বদৰপুৰত আৰক্ষীৰ গুলীত নিহত দুর্ধর্ষ অপৰাধী
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: বদৰপুৰত আৰক্ষীৰ গুলীত নিহত হয় নুৰুল ইছলাম নামৰ এক অস্ত্র সৰবৰাহকাৰী৷ সোমবাৰে পেন পিষ্টলসহ মুঠ পাঁচটা পিষ্টলৰ সৈতে বদৰপুৰ আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত গ্রেপ্তাৰ হৈছিল পাথাৰকান্দিৰ নুৰুল ইছলাম আৰু নাগালেণ্ডৰ এইচ লিয়াং খিয়ামন নামৰ যুৱকজন৷
জানিব পৰা মতে, কালি নিশা আৰক্ষীয়ে নুৰুলক লৈ বদৰপুৰৰ নিৰালা অঞ্চলত অস্ত্রৰ সন্ধানত অভিযান চলাওঁতেই অপৰাধীটোৱে আৰক্ষীক আক্রমণ কৰি পলাবলৈ চেষ্টা কৰে৷ পিছত বাধ্য হৈ আৰক্ষীয়ে নুৰুলক লক্ষ্য কৰি গুলীচালনা কৰাত মৃত্যু হয় নুৰুলৰ৷
উল্লেখ্য যে কালি পেন পিষ্টলসহ পাঁচটা পিষ্টল উদ্ধাৰৰ সময়ত গ্রেপ্তাৰ হোৱা নাগালেণ্ডৰ যুৱক এইচ লিয়াং খিয়ামনৰ ঘৰ তুৱেনছাং জিলাৰ পুৰণি হাস্পতাল ৰোডত৷ তদুপৰি এনকাউণ্টাৰত নিহত নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ লামাৰগাঁৱত৷ আৰক্ষী সূত্রই দাবী কৰা মতে দুর্ধর্ষ অপৰাধী নুৰুলে কালি নিশা নিৰালাত লুকুৱাই থোৱা অস্ত্র দেখুৱাবলৈ নিয়াৰ সময়ত এজন আৰক্ষী জোৱানৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীৰ দললৈ গুলীচালনা কৰে৷ প্রত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰাত থিতাতে নিহত হয় নুৰুল৷