নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীৰ মাজত গা কৰি উঠিছে এক নতুন আত্মবিশ্বাসে

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট:  ‘অহা পাঁচ বছৰত অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্রা হ’ব৷ দিনে–নিশাই আমি কাম কৰিছোঁ আৰু কৰি থাকিম৷ ৰাজ্য চৰকাৰখনক অসমৰ ৰাইজৰ দুখ–হতাশা আঁতৰাই আনন্দ, বিকাশ আৰু আলোকযাত্রাৰ এক আশ্রয় হিচাপে গঢ়ি তোলাৰ বাবে প্রচেষ্টা চলাই থাকিম৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বিজেপি নেতৃত্বাধীন দ্বিতীয়টো কার্যকালৰ মিত্রজোঁট চৰকাৰৰ শুকুৰবাৰে ১০০ দিন সম্পূর্ণ হোৱাৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড০ শর্মাই খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ এই সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানতঃ বর্তমানৰ ৰাজ্য চৰকাৰখনৰ ১০০ দিনীয়া পৰিক্রমা তথা এই সময়ছোৱাত গ্রহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰে৷

সংবাদ মেলৰ আৰম্ভণিতে উন্মোচন কৰা ‘অনিৰুদ্ধ যাত্রাৰ ১০০টা দিন’ শীর্ষক পুস্তিকাখনত এই বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১০০টা দিনৰ যাত্রাপথত আমি গ্রহণ বা ৰূপায়ণ কৰা সিদ্ধান্তসমূহে কম দিনৰ ভিতৰতে অসমৰ জনজীৱনক স্পর্শ কৰিব পাৰিছে৷ ইতিমধ্যে ৰাজ্যবাসীৰ মাজত গা কৰি উঠিছে এক নতুন আত্মবিশ্বাসে৷ এই প্রসংগত তেওঁ ক’ভিডৰ সংক্রমণ প্রতিৰোধ আৰু প্রতিষেধক প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, যোৱা ১০ মে’ৰ পৰা ১৯ আগষ্টলৈকে এই ৯৯ দিনত ৰাজ্যত সর্বমুঠ ১,২১,৫৯,১৬২জন লোকক ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷ তদুপৰি কালি ৰাজ্যত সামগ্রিকভাৱে ক’ভিড প্রতিষেধক প্রদান কৰা লোকৰ সংখ্যাই ডেৰ কোটি অতিক্রমি হৈছেগৈ ১,৫১,৭৩,৮২৬জন৷ প্রতিদিনে প্রায় ১.২৫ লাখৰ পৰা ১.৩০ লাখ লোকক ক’ভিড প্রতিষেধক দিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এসময়ত ক’ভিড প্রতিষেধকৰ অপচয়ক লৈ আলোচনা হৈছিল৷ কিন্তু আজি আমি ক’ভিড প্রতিষেধক ৰাহি কৰিবলৈ সক্ষম হৈছোঁ৷ প্রতিটো ভাইলত এক ড’জকৈ ৰাহি কৰিব পৰাত কেন্দ্রীয় চৰকাৰে আমাক যিমান ক’ভিড প্রতিষেধক দিছিল, তাৰ তুলনাত আমি অতিৰিক্তভাৱে ৫ লাখ ড’জ প্রদান কৰিব পাৰিছোঁ৷ দৈনিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ১১ মে’ত ৬,২৫৮গৰাকীৰ পৰা ১৭ আগষ্টত ৭৪১গৰাকীলৈ হ্রাস পাইছে৷ এই সময়ছোৱাত পজিটিভিটীৰ হাৰো ৯.১৩ শতাংশৰ পৰা হ্রাস পাইছে ০.