিয়া আৰম্ভ কৰাৰ পদক্ষেপ লৈছে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো এই সময়ছোৱাত ক’ভিডৰ দ্বিতীয় ঢ়ৌ অতি সফলতাৰে অতিক্রম কৰাই নহয়, সম্ভাব্য তৃতীয় ঢ়ৌ প্রতিৰোধ কৰাৰ ক্ষেত্রতো ৰাজ্যৰ স্বাস্থ্যখণ্ডত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তুলিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যি সময়ত দেশৰ বিভিন্ন ৰাজ্যই লকডাউন ঘোষণা কৰি ক’ভিডৰ দ্বিতীয় ঢ়ৌ প্রতিৰোধ কৰিবলগীয়া হয়, সেই সময়ত অসমে এটা দিনো লকডাউন ঘোষণা নকৰাকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ আনে৷
আন ৰাজ্যৰ দৰে অসমত অক্সিজেনৰ অভাৱত অথবা হাস্পতালৰ অভাৱত কোনো ক’ভিড ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি নোহোৱাটো ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এক শুভ সংবাদ৷ আনকি দেশৰ ভিতৰতে অসম এখন ৰাজ্য, যিয়ে ক’ভিডত অনাথ হোৱা শিশুৰ অধ্যয়নকে ধৰি ভৱিষ্যতৰ সম্পূর্ণ দায়িত্ব চৰকাৰে গ্রহণ কৰাৰ লগতে ক’ভিডত স্বামীহাৰা হোৱা প্রতিগৰাকী মহিলাক আঢ়ৈ লাখ টকাকৈ আৰু উক্ত দুই আঁচনিয়ে সামৰি নোলোৱা আনসকল লোকৰ নিকটাত্মীয়ক এক লাখ টকাকৈ প্রদান কৰি চৰকাৰখন যে মানৱতাবাদী চৰকাৰ, সেয়া দায়বদ্ধতাৰে প্রতিপন্ন কৰিছে৷ আনহাতে চৰকাৰ এখনৰ চালিকা শক্তি হৈছে চৰকাৰী বিষয়া–কর্মচাৰীসক৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে চৰকাৰী বিষয়া–কর্মচাৰীৰ সা–সুবিধাৰ ক্ষেত্রতো এই সময়ছোৱাত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে৷
ইতিমধ্যে ৰাজ্য চৰকাৰে যোৱা ১ জুলাইৰ পৰা কার্যকৰী হোৱাকৈ ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ বর্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰিছে৷ সেইদৰে অসমৰ সকলো সশস্ত্র আৰক্ষী বেটেলিয়নৰ কনিষ্টবলৰ পৰা উপ–পৰিদর্শকলৈ সকলো বিষয়া–জোৱানক এমাহৰ বাধ্যতামূলক ছুটী প্রদানৰো ব্যৱস্থা কৰিছে৷ একেদৰে চৰকাৰী কর্মচাৰীসকলক পিতৃ–মাতৃৰ সৈতে কটোৱাৰ বাবে এসপ্তাহৰ ছুটী দিয়াৰ ব্যৱস্থা কৰিছে৷ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে চৰকাৰখনে চৰকাৰী বিষয়া–কর্মচাৰীসক মানসিকভাৱে সকাহ দিয়াৰ পদক্ষেপে যে এক নতুন কর্মসংস্কৃতিৰ সূচনা কৰিব, সেয়া উলাই কৰিব নোৱাৰি৷
উপদেশতকৈ আর্হি ভাল নীতি অনুসৰণ কৰি মুখ্যমন্ত্রীকে ধৰি আন আন মন্ত্রীসকলে দিন–ৰাতি একাকাৰ কৰি কার্যালয়ত উপস্থিত থাকি কর্মসংস্কৃতি গঢ়াৰ ক্ষেত্রত আন এক নিদর্শন দাঙি ধৰিছে৷ অৱশ্যে এটা কথা স্পষ্ট যে অকল প্রশাসনীয় সংস্কাৰ, দুর্নীতি–ৰঙা ফিতাৰ মেৰপেঁচৰ অৱসান ঘটাই আৰু কর্মসংস্কৃতিৰে প্রকৃতার্থত দেশৰ ভিতৰতে অসমক শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব নোৱাৰি, যদিহে সমাজ ধ্বংসকাৰী শক্তিসমূহ নির্মূল নহয়৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনেও সেই কথা উপলব্ধি কৰিয়েই দায়িত্বভাৰ গ্রহণৰ পৰাই সমাজ ধ্বংসকাৰী শক্তিসমূহৰ বিৰুদ্ধে আপোচবিহীন স্থিতি গ্রহণ কৰিছে৷ এখন সুস্থ আৰু সুৰক্ষিত অসম নির্মাণ কৰিবলৈ হ’লে একে সময়তে সমাজ ধ্বংসকাৰী শক্তিসমূহ নির্মূল কৰিব লাগিব৷
