নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা অভিযন্তাক যৌন নির্যাতনঃ এনআৰএলৰ পাষণ্ড উপ মহাপ্রবন্ধকক গুৱাহাটীত গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: অৱশেষত গ্রেপ্তাৰ হ’ল নুমলীগড় শোধনাগাৰৰ উপ–মহাপ্রবন্ধক নীহাৰপ্রসাদ শর্মা৷ যোৱা মাহৰে ১৯ জুলাইত কামৰ অজুহাতত নিজা বাসগৃহলৈ এগৰাকী নৱনিযুক্ত মহিলা অভিযন্তাক মাতি নি নিচাযুক্ত ঔষধ খুৱাই অচেতন কৰি নির্যাতন চলোৱা বুলি অভিযোগ উঠিছিল নীহাৰপ্রসাদ শর্মাৰ বিৰুদ্ধে৷

ভুক্তভোগী মহিলাগৰাকীয়ে উইমেন ইন পেট্ৰ’লিয়াম ছেক্টৰ এন আৰ এলত পাঁচ পৃষ্ঠাজোৰা এক লিখিত অভিযোগ দাখিল কৰিছিল যদিও মহিলাগৰাকীৰ অভিযোগৰ প্রতি কোনো গুৰুত্বই দিয়া নাছিল শোধনাগাৰৰ মহিলাৰ অধিকাৰ তথা নিৰাপত্তা নিশ্চিতৰ দায়িত্বত থকা শাখাটোৱে৷

অভিযোগ পায়ো মহিলাগৰাকীৰ ন্যায়ৰ ক্ষেত্রত একো ব্যৱস্থা গ্রহণ নকৰিলে শোধনাগাৰৰ আভ্যন্তৰীণ অভিযোগ সমিতিয়ে৷ থানাত এজাহাৰ দিবলৈ পৰামর্শ দিয়েই দায়িত্ব সামৰিছিল সেই সমিতিয়ে৷ সকলো জানিও ঊর্ধ্বতন কর্তৃপক্ষয়ো অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈহে চেষ্টা কৰা দেখা যায়৷ ইয়াৰ পাছত শোধনাগাৰ বিষয়া সন্থাই এক সাহসী স্থিতি গ্রহণ কৰি এখন পত্রৰে শোধনাগাৰৰ পৰিচালন সঞ্চালকক অভিযুক্ত নীহাৰপ্রসাদ শর্মাৰ ওপৰত ব্যৱস্থা গ্রহণ কৰিবলৈ তীব্র চাপ দিয়ে৷ ভুক্তভোগী মহিলাগৰাকীৰ মানসিক স্থিতিৰ প্রতি লক্ষ্য ৰাখি অভিযুক্তৰ বিৰুদ্ধে শোধনাগাৰ কর্তৃপক্ষই নিজাববীয়াকৈ থানাত এফ আই আৰ দিয়া উচিত বুলিও শোধনাগাৰ বিষয়া সন্থাই মতামত দিয়ে৷

শোধনাগাৰৰ বিষয়া সন্থাৰ সাহসী স্থিতিৰ পাছত ভুক্তভোগী মহিলাগৰাকীয়ে কালি ১৯ আগষ্টত নুমলীগড আৰক্ষী চকীত শোধনাগাৰৰ উপ–মহাপ্রবন্ধক নীহাৰপ্রসাদ শর্মাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে৷ নুমলীগড় আৰক্ষীয়েও বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ক/৩৭৬ ধাৰাত ৮১৩/২১ নম্বৰৰ গোচৰ লৈ তদন্ত আৰম্ভ কৰে৷

ইফালে বিপদৰ উমান পাই অভিযুক্ত নীহাৰপ্রসাদ শর্মাই পলায়ন কৰে৷ আৰক্ষীয়েও তৎপৰতাৰে অভিযান আৰম্ভ কৰে আৰু অৱশেষত যোৱানিশা গোলাঘাটৰ পৰা যোৱা আৰক্ষীৰ দল এটাই গুৱাহাটীৰ বি বৰুৱা পথস্থিত নিজা বাসগৃহৰ পৰা অভিযুক্ত নীহাৰপ্রসাদ শর্মাক গ্রেপ্তাৰ কৰে৷ গোলাঘাটলৈ আনি সম্প্রতি অভিযুক্ত শর্মাক জেৰা কৰি আছে গোলাঘাটৰ আৰক্ষীয়ে৷

You might also like