৭৩ শতাংশলৈ৷ সম্পূর্ণ লকডাউন নিদিয়াকৈ আমি ক’ভিডৰ দ্বিতীয় জোৱাৰ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হোৱাৰ লগতে তৃতীয় জোৱাৰৰ বাবেও সাজু হ’ব পাৰিছোঁ৷ ক’ভিড মহামাৰীৰ বলি হোৱা পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহায্যৰ বিষয়ে ‘অনিৰুদ্ধ যাত্রাৰ ১০০টা দিন’ শীর্ষক পুস্তিকাত উল্লেখ কৰি কোৱা হৈছে যে ক’ভিড মহামাৰীত অনাথ হোৱা প্রতিটো শিশুলৈ মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ অধীনত প্রতিমাহে ৩,৫০০ টকাৰ আর্থিক সাহায্যৰ উপৰি এটা লেপটপ আৰু ২৪ বছৰ বয়সত তেওঁলোকে পাব পৰাকৈ ৭.৮১ লাখ টকাৰ ফিক্সড ডিপ’জিট কৰা হৈছে৷ এতিয়ালৈকে ৮গৰাকী শিশু এনেদৰে উপকৃত হৈছে৷

মুখ্যমন্ত্রীৰ বিধৱা সাহায্য আঁচনিৰ অধীনত ক’ভিডত স্বামীহাৰা হোৱা প্রতিগৰাকী বিধৱা মহিলালৈ প্রদান কৰা হৈছে ২.৫০ লাখ টকাৰ এককালীন বিত্তীয় সাহায্য৷ এতিয়ালৈকে এই আঁচনিৰ অধীনত ১,১৫৪গৰাকী হিতাধিকাৰীলৈ অর্থসাহায্য আগবঢ়োৱা হৈছে৷ প্রার্থনা আঁচনিৰ অধীনত ক’ভিডত প্রাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়ক এক লাখ টকাকৈ আর্থিক সাহায্য প্রদানৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে চৰকাৰে৷ চাৰি হাজাৰতকৈ বেছি পৰিয়াল এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব৷ গৰুৰ চোৰাং বেহা, ড্রাগ্ছ, মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযান, নিৰাপত্তা ব্যৱস্থা সবলীকৰণ আদিৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ এই অভিযানত সফলতাই অসম আৰক্ষীৰ মানদণ্ডক বহু ওপৰলৈ লৈ যাব পাৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চলিত বর্ষৰ মে’ৰ পৰা ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ১,১১৫টা গোচৰ পঞ্জীয়নৰ বিপৰীতে গ্রেপ্তাৰ কৰা হৈছে ১,৯১২জন লোকক৷ প্রায় ১৯০.২১ কোটি বজাৰ মূল্যৰ ড্রাগ্ছ জব্দ কৰা হৈছে৷ মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অর্জন কৰা এক বৃহৎ সাফল্য হিচাপে ১৭৫গৰাকীক উদ্ধাৰ কৰাৰ লগতে এই সন্দর্ভত ৩৬টা গোচৰ পঞ্জীয়ন তথা ৩৭জন লোকক গ্রেপ্তাৰ কৰা হৈছে৷ অসম বিধানসভাৰ বাজেট অধিৱেশনত গৃহীত কৰা হৈছে গো–সুৰক্ষা বিধেয়ক৷ অপহূত অ’ এন জি চিৰ কর্মচাৰী ৰিতুল শইকীয়াৰ নিৰাপদ মুক্তি এক উল্লেখনীয় ঘটনা৷ উগ্রপন্থীৰ বিৰুদ্ধে তীব্র অভিযান আৰম্ভ কৰা হৈছে৷ যোৱা মে’ মাহৰ পৰা আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত ১০জন উগ্রপন্থী নিহত হোৱাৰ লগতে গ্রেপ্তৰ কৰা হৈছে ৬৫জনক৷ বহু দিনৰ মূৰত কোনো দল–সংগঠনে বন্ধৰ আহ্বান নিদিয়াকৈ অসমৰ ৰাইজে এইবাৰ স্বাধীনতা দিৱস পালন কৰিব পাৰিছে৷ বড়ো চুক্তিৰ পাছতে এন এল এফ বি নামৰ উগ্রপন্থী সংগঠন এটাই মূৰ দাঙি উঠিছিল৷ এই সংগঠনটোৰ নেতা এম বাথাৰ উপৰি আন ২১গৰাকী কেডাৰে অস্ত্র–শস্ত্রসহ আত্মসমর্পণ কৰে৷ আজিলৈকে সংগঠনটোৰ ৯৯গৰাকী কেডাৰে আত্মসমর্পণ কৰিছে৷ এন এল এফ বিৰ আন ১৩০গৰাকী কেডাৰেও অতি সোনকালে আত্মসমর্পণ কৰাৰ সম্ভাৱনা আছে৷ সংগঠনটোৰ সকলো কেডাৰকে মূলসুঁতিলৈ ঘূৰাই অনাৰ প্রচেষ্টা চলি আছে৷ কার্বি আংলঙত কে এন এল এ নাম লোৱা ২৭গৰাকী ইউ পি আৰ এফ (কুকী)ৰ কেডাৰে আত্মসমর্পণ কৰিছে আৰু ১৭টা অস্ত্র–২৯৬টা গোলাবাৰুদ জমা দিছে৷

তিনিমহীয়া কার্যকালৰ ভিতৰতে ৰাজ্য চৰকাৰখনে বিধানসভাত পূর্ণাংগ বাজেট দিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই পুনৰ কয় যে আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রায় ৮০০টা পদত নিযুক্তিৰে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ ৰূপোৱালী যাত্রা আমি আৰম্ভ কৰিম৷ ৰাজ্যখনৰ এক লাখ নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিয়াৰ প্রতিশ্রুতি পূৰণৰ অংশ হিচাপে প্রাৰম্ভিক পর্যায়ত ৰাজ্য চৰকাৰে গৃহ বিভাগৰ ১৫,০০০টা পদ, শিক্ষা বিভাগৰ ২৩,৫১৫টা পদ আৰু স্বাস্থ্য বিভাগৰ ৮,৮৫৫টা পদৰ নিযুক্তিত ইতিমধ্যে অনুমোদন জনাইছে৷ এই নিযুক্তি প্রক্রিয়া অহা মাহৰ পৰা আৰম্ভ হ’ব৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি মাইক্র’ ফাইনেঞ্চৰ ঋণীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়েও তেওঁ সদৰী কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, ইতিমধ্যে অসম মাইক্র’ ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনি–২০২১ প্রস্তুত কৰি উলিওৱা হৈছে৷ কাইলৈ কোম্পানীসমূহৰ লগত বুজাবুজিৰ চুক্তি হস্তাক্ষৰ হ’ব৷ ভাৰতীয় ৰিজার্ভ বেংকে ইতিমধ্যে এই বুজাবুজিৰ চুক্তিৰ ওপৰত ‘ষ্টেটুৱেট’ৰী ক্লীয়াৰেন্স’ দিছে৷ ইয়াৰ লগে লগে বিষয়টোৰ ক্ষেত্রত ৰাজ্য চৰকাৰখন আগবাঢ়ি যাবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ এই ১০০ দিনীয়া কার্যকলাপে সকলোলৈ উন্নয়নৰ সুফল প্রদানৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা পদক্ষেপৰ প্রসংগত তেওঁ কয় যে গ্রাম্য আন্তঃগাঁথনি সাহায্য আঁচনি আৰু নাবার্ড আন্তঃগাঁথনি উন্নয়ন সাহায্যৰ অধীনত গ্রাম্য আৰু অর্ধগ্রাম্য এলেকাত বিভিন্ন মূলধনী পুঁজিৰ সামাজিক খণ্ডৰ প্রকল্প (স্বাস্থ্য, শিক্ষা, খোৱাপনী আদি), গ্রাম্য যোগাযোগ, কৃষি আৰু ইয়াৰ আনুষংগিক কাম–কাজ (জলসম্পদ–জলসিঞ্চ্ সংৰক্ষণ–গ্রাম্য জ্ঞান দান কেন্দ্র আদি) গঢ়ি তোলাৰ বাবে ১৩,২০০ কোটি টকা পর্যন্ত ঋণ গ্রহণৰ বাবে নাবার্ডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে৷ জল জীৱন মিছনৰ কাম–কাজ দ্রুতগতিত সম্পাদন কৰিবলৈ আঁচনিখন ৰূপায়ণৰ গাঁথনিগত পৰিৱর্তন সাধনৰ বাবে জিলা প্রশাসনক অধিক ক্ষমতা প্রদানেৰে উপায়ুক্তসকলক জিলাখনৰ অভিভাৱক মন্ত্রীৰ অনুমোদনক্রমে পূর্বৰ ২ কোটি টকাৰ পৰা ১০ কোটি টকালৈকে পুঁজি ব্যৱহাৰৰ কর্তৃত্ব প্রদান কৰা হৈছে৷ বিগত ১০০ দিনত ৩,৪২,১৫১টা নল পানী যোগানৰ সংযোগ দিয়া হৈছে৷ প্রতি মাহত খোৱাপানীৰ সংযোগ দিয়া হৈছে ১.২৫ লাখ৷ এই সংযোগৰ লক্ষ্য ২ লাখলৈ আমি নির্ধাৰণ কৰিছোঁ৷ বিগত ১০০ দিনত প্রধানমন্ত্রী আৱাস যোজনা–গ্রামীণৰ অধীনত ৭২,৪৮৮টা গৃহ নির্মাণৰ বাবে অনুমোদন জনোৱা হৈছে আৰু মোকলাই দিয়া হৈছে ৩,৮৯৪.৩৫ লাখ টকা৷ আঁচনিখনৰ কেঁচা ঘৰৰ সংশোধিত সংজ্ঞা অনুসৰি ঘৰে ঘৰে গৈ জৰীপ চলোৱা হৈছে আৰু ১১,১৮,৯৭৪গৰাকী হিতাধিকাৰীক যোগ্য ৰূপে চিনাক্ত কৰা হৈছে৷ সীমান্তৰ সুৰক্ষা সম্পর্কত লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে নাগালেণ্ড আৰু মিজোৰামৰ পৰা এক ইতিবাচক বার্তা পোৱা গৈছে৷

অসম–নাগালেণ্ড সীমা সমস্যাৰ ক্ষেত্রত যোৱা ৩১ জুলাইত দুয়োখন ৰাজ্যৰ মাজত বিবদমান স্থানসমূহৰ পৰা দুয়োপক্ষৰ সশস্ত্র আৰক্ষী বাহিনী প্রত্যাহাৰৰ এক চুক্তিত উপনীত হোৱা গৈছে৷ ফলত স্বাভাৱিক অৱস্থা ঘূৰি আহিছে৷ অসম–মেঘালয় সীমা সমস্যাৰ ক্ষেত্রত যোৱা ৬ আগষ্টত গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ৰ মাজত হোৱা আলোচনাত দুয়ো পক্ষৰ পৰা কেবিনেট মন্ত্রীৰ নেতৃত্বত তিনিখন আঞ্চলিক সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়৷ যাতে মতপার্থক্যসমূহ হ্রাস কৰিব পৰা যায়৷ অসম–মিজোৰাম সীমা সমস্যাৰ ক্ষেত্রত যোৱা ২৬ জুলাইত সংঘটিত শেহতীয়া ঘটনাৰ পাছত ৫ আগষ্টত আইজলত অসম আৰু মিজোৰামৰ মাজত এক যৌথ প্রস্তাৱ স্বাক্ষৰিত হয়৷ ইয়াৰ পাছতে অসম আৰু মিজোৰামৰ মাজত যান–বাহনৰ চলাচল স্বাভাৱিক কৰাৰ বাবে সকলো ধৰণৰ প্রচেষ্টা অব্যাহত ৰখা হৈছে৷ বি টি আৰক শান্তিৰ দ্বীপলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে যোৱা তিনি মাহত ৰাজ্য চৰকাৰখনে নিৰন্তৰ প্রচেষ্টা চলোৱা বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ এই প্রসংগত তেওঁ কয় যে বি টি আৰত বসবাস কৰা জনসাধাৰণৰ সর্বাংগীণ বিকাশ তথা নীতি আৰু আঁচনি সঠিকভাৱে ৰূপায়ণ–প্রস্তুত কৰাৰ বাবে বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা ন’ডেল বিভাগ সৃষ্টি কৰা হৈছে৷ শদিয়া জনজাতীয় বেল্টত অসম ভূমি আৰু ৰাজহ নিয়মাৱলীৰ দশম অধ্যায়ৰ অধীনত সুৰক্ষাৰ অধিকাৰী ব্যক্তিৰ শ্রেণীৰ তালিকাত আহোম, মৰাণ, মটক, চুতীয়া আৰু গোর্খা সম্প্রদায়ক অন্তর্ভুক্ত কৰি জাননী জাৰি কৰা হৈছে৷ সেইদৰে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ ট্রাইবেল বেল্ট–ব্লকত গোর্খা সম্প্রদায়ক সুৰক্ষিত শ্রেণী হিচাপে জাননী জাৰি কৰা হৈছে৷ অসমত বসবাস কৰা গোর্খা সম্প্রদায়ৰ লোকসকলৰ বিৰুদ্ধে বিদেশী আইন ১৯৪৬ৰ অধীনত সীমান্ত আৰক্ষীৰ দ্বাৰা অনুসন্ধান আৰম্ভ নকৰা বাবে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে৷ যোৱা ২২ ফেব্রুৱাৰীৰ পৰা প্রযোজ্য হোৱাকৈ ব্রহ্মপুত্র উপত্যকাৰ চাহ শ্রমিকৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকালৈ আৰু বৰাক উপত্যকাত এই মজুৰি ১৪৫ টকাৰ পৰা ১৮৩ টকালৈ বৃদ্ধি কৰা হৈছে৷

চাহ খেতি নকৰা সময়ছোৱাত ইচ্ছুক চাহ বাগিচাৰ শ্রমিকসকলক এম জি এনৰেগাৰ অধীনত কমেও ১০০ দিনৰ কাম দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ দীনদয়াল দিব্যাংগ পেন্সন আঁচনি, শ্বহীদ কুশল কোঁৱৰ সার্বজনীন বৃদ্ধ পেন্সন আঁচনি আৰু ইন্দিৰা মিৰি সার্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত প্রাপ্য পেন্সনৰ ধনৰাশি প্রতিমাহৰ ১০ তাৰিখে লাভ কৰাটো সুনিশ্চিত কৰা হৈছে৷ তদুপৰি দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত এক বৃহৎ পদক্ষেপ হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা অতিৰিক্তভাৱে ৬.৩৬ লাখ বৃদ্ধিৰ লগতে প্রতি পৰিয়াললৈ আগবঢ়োৱা মাহিলি সাহায্যৰ পৰিমাণ ৮৩০ টকাৰ পৰা এহাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে৷ ভূমিহীন লোকৰ সমস্যা লাঘৱ কৰিবলৈ ৰাজ্য চৰকাৰে যোগ্য লোকক বর্তমানে চলিত একচনীয়া পট্টা দিয়াৰ ব্যৱস্থাৰ পৰিৱর্তে ম্যাদী পট্টা দিয়াৰ ব্যৱস্থা কৰিছে৷ তেল খননৰ বাবে অধিগ্রহণ কৰা ভূমিৰ বিপৰীতে সর্বাধিক হাৰত ক্ষতিপূৰণ দিয়া হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷ চৰকাৰৰ ১০০ দিনীয়া কার্যকালৰ সময়তে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে উত্তীর্ণ সকলো শিক্ষার্থীয়ে যাতে নামভর্তি কৰিব পাৰে, তাৰো ‘ৰোড মেপ’ প্রস্তুত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ জানিবলৈ দিয়া মতে, মুখ্যমন্ত্রীৰ নেতৃত্বত ৰাজ্যিক শিক্ষা আয়োগ গঠন কৰাৰ লগতে শিক্ষামন্ত্রীৰ নেতৃত্বত বিদ্যালয় শিক্ষা কর্তৃত্বশীল সমন্বয়ৰক্ষী সমিতি আৰু উচ্চ শিক্ষা কর্তৃত্বশীল সমন্বয়ৰক্ষী সমিতি গঠন কৰা হৈছে৷

সেইদৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আইনত কেবিনেটে অনুমোদন জনোৱাৰ লগে লগে এই শিক্ষানুষ্ঠানকেইখনৰ্ কাম–কাজ আৰম্ভৰ পথ মুকলি হৈছে৷ সুস্বাস্থ্যৰ নিশ্চিতিৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত এডভান্সড ‘টম’ থেৰাপী আৰু ট্রু বিম লিনিয়াৰ এক্সেলেৰেট’ৰ সা–সুবিধাযুক্ত নতুন ৰেডি’ থেৰাপী ইউনিট মুকলি কৰা হৈছে৷ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নির্মাণকার্য প্রায় সম্পূর্ণ হৈছে আৰু নামভর্তিৰ বাবে ৰাষ্ট্রীয় চিকিৎসা আয়োগৰ অনুমতি বিচৰা হৈছে৷ বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য আৰম্ভ হৈছে৷ বাজেটত কৰা ঘোষণা অনুসৰি মৰিগাঁও, ধেমাজি, গোলাঘাট, বঙাইগাঁও আৰু তামুলপুৰত নির্মাণ হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয় ৫খনৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হৈছে৷ মৰিগাঁও আৰু ধেমাজি চিকিৎসালয় নির্মাণৰ বাবেও ইতিমধ্যে ভূমি চিনাক্ত কৰা হৈছে৷ অটল অমৃত অভিযান আৰু আয়ুস্মান ভাৰত–প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত বিগত ১০০ দিনত ক্রমে ৫,৪০২গৰাকী আৰু ১,৮১১গৰাকী হিতাধিকাৰীক নগদবিহীন চিকিৎসাৰ সুবিধা প্রদান কৰা হৈছে৷ প্রশাসনীয় সংস্কাৰৰ ক্ষেত্রত বর্তমানৰ চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে৷

নগৰীয়া বিকাশৰ ত্বৰান্বিত গতি সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই বিধানসভাত অসম ভাৰাতীয় বিধেয়ক ২০২১ আৰু পঞ্জীয়ন (অসম সংশোধন) বিধেয়ক গৃহীত কৰা বুলি মন্তব্য কৰি কয় যে পি এম এ ৱাই–এইচ এফ এ (নগৰ)ৰ হিতাধিকাৰীৰ ভিত্তিত নির্মাণ অংশৰ অধীনত ১৭,৩৭২গৰাকী হিতাধিকাৰীলৈ ১২৬.০৬ কোটি টকা মুকলি কৰি দিয়া হৈছে৷ এটা বহুমূলীয়া কাৰ পার্কিঙৰ লগতে গুৱাহাটীত তিনিখন ফুট অভাৰ ব্রিজৰ নির্মাণকার্য সম্পূর্ণ কৰা হৈছে৷ গুৱাহাটীৰ হেঙেৰাবাৰী, পুৰণি গুৱাহাটী কাৰাগাৰ আৰু মালিগাঁৱত তিনিখন নতুন উদ্যান নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ বিদ্যুৎ সংযোগ ব্যৱস্থা সুশৃংখলিত কৰাৰ পদক্ষেপ হিচাপে সমগ্র ৰাজ্যতে ব্যাপক নিৰীক্ষণ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইয়াৰ ফলত বিগত জুলাই মাহত এ পি ডি চি এলে সর্বাধিক ৭৩৫.