নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত অর্থনৈতিক স্থবিৰতাৰ চিকাৰ কেঁচুৱা; ভাৰতত ২০২০ত অতিৰিক্তভাৱে ৯৯,৬৪২ৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: ক’ভিড–১৯ মহামাৰীৰ ফলত অর্থনৈতিক ক্ষেত্রলৈ নামি অহা স্থবিৰতাই কাল হৈ পৰিছে বহু নৱজাতৰ বাবে৷ বিশ্ব বেংকৰ গৱেষকসকলে চলোৱা এক অধ্যয়ন অনুসৰি ২০২০ চনত বিশ্বজুৰি বৃদ্ধি পোৱা নৱজাতক তথা কেঁচুৱাৰ মৃত্যুৰ এক তৃতীয়াংশতকৈ বেছি ভাৰতৰ৷ অনলাইন জার্নাল বি এম জে অ’পেনত প্রকাশ পাইছে এই অধ্যয়নৰ প্রতিবেদন৷

লক্ষণীয়ভাৱে অর্থনৈতিক ক্ষেত্রত বৃদ্ধিৰ হাৰ মন্থৰ হৈ পৰাৰ ফলত ২০২০ চনত নিম্ন তথা মজলীয়া আয়ৰ দেশসমূহত অতিৰিক্তভাৱে ২,৬৭,২০৮টা কেঁচুৱাৰ মৃত্যু হৈছে৷ এই অতিৰিক্তভাৱে মৃত্যু হোৱা শিশুৰ গৰিষ্ঠসংখ্যক হৈছে দক্ষিণ এছিয়াৰ আঠখন দেশত৷ ভাৰতত অতিৰিক্তভাৱে ৯৯ হাজাৰ ৬৪২টা কেঁচুৱাৰ মৃত্যু হৈছে ক’ভিড মহামাৰীৰ সময়ত অর্থনৈতিক স্থবিৰতাৰ বাবে৷

You might also like