সাম্প্রতিক সময়ত অসমৰ সমাজ জীৱন বিপথে পৰিচালিত কৰা এক ভয়ানক ব্যাধি হৈছে ড্রাগ্ছৰ প্রচলন৷ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে ড্রাগ্ছৰ বিৰুদ্ধে সর্বাত্মক পর্যায়ত অভিযান আৰম্ভ কৰিছে৷ যোৱা ১২ আগষ্ট পর্যন্ত ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে ১,০৯০টা গোচৰ পঞ্জীয়ন কৰি ১,৮৫৪জন ড্রাগ্ছ মাফিয়া–বেপাৰীক গ্রেপ্তাৰ কৰিছে৷ প্রায় ১৯০ কোটি টকা মূল্যৰ হেৰ’ইন, গাঞ্জা, কফ ছিৰাপ আৰু অন্যান্য নিচাযুক্ত সামগ্রী জব্দ কৰা হৈছে৷ বর্তমানো এই অভিযান অব্যাহত আছে আৰু যোৱা দিনকেইটাত বহু কোটি টকাৰ ড্রাগ্ছ জব্দ হৈছে৷ শিশু আৰু মহিলাক অন্য ৰাজ্য বা দেশৰ বাহিৰলৈ অবৈধভাৱে সৰবৰাহ কৰা অপৰাধী চক্রৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ বর্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ পাছত সৰবৰাহ কৰা ১৭৫গৰাকী শিশু আৰু মহিলাক উদ্ধাৰ কৰিছে৷ এই সন্দর্ভত ৩৬টা গোচৰ পঞ্জীয়ন কৰি ৩৭জন লোকক গ্রেপ্তাৰ কৰিছে৷ কেইদিনমান পূর্বে ছিকিমৰ ভিন্ন প্রান্তৰ পৰা সৰবৰাহ কৰা ৪০টা শিশু আৰু দুগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে৷
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল’বলৈ আৰক্ষী প্রশাসনক চৰকাৰে নির্দেশ দিছে৷ ৰাজ্যখনত সংঘটিত ধর্ষণ, হত্যাৰ বিৰুদ্ধেও বর্তমানৰ চৰকাৰে কঠোৰ আৰু তাৎক্ষণিক ব্যৱস্থা হাতত লৈছে৷ কিছুদিন পূর্বে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু কোকৰাঝাৰ জিলাৰ অভয়াখুঁটিত সংঘটিত তেনে দুটা নাৰকীয় ঘটনাৰ ক্ষেত্রত স্বয়ং মুখ্যমন্ত্রীয়ে নিজে ঘটনাস্থলী ভ্রমণ কৰি ক্ষেত্রভিত্তিক বুজ লোৱা কার্যই তেনেধৰণৰ অপৰাধ নির্মূলৰ ক্ষেত্রত যে চৰকাৰ দায়বদ্ধ, সেই কথাও প্রতিপন্ন হৈছে৷
আনহাতে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্রত আন এক অন্তৰায় হৈছে উগ্রপন্থী সমস্যা৷ দশকৰ পাছত দশক ধৰি চলি অহা উগ্রপন্থী সমস্যা এতিয়া একপ্রকাৰ সমাধানৰ পথত বুলিব পাৰি৷ মুখ্যমন্ত্রী ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্রহণৰ পাছতেই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)–এ চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি জনাই অ’ এন জি চিৰ অপহূত কর্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ লগতে সংগঠনটোৱে একপক্ষীয়ভাৱে প্রথম অৱস্থাত তিনি মাহ আৰু শেহতীয়াকৈ পুনৰ তিনি মাহৰ বাবে অস্ত্রবিৰতি ঘোষণা কৰি শান্তি আলোচনাৰ প্রতি সদিচ্ছা প্রকাশ কৰাটো ৰাজ্যখনৰ বাবে এক শুভ সংবাদ বুলিব পাৰি৷
সেইদৰে বি টি আৰ চুক্তি স্বাক্ষৰৰ পাছত নতুনকৈ গঠিত নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বড়োলেণ্ড (এন এল এফ বি)ৰ নেতা এম বাথাৰ লগতে সংগঠনটোৰ ২১গৰাকী কেডাৰে অস্ত্রসহ আত্মসমর্পণ কৰে৷ এতিয়ালৈকে সংগঠনটোৰ ৬৯গৰাকী কেডাৰে আত্মসমর্পণ কৰিছে আৰু অচিৰেই আন ১৩০গৰাকী কেডাৰে আত্মসমর্পণ কৰাৰ সম্ভাৱনা আছে৷ কার্বি আংলঙৰ উগ্রপন্থী গোটসমূহৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্রক্রিয়া চলি আছে৷ মুঠতে অতি কম দিনৰ ভিতৰতে অসম উগ্রপন্থীমুক্ত হোৱাৰ পথ প্রশস্ত বুলিব পাৰি৷ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্রত প্রতিবন্ধকতা সৃষ্টি কৰি অহা জনবিস্ফোৰণ নিয়ন্ত্রণৰ বাবে বর্তমানৰ চৰকাৰখনে ১০০টা দিনত যথেষ্ট কার্যকৰী পদক্ষেপ গ্রহণ কৰিছে৷
