“সকলোতকৈ বেয়া চাহ পোৱা যায়”- কিন্তু কিয় এই চাহ দোকান বিখ্যাত?
শ্বেক্ছপীয়েৰৰ এটা অতি বিখ্যাত উক্তি হৈছে, ‘What is in the name?’ অৰ্থাৎ নামটোত কি আছে। কিন্তু দেখা যায় যে যদি কাৰোবাৰ নাম বিখ্যাত হয়, ই এক অতি গুৰুত্বপূৰ্ণ মৰ্যাদা পায়। অৱশ্যে কুখ্যাতিৰো এটা নাম আছে যাৰবাবে বহুতো লোকে বিপণনত ইয়াৰ আশ্ৰয় লয়। তেনেদৰে বহু ব্যৱসায়ীয়ে তেওঁলোকৰ প্ৰতিষ্ঠানখন জনপ্ৰিয় কৰি তুলিবলৈ এটা বেয়া নামৰো আশ্ৰয় লোৱা দেখা যায়। যাৰ বাবে মানুহৰ মাজত সেই বেয়া নামটোৰেই চিনাকী হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠানখন।
আপুনি জানি আচৰিত হ’ব যে মধ্যপ্ৰদেশৰ ইন্দোৰত এনে এখন চাহৰ দোকান আছে, যি সকলোৰে মাজত জনপ্ৰিয়। কিন্তু সেই দোকানখনৰ নাম ৰখা হৈছে ‘kharab chai of indore’।
এই দোকানখনে গ্ৰাহকক আকৰ্ষণৰ বাবেই বেয়া চাহ পাব বুলি গ্ৰাহকক আকৰ্ষিত কৰিব বিচাৰিছে।
দোকানখন নামৰ বাবে নহয়, বিভিন্ন ধৰণৰ চাহৰ বাবেহে বিখ্যাত-
এই দোকানখনৰ বিশেষত্ব হৈছে ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ চাহ পোৱা যায়। ইপিনে এই দোকানৰ সকলোতকৈ ব্যয়বহুল চাহকাপৰ নাম ৰখা হৈছে ‘আটাইতকৈ বেয়া চাহ'( ‘सबसे खराब चाय’)।