১৬ কোটি টকাৰ ৰাজহ আহৰণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ কৃষিখণ্ডৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই ধান ক্রয়ৰ বাবে চৰকাৰে গ্রহণ কৰা অভিলাষী পদক্ষেপৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে ধান ক্রয় ব্যৱস্থাটোক নতুন ৰূপ দিয়াৰ উদ্দেশ্যে চৰকাৰে বাজেটত নিজৰ পুঁজি আবণ্টন দিয়াৰ উপৰি ভাৰতীয় খাদ্য নিগম (এফ চি আই)ৰ লগত নিৰন্তৰ কাম কৰিব৷ অহা বছৰ ৬ লাখ মেট্রিকটন ধান ক্রয়ৰ অভিলাষী আঁচনি আমি হাতত লৈছোঁ৷ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ খণ্ডৰ অধীনত গৰুখুঁটিত এক বৃহৎ চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰা হৈছে৷ অধিক ফচলৰ বাবে স্থানীয় সম্প্রদায়ক জড়িত কৰি এই ভূমিত অর্থকৰী শস্য উৎপাদন কৰাৰ এক প্রকল্প ৰূপায়ণ কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে৷

জলসম্পদ বিভাগে ৰাজ্যৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ বাবে নিষ্ঠাৰে কাম কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ সেইদৰে উদ্যোগ খণ্ডৰ বিকাশৰ ক্ষেত্রত তেওঁ কয় যে হাইড্র’কার্বন ইন্ধনৰ বিকল্প হিচাপে ইথানল ব্যৱহাৰৰ বাবে ইয়াৰ প্রস্তুতকাৰীসকলক উদগনি যোগাবলৈ দেশৰ ভিতৰতে অন্যতম ৰাজ্য হিচাপে অসমে ইথানল নীতিত অনুমোদন জনাইছে৷ ৰাজ্যখনৰ অর্থডক্স আৰু বিশেষ চাহৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি, ২০২০ যুগুত কৰা হৈছে৷ উদ্যোগ খণ্ডটোত কেইবাটাও বিনিয়োগৰ প্রাৰম্ভিক পদক্ষেপ লোৱা হৈছে৷ যোৱা তিনিটা মাহত অসমৰ বিত্তীয় শক্তি বাঢ়িছে৷ ভাৰতৰ ভিতৰতে বিত্তীয় দিশৰ পৰা শক্তিশালী এখন ৰাজ্য হিচাপে আমি থিয় হৈ আছোঁ৷ টকিঅ’ অলিম্পিকত পদক অর্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ প্রসংগ তেওঁ উল্লেখ কৰে৷

এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ যুৱ প্রজন্মক ক্রীড়াৰ দিশত অনুপ্রাণিত কৰাৰ বাবে অলিম্পিকত প্রথমবাৰৰ বাবে অসমৰ পৰা পদক অর্জন কৰা লাভলীনা বৰগোহাঁইক এক কোটি টকা প্রদান কৰা হৈছে৷ পৰৱর্তী পেৰিছ অলিম্পিকৰ বাবে প্রস্তুতি চলোৱাত সহায়ক হোৱাকৈ তেওঁক প্রতিমাহে এক লাখ টকাকৈ আগবঢ়োৱা হ’ব৷ তদুপৰি লাভলীনা বৰগোহাঁইৰ নামেৰে গুৱাহাটী মহানগৰীৰ এটা পথ নামকৰণ কৰাৰ লগতে তেওঁৰ গৃহ জিলা সৰুপথাৰত ২৫ কোটি টকা ব্যয় সাপেক্ষে এখন ষ্টেডিয়াম স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ জানিবলৈ দিয়া মতে, চন্দ্রপুৰত এখন ষ্টেডিয়াম নির্মাণ কৰাৰ লগতে জিলা পর্যায়ৰ ১০টা ক্রীড়া প্রকল্প আৰু ৫০টা সমষ্টিত ক্রীড়া প্রকল্প নির্মাণ কৰা হ’ব৷ সেইদৰে অলিম্পিক, এছিয়ান গেমছ, কমনৱেল্থ গেমছ আৰু ৰাষ্ট্রীয় ক্রীড়াত পদক লাভ কৰা সকলো খেলুৱৈলৈ ক্রীড়া পেন্সন প্রদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ তিনি ছেপ্ঢেম্বৰ অর্থাৎ অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি এতিয়াৰে পৰা এই দিনটোত ক্রীড়া পেন্সন প্রদান কৰা হ’ব৷ চলিত বর্ষত চৰকাৰৰ এই সিদ্ধান্তত ৩০৪গৰাকী খেলুৱৈ উপকৃত হ’ব৷ পর্যটনৰ প্রসাৰ, ঐতিহ্যৰ সুৰক্ষা, আৰক্ষী ব্যৱস্থাৰ উন্নীতকৰণ আদি বিষয়ত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে তেওঁ উল্লেখ কৰে৷

বিশেষকৈ ‘এগ্র’ ফৰেষ্ট্রি ডিপার্টমেণ্ট’ নামেৰে এটা পৃথক বিভাগ খোলাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমান সম্প্রদায়ৰ সবলীকৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে উপযুক্ত পৰিকল্পনা প্রস্তুত আৰু ৰূপায়ণৰ উদ্দেশ্যে থলুৱা মুছলমান সম্প্রদায়ৰ প্রতিনিধিৰ অন্তর্ভুক্তিকৰণেৰে ৮টা উপগোট গঠন কৰিছে৷ তদুপৰি নিষ্ঠাৰ স্বীকৃতি স্বৰূপে চৰকাৰী কর্মচাৰী আৰু পেন্সনাৰসকলক ১১ শতাংশ অতিৰিক্ত মৰগীয়া বানচ প্রদানৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্ত সন্দর্ভত মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ ফলত মাহিলি অতিৰিক্তভাৱে ১৯৫ কোটি টকা ব্যয় হ’ব৷ চৰকাৰী সেৱাত প্রদর্শন কৰা দক্ষতাৰ ভিত্তিত ৰাজ্য চৰকাৰে প্রতিখন জিলাৰ ৫গৰাকীকৈ ৰাজপত্রিত আৰু অ–ৰাজপত্রিত কর্মচাৰীক বঁটা প্রদান কৰিব৷ একেদৰে প্রতিবছৰে শ্রেষ্ঠ কর্মচাৰী হিচাপে ৰাজ্যিক পর্যায়ত ১০গৰাকীকৈ ৰাজপত্রিত আৰু অ–ৰাজপত্রিত কর্মচাৰীক বঁটা প্রদান কৰা হ’ব৷ এনেদৰে বঁটাপ্রাপক প্রতিগৰাকী কর্মচাৰীৰ চাকৰিৰ কার্যকাল বৃদ্ধি কৰা হ’ব এবছৰলৈ৷ নতুন কর্মচাৰীৰ দৰমহা প্রাপ্তিৰ প্রক্রিায়টো সৰলীকৰণ কৰা হৈছে৷ প্রশাসনিক বিভাগসমূহে এই কর্মচাৰীসকলৰ দা– দৰমহাৰ বিষয়টো পোনপটীয়াকৈ কোষাগাৰলৈ প্রেৰণ কৰিব পাৰিব৷ যোৱা ১১০টা দিনত অভিলেখসংখ্যক ৫,৪২৯টাতকৈও অধিক নিষ্পত্তি নোহোৱাকৈ থকা পেন্সনৰ কাম ক্ষিপ্রতাৰে নিষ্পত্তি কৰা হৈছে৷ উল্লেখ্য যে আজিৰ সংবাদ মেলত মিত্রজোঁটৰ অংশীদাৰ অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰা, ইউ পি পি এলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্রী, মুখ্য সচিব জিষ্ণু বৰুৱাকে ধৰি শীর্ষ বিষয়াবর্গ উপস্থিত আছিল৷

You might also like