নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ শর্মা চৰকাৰৰ ১০০ দিনঃ ‘গৃহ’ৰ ১৮,০৯৬–‘শিক্ষা’ৰ ২৮,১৬২ ‘স্বাস্থ্য’ৰ ৯,৩৫৮টা পদত শীঘ্রে চাকৰি

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ  নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰিয়েই বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত সবল পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যৰ ক্ষমতা দখল কৰাৰ আজি চৰকাৰখনে ১০০ দিন সম্পূর্ণ কৰিব৷ এই সময়ছোৱাৰ ভিতৰতে বিভিন্ন বিভাগৰ পদত নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰখনে অনুমোদন জনাইছে৷

চৰকাৰী তথ্য অনুসৰি প্রাৰম্ভিক পর্যায়ত গৃহ বিভাগৰ ১৮,০৯৬টা পদ, শিক্ষা বিভাগৰ ২৮,১৬২টা পদ আৰু স্বাস্থ্য বিভাগৰ ৯,৩৫৮টা পদৰ নিযুক্তিত অনুমোদন জনোৱা হৈছে৷ অর্থাৎ এই তিনিওটা বিভাগতে শীঘ্রে নিযুক্তি প্রক্রিয়া সম্পন্ন হ’ব বুলি ক’ব পাৰি৷ তদুপৰি নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে গুৱাহাটীস্থিত ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র স্থাপনৰ বাবে এল এণ্ড টি লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে ৰাজ্য চৰকাৰে৷ এই কেন্দ্রত প্রশিক্ষণ সম্পূর্ণ কৰা শিক্ষার্থীসকলক এল এণ্ড টি লিমিটেডে নিয়োগৰ সুবিধা প্রদান কৰিব৷ দক্ষতা, নিয়োগ আৰু উদ্যমিতা খণ্ডত ৰাজ্য চৰকাৰখনৰ এই ১০০টা দিনৰ ভিতৰতে আন এক গুৰুত্বপূর্ণ পদক্ষেপ হ’ল– নিয়োগ বিনিময় কেন্দ্রসমূহত অনলাইন পঞ্জীয়নৰ ব্যৱস্থা প্রৱর্তন৷ ইয়াৰ ফলত নিবনুৱা যুৱক–যুৱতীসকলে নিজৰ গৃহৰ পৰাই তেওঁলোকৰ নাম পঞ্জীয়নৰ সুবিধা লাভ কৰিব পাৰিব৷

সেইদৰে শিক্ষকৰ যোগ্যতা নিৰূপণকাৰী পৰীক্ষা (টেট)ৰ প্রমাণপত্রৰ বৈধতা আজীৱন বৃদ্ধি কৰা হৈছে৷ অৱশ্যে ইতিমধ্যে টেট উত্তীর্ণ প্রার্থীসকলে তেওঁলোকৰ নম্বৰ উন্নীত কৰাৰ বাবে পুনৰ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ কিন্তু চৰকাৰী পদত নিযুক্তিৰ বাবে প্রচলিত চৰকাৰী নিয়ম অনুসৰি বয়সৰ ঊর্ধ্বসীমাৰ নীতি অব্যাহত থাকিব৷ কৃষি আৰু আনুষংগিক খণ্ডৰ ক্ষেত্রতো মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখনে মাত্র ১০০টা দিনৰ ভিতৰতে কেইবাটাও যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰিছে৷

বিশেষকৈ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্রৰ অধীনৰ গৰুখুঁটিত বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰি সেই ভূমিৰ উপযুক্ত ব্যৱহাৰেৰে সামূহিক কৃষিৰ এক প্রকল্প হাতত লোৱা হৈছে৷ বিভিন্ন ধৰণৰ অর্থকৰী শস্য উৎপাদন তথা জনসাধাৰণক এই প্রকল্পত জড়িত কৰাৰ লক্ষ্যৰে ইতিমধ্যে গঠন কৰা হৈছে এখন সমিতি৷ প্রাকৃতিক দুর্যোগ আৰু মহামাৰীৰ সৈতে যুঁজাৰ বিশেষ অংশ হিচাপে ২০২১–২২ বিত্তীয় বর্ষত ৰাষ্ট্রীয় কৃষি বিকাশ যোজনাৰ অধীনত সামূহিক নার্ছাৰী কার্যসূচী হাতত লোৱা হৈছে৷

ইয়াৰ অধীনত বানত ক্ষতিগ্রস্ত ৭৭,৪০০জন কৃষকৰ মাজত খাৰিফ ঋতুৰ কঠীয়া বিতৰণৰ ব্যৱস্থাও গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ঘৰে ঘৰে পুখুৰী–ঘৰে ঘৰে মাছ আঁচনিৰ দ্বাৰা নতুনকৈ খন্দা পুখুৰীৰ জি’–টেগিঙৰ কাম আৰম্ভ কৰা হৈছে৷ ইয়াৰ লগতে প্রতিখন গাঁৱত এটাকৈ সামূহিক পুখুৰী খন্দা হ’ব৷ যিসমূহ গাঁৱত সামূহিক পুখুৰী আছে কিন্তু ইয়াৰ অৱস্থা উন্নত নহয়, তেনে ধৰণৰ পুখুৰীৰ উপযুক্তভাৱে কার্যব্যৱস্থা গ্রহণেৰে পুনৰুজ্জীৱিত কৰা হ’ব৷ ম্যাদী মাটি, একচনীয়া পট্টা, তৌজি পট্টা আৰু বন অধিকাৰ আইন–২০০৬ৰ অধীনত লাভ কৰা ভূমি, দেৱোত্তৰ ভূমি, সত্রৰ ভূমি আৰু চাহ বাগিচাৰ মাটিৰ প্রমাণপত্র থকা কৃষকসকলেও প্রধানমন্ত্রী কৃষক সন্মান নিধিৰ অধীনত সা–সুবিধা লাভ কৰাৰ পদক্ষেপ ৰাজ্য চৰকাৰখনে গ্রহণ কৰিছে৷

ঔদ্যোগিক খণ্ডৰ বিকাশৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাইড্র’কার্বন ইন্ধনৰ বিকল্প হিচাপে ইথান’ল ব্যৱহাৰৰ ক্ষেত্রত ইয়াৰ প্রস্তুতকাৰীসকলক উদগনি যোগাবলৈ দেশৰ ভিতৰতে দ্বিতীয় ৰাজ্য হিচাপে ইথান’ল নীতি–২০২১ত অনুমোদন জনাইছে৷ অসমৰ অর্থডক্স আৰু বিশেষ চাহৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে যুগুত কৰা হৈছে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি–২০২০৷ ইজ অৱ ডুয়িং বিজনেছৰ জৰিয়তে এআইডিচি, এআইআইডিচি, এএছআইডিচি এই তিনিওটা ঔদ্যোগিক উন্নয়ন নিগমৰ দ্বাৰা ভূমি আবণ্টনৰ প্রক্রিয়া সৰলীকৰণ আৰু সমপর্যায়ৰ কৰাৰ বাবে অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি–২০২১ৰ জাননী জাৰি কৰা হৈছে৷

তদুপৰি নুমলীগড় শোধনাগাৰ লিমিটেডত ২,১৮৭ কোটি টকাৰ বিনিয়োগেৰে ৰাজ্য চৰকাৰৰ অংশৰ পৰিমাণ পূর্বৰ ১২.৩৫ শতাংশৰ পৰা বৃদ্ধি কৰা হৈছে ২৬ শতাংশলৈ৷

You might also like