নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: আয়কৰ জমা দিয়াৰ বাবে প্রস্তুত হোৱা ই–প’র্টেলত কিয় দীর্ঘদিন ধৰি বিসংগতি আছে এই বিষয়ে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে তলব কৰিছে ইনফ’ছিছৰ মুখ্য কার্যবাহী তথা পৰিচালন সঞ্চালক সলিল পাৰেখক৷ ই–প’র্টেল আৰম্ভ হোৱাৰ আঢ়ৈ মাহৰ পিছতো ইয়াৰ বিসংগতি দূৰ হোৱা নাই৷ গতিকে এই বিষয়ত ইনফ’ছিছৰ মুৰব্বী পাৰেখক জবাবদিহি কৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷
লক্ষণীয়ভাৱে ২১ আগষ্টৰ পৰা সম্পূর্ণৰূপে বন্ধ হৈ আছে ই–প’র্টেল৷ ইয়াৰ পূর্বেও ই–প’র্টেলৰ কাম–কাজক লৈ ক্ষোভ উজাৰিছিল বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ স্মর্তব্য যে ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত ই–প’র্টেল বনোৱাৰ বাবে কেন্দ্রীয় চৰকাৰে আদায় দিছে ১৬৪ কোটি টকা৷