ইতিমধ্যে খিলঞ্জীয়া মুছলমান প্রতিনিধিৰ সৈতে চৰকাৰে আলোচনাত বহি ইয়াৰ ৰূপৰেখা যুগুতাইছে৷ একে সময়তে বর্তমানৰ চৰকাৰখনে সভ্যতা–সংস্কৃতি ৰক্ষাৰ ক্ষেত্রতো ১০০টা দিনত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ গো–মাতৃৰ পূজা ভাৰতীয় সংস্কৃতিৰ এক অন্যতম পৰম্পৰা৷ ভাৰতীয় সংস্কৃতিৰ এই পৰম্পৰাক সন্মান জনাই পশুধনৰ সুৰক্ষাৰ বাবে চৰকাৰখনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ অসম বিধানসভাৰ সদ্যসমাপ্ত বাজেট অধিৱেশনত পশুধনৰ সুৰক্ষা নিশ্চিত কৰা আৰু গৰুৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে আইন প্রণয়ন কৰি হিন্দু, শিখ, বৌদ্ধ আদি ধর্মীয় স্থানৰ পাঁচ কিলোমিটাৰ ব্যাসার্ধৰ এলেকাত গো–হত্যা নিষিদ্ধ কৰাৰ লগতে অমুছলমান বসতিপ্রধান এলেকাত গো–মাংসৰ বিক্রীৰ ক্ষেত্রত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ ক্ষেত্রতো চৰকাৰখনে ব্যৱস্থা গ্রহণ কৰিছে৷
সেইদৰে যোৱা নির্বাচনৰ সময়ত বিজেপিয়ে জনসাধাৰণক দিয়া প্রতিশ্রুতি ৰূপায়ণৰ বাবে প্রথম ১০০টা দিনতে পদক্ষেপ গ্রহণ কৰাটো অন্যতম দায়বদ্ধতা হিচাপে চিহ্ণিত হৈছে৷ চৰকাৰৰ প্রথমখন বাজেটতে ইয়াৰ প্রতিফলন ঘটিছে৷ মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাইৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ হিতাধিকাৰীৰ মাহিলি সাহায্যৰ পৰিমাণ ৮৩০ টকাৰ পৰা এহাজাৰ টকালৈ বৃদ্ধি, দীনদয়াল দিব্যাংগ পেন্সন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনি আৰু ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত প্রাপ্য পেন্সনৰ ধনৰাশি প্রতিমাহৰ ১০ তাৰিখে লাভ কৰাটো সুনিশ্চিত কৰিছে৷ চাহ শ্রমিকৰ মজুৰি বৃদ্ধি, বি টি আৰত বসবাস কৰা জনসাধাৰণৰ সর্বাংগীণ বিকাশ আৰু নীতি তথা আঁচনি সঠিকভাৱে ৰূপায়ণ আৰু প্রস্তুত কৰাৰ বাবে বড়োলেণ্ড কল্যাণ নামেৰে নতুন এটা বিভাগ গঠনৰ লগতে পিছপৰা শ্রেণীৰ কল্যাণৰ বাবে চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ সেইদৰে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ পৰম্পৰাগত বিশ্বাস, ৰীতি–নীতি আৰু সংস্কৃতি সংৰক্ষণৰ উদ্দেশ্যে বর্তমানৰ চৰকাৰখনে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগ নামেৰে এটা নতুন বিভাগ গঠন কৰি খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ স্বকীয়তাক সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰাটো বর্তমানৰ চৰকাৰখনৰ ১০০ দিনৰ কার্যকালৰ আন এক যুগান্তকাৰী পদক্ষেপ৷
আনহাতে পূর্বৰ চৰকাৰসমূহৰ দিনত সঘনাই উচ্চাৰিত হৈ আহিছিল বিভিন্ন ছিণ্ডিকেটৰ প্রসংগ৷ কিন্তু বর্তমানৰ ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনৰ কঠোৰ স্থিতিৰ বাবে অসমত এতিয়া কয়লা ছিণ্ডিকেট সম্পূর্ণ বন্ধ হৈছে৷ কয়লাৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্রত চৰকাৰ সম্পূর্ণ সফল হৈছে৷ চুপাৰি ছিণ্ডিকেটো চৰকাৰৰ কঠোৰ পদক্ষেপৰ বাবে বন্ধ হৈছে৷ গৰুৰ অবৈধ সৰবৰাহো এই ১০০টা দিনত বন্ধ হোৱাটো অন্যতম লক্ষণীয়৷