নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্মাদ প্রেমিকৰ নৃশংসতাৰ বলিঃ মৃত্যুৰ ওচৰত হাৰ মানিলে ধেমাজিৰ দুর্ভগীয়া নন্দিতাই; ধেমাজিত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা, ২৬ আগষ্ট: অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল কলেজৰ ছাত্রী নন্দিতা শইকীয়াই৷ বুধবাৰে দুপৰীয়া প্রায় ১.১৫ বজাত ছাত্রীগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰিলে ডিব্রুগড়ৰ ব্রহ্মপুত্র হাস্পতালৰ চিকিৎসকে৷

ডিব্রুগড়স্থিত ব্রহ্মপুত্র নার্ছিং হোমত অতি সংকটজনক অৱস্থাত যোৱা ২১ আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল ধেমাজিৰ মৰিধল কলেজৰ কলা শাখাৰ তৃতীয় ষাণ্মাসিকৰ স্নাতক ছাত্রী নন্দিতা শইকীয়া৷ উক্ত মহাবিদ্যালয়ৰে ৰিণ্টু শর্মা নামৰ এগৰাকী কর্মচাৰীয়ে অতি নিষ্ঠুৰভাৱে দাৰে মূৰত ঘাপ মৰাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ ডিব্রুগড ব্রহ্মপুত্র নার্ছিং হোমৰ আই চি ইউত (ভেণ্টিলেটৰ) সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি যুঁজি আজি হাৰ মানিলে প্রতিভাসম্পন্ন ছাত্রী নন্দিতা শইকীয়াই৷ছাত্রীগৰাকীৰ প্রাণৰক্ষা কৰিবলৈ এটি পাঁচজনীয়া চিকিৎসকৰ দল, নার্ছকে ধৰি সকলোৱে আপ্রাণ প্রচেষ্টা চলায়ো অৱশেষত কালি দুপৰীয়া নিয়তিৰ কোলাত তুলি দিবলগীয়া হয়৷

ছাত্রীগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে চিকিৎসালয়খনত কান্দোনৰ ৰোল উঠে৷ সহপাঠী, শিক্ষাগুৰু, আছুৰ বিষয়ববীয়া সকলো শোকত ভাগি পৰা দেখা গ’ল৷শোকত ভাগি পৰিল দুর্ভগীয়া পিতৃ, জ্যেষ্ঠ ভাতৃ, মিতিৰ–কুটুম তথা উপস্থিত থকা সকলো ছাত্র–ছাত্রী৷ নিজ কন্যাৰ মৃত্যুৰ বতৰা পাই একপ্রকাৰ সংজ্ঞাহীন হৈ পৰিছিল পিতৃ৷এগৰাকী পিতৃৰ উচুপনিত সাত্ব্ন্না দিবলৈকো যেন সেই সময়ত কাৰোৰে সাহস নহ’ল৷ সমগ্র পৰিৱেশেই যেন অসহনীয়, বেদনাসিক্ত হৈ ৰ’ল৷

চিকিৎসকে মৃত্যু হোৱা বুলি আৰক্ষীক অৱগত কৰাত এগৰাকী দণ্ডাধীশসহ আৰক্ষীৰ দল ব্রহ্মপুত্র হাস্পতালত উপস্থিত হৈ নন্দিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ বিয়লি মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ ঢকুৱাখনাৰ নিজ গাঁৱলৈ লৈ যোৱা হয়৷

উল্লেখ্য যে যোৱা ২১ আগষ্টৰ বিয়লি প্রায় ৪ বজাত ধেমাজি চহৰৰ মাজমজিয়াত সংঘটিত এক লোমহর্ষক জঘন্য হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্র ৰাজ্য৷ ধেমাজি সদৰ থানাৰ পৰা প্রায় এশ মিটাৰ দূৰত্বৰ এ এছ টি চি বাছ আস্থানৰ সমীপৰ ড্রাগ্ হাউছ নামৰ ফার্মাচীখনৰ সন্মুখত মৰিধল কলেজৰ কর্মচাৰী ৰিণ্টু শর্মাই কলজৰে ছাত্রী নন্দিতা শইকীয়া, কাস্মিনা দত্ত আৰু কাস্মিনাৰ পিতৃক চোকা দাৰে মূৰ–পিঠিত উপর্যুপৰি ঘপিয়াই আক্রমণ কৰিছিল৷

ঘটনাত কাস্মিনা আৰু তেওঁৰ পিতৃ আঘাতপ্রাপ্ত হোৱাৰ লগতে নন্দিতাৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল৷ ঘটনা সংঘটিত কৰিয়েই উন্মাদ যুৱক ৰিণ্টু শর্মাই হাতত উদ্যত দাখন লৈ নগৰৰ মাজমজিয়াৰ এঘৰৰ বাৰীৰ গছৰ তলত আশ্রয় লৈছিল৷ পিছত আৰক্ষীয়ে ৰাইজৰ সহযোগত উন্মাদ ৰিণ্টু শর্মাক আটক কৰে৷

উল্লেখ কৰা ভাল যে হত্যা কৰি একপ্রকাৰ উন্মাদ হৈ পৰা যুৱক ৰিণ্টু শর্মায়ো লগত থকা দাখনেৰে আত্মহত্যাৰ প্রচেষ্টা চলাইছিল৷

জানিব পৰা মতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত স্নাতক ছেমিষ্টাৰ পৰীক্ষাৰ বাবে মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুয়োগৰাকী ছাত্রীয়ে অনলাইন পৰীক্ষাত মহাবিদ্যালয়খনত অৱতীর্ণ হৈছিল৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৱ কাঠবাৰী গাঁৱৰ নন্দিতা শইকীয়া আৰু ভগামুখ গাঁৱৰ কাস্মিনা দত্তই পৰীক্ষাৰ উত্তৰবহী মহাবিদ্যালয়ত জমা দি একেখন মটৰচাইকেলত ধেমাজি অভিমুখে আহি আছিল৷ ধেমাজি নগৰত উপস্থিত হৈ একাপ চাহ খাবৰ বাবে উক্ত স্থানত ৰোৱা মাত্রকে স্কুটীৰে অনুসৰণ কৰি অহা ৰিণ্টু শর্মাই দাৰে হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিছিল৷

মৰিধল মহাবিদ্যালয়ত লাইব্রেৰী বিভাগৰ কর্মচাৰী তথা মৰিধল ২নং নগাঁও গণক গাঁৱৰ যুৱক ৰিণ্টু শর্মাই প্রণয়জনিত সংঘাতৰ কাৰণেই এনে বর্বৰ ঘটনা সংঘটিত কৰিছিল বুলি সর্বত্র ব্যাপক চর্চালৈ আহিছিল৷

ইফালে, যোৱা ২১ আগষ্টৰ পৰা ডিব্রুগড়স্থিত ব্রহ্মপুত্র নার্ছিং হোমত চিকিৎসাধীন হৈ থকা নন্দিতা শইকীয়াৰ সকলো চিকিৎসাৰ খৰচ ৰেহাই দিয়া বুলি চিকিৎসালয়খনৰ স্বত্বাধিকাৰ হাফিজুৰ ৰহমানে (মুন্না) জানিবলৈ দিয়ে৷

ধেমাজিত শোকৰ ছাঁঃ হত্যাকাৰী ৰিণ্টু শর্মাক ফাঁচিৰ দাবী মহাবিদ্যালয়–ছাত্র সংগঠনৰ শেষ শ্রদ্ধাঞ্জলি, কান্দোনত ভাগি পৰিল নন্দিতাৰ শিক্ষয়িত্রী

