নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়ত–গ্রামোন্নয় বিভাগত ব্যাপক বদলীকৰণঃ একেদিনাই ১,০৬৮ পঞ্চায়ত সচিবক বদলি

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত কাম–কাজ গতিশীল কৰি তোলাৰ লক্ষ্যৰে ব্যাপক সালসলনি আৰম্ভ হৈছে৷ শেহতীয়াকৈ খণ্ড উন্নয়ন বিষয়া পর্যায়ত ব্যাপক সালসলনিৰ পাছত বৃহস্পতিবাৰে বিভাগটোৱে গাঁও পঞ্চায়ত সচিব পর্যায়ত ব্যাপক বদলিকৰণ কৰে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন আয়ুক্ত হেমেন দাসে আজি চিপিআৰডি/পিএমএৱাই–জি/৮৭/২০২১ নম্বৰ নির্দেশযোগে ৰাজ্যখনৰ ১,০৬৮জন গাঁও পঞ্চায়তৰ সচিবক বদলি কৰিছে৷

ৰাজ্যখনৰ গাঁও পঞ্চায়তসমূহক গতিশীল কৰাৰ লগতে বিভাগটোত সংস্কাৰমুখী পৰিৱেশ সৃষ্টিৰ বাবে গাঁও পঞ্চায়ত সচিবসকলৰ বদলিকৰণ কৰা হৈছে বুলি বিভাগটোৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যদিও যোৱা দীর্ঘদিন ধৰি একেখন গাঁও পঞ্চায়ততে সচিবসকলে কার্যভাৰ চলাই থকাৰ পৰিপ্রেক্ষিতত ব্যাপক অনিয়মৰ অভিযোগ উঠিছিল৷

বিশেষকৈ পঞ্চায়ত–গ্রামোন্নয় বিভাগত বিভিন্ন আঁচনিৰ বিপৰীতে হিতাধিকাৰী বাছনিৰ ক্ষেত্রত একাংশ গাঁও পঞ্চায়ত সচিবে অনিয়মত লিপ্ত হোৱাৰো অভিযোগ পাইছিল বিভাগটোৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ এই অভিযোগৰ বাবে পঞ্চায়ত সচিব পর্যায়ত আজি ব্যাপক বদলিকৰণ কৰা হয়৷

You might also like