  নন্দিতাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র ধেমাজি জিলাতে গভীৰ শোকৰ ছাঁ পৰিছে৷ নন্দিতাই পঢ়া মৰিধল মহাবিদ্যালয়ৰ পৰিয়ালে মহাবিদ্যালয়খনৰ হিন্দী বিভাগৰ স্নাতক বর্ষৰ মেধাৱী ছাত্রীগৰাকী মহাবিদ্যালয়ৰে লাইব্রেৰী বিভাগৰ বীয়াৰৰ তথা চতুর্থবর্গৰ কর্মচাৰী ৰিণ্টু শর্মাৰ নৃশংস আক্রমণৰ বলি হৈ মৃত্যু হোৱাত শোকস্তব্ধ হৈ পৰে৷ নন্দিতাৰ হিন্দী বিভাগৰ শিক্ষয়িত্রী ড০ জোনালী বৰুৱাই শ্রেণীটোৰ ভিতৰতে চতুর্থ ষাণ্মাসিকত সর্বোচ্চ নম্বৰ লাভ কৰা অমায়িক স্বভাৱৰ প্রিয় ছাত্রীগৰাকীৰ মৃত্যুত কান্দোনত ভাগি পৰে৷ এই অপমৃত্যু অসহনীয়–মর্র্মন্তুদ্ বুলি উল্লেখ কৰি হত্যাকাৰীৰ কঠোৰতম শাস্তিৰ দাবী জনায়৷

মহাবিদ্যালয়ৰ শিক্ষক–কর্মচাৰী গোট, ছাত্র একতা সভাই নন্দিতাৰ হত্যাকাৰীক শীঘ্র শাস্তিৰ দাবী জনায়৷ নিশংস হত্যাৰ বলি হোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়াৰ মৃত্যুত ধেমাজিৰ বিভিন্ন দল–সংগঠনে গভীৰ শোক প্রকাশ কৰি হত্যাকাৰী ৰিণ্টু শর্মাৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে৷ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শর্মা, সম্পাদক কল্যাণ গগৈয়ে নন্দিতাৰ অপমৃত্যুত গভীৰ দুখ প্রকাশ কৰি নৰপিশাচ হত্যাকাৰী ৰিণ্টু শর্মাৰ ফাঁচিৰ দাবী জনাই সমগ্র হত্যাকাণ্ডৰ চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্রতাৰে বিচাৰ কৰি শাস্তিৰ দাবী জনায়৷ জঘন্য হত্যাৰ বলি হোৱা নন্দিতাৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি–সম্পাদক জ্ঞান শর্মা আৰু বিষ্ণু শর্মাই নন্দিতাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি হত্যাকাৰী ৰিণ্টু শর্মাক ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্র বিচাৰৰ জৰিয়তে ফাঁচি দি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়৷

অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহঁাই, ধেমাজিৰ বিশিষ্ট সমাজ–সাংস্কৃতিক–ব্যক্তি নিপ কোঁৱৰ, ধেমাজি ব্যৱসায়ী সন্থা, ধেমাজি জিলা বিজেপিৰ সভাপতি প্রেম দত্ত, ধেমাজি জিলা বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী পুষ্পাঞ্জলি বৰগোহঁাই, আটাছুৰ ধেমাজি জিলা সমিতি, টি এম পি কে, অসম জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্র মুক্তি সংগ্রাম সমিতি, অসম কলেজ শিক্ষক সন্থাৰ ধেমাজি–ঢকুৱাখনা জ’নৰ সভাপতি দ্বিপেন দত্ত আৰু সম্পাদক ব্রজেন বৰা, ধেমাজি জিলা সাংবাদিক সংস্থা, ধেমাজি প্রেছ ক্লাব, ধেমাজি সাহিত্য সভা আদি বিভিন্ন দল–সংগঠনে ধেমাজি নগৰৰ মাজমজিয়াত নৃশংসতাৰ বলি হৈ মৃত্যু হোৱা মৰিধল মহাবিদ্যালয়ৰ ছাত্রী তথা ঢকুৱাখনাৰ কাঠবাৰী গাঁৱৰ ২১ বছৰীয়া যুৱতী নন্দিতা শইকীয়াৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জনাই হত্যাকাৰী ৰিণ্টু শর্মাৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি কঠোৰতম শাস্তিৰ দাবী জনাইছে৷

You might also like