পঞ্জশীৰত তালিবানক প্রত্যাহ্বান
তালিবানে পুনৰ আফগানিস্তান দখল কৰাৰ সময়তে আন্তর্জাতিক সম্প্রদায়ৰ নজৰ পৰিছে দেশখনৰ দুর্গম হিন্দুকুশ পাহাৰৰ পঞ্জশীৰত৷ এই পঞ্জশীৰত তালিবানৰ বিৰুদ্ধে মূৰ দাঙি উঠিছে কেইবাদশক ধৰি হাৰ নমনা টাজিক সম্প্রদায়ৰ যোদ্ধাসকলে৷ পঞ্জশীৰ হৈছে বহিৰাগত যোদ্ধাৰ বধ্যভূমি৷ আজিলৈকে আফগানিস্তানৰ ইতিহাসত কোনো বহিৰাগত শক্তিয়ে পঞ্জশীৰক বশ কৰিবলৈ সক্ষম হোৱা নাই৷ আফগানিস্তানত কেতিয়াবা ৰুছ, কেতিয়াবা ব্রিটিছ, কেতিয়াবা আকৌ পাখতুন প্রধান তালিবানৰ দখলদাৰীৰ ইতিবৃত্ত আছে৷ কিন্তু পঞ্জশীৰ সদায় ইয়াৰ ব্যতিক্রম৷ কোনেও বশ কৰিব পৰা নাই পঞ্জশীৰৰ বীৰ যোদ্ধাসকলক৷ আজিও হিন্দুকুশৰ এই দুর্গম অঞ্চলত বীৰগাথা শুনা যায় আহমাদ শ্বাহ মাছুদৰ৷ ২০০১ চনত আল–কায়দাই আমেৰিকাত সন্ত্রাসবাদী আক্রমণ চলোৱাৰ মাত্র কেইদিনমান পূর্বে কুখ্যাত ইছলামিক সন্ত্রাসবাদী নেটৱর্কটোৰ ঘাতকে সাংবাদিকৰ বেশ ধৰি পঞ্জশীৰত হত্যা কৰিছিল আহমাদ শ্বাহ মাছুদক৷ মাছুদৰ হত্যা আছিল তাজিক সম্প্রদায়ৰ লোকসকলৰ বাবে এক ট্রেজেদী৷ সেই পঞ্জশীৰতে পুনৰ তালিবানৰ বিৰুদ্ধে আৰম্ভ হৈছে প্রতিৰোধ যুদ্ধ৷ এইবাৰ এই যুদ্ধৰ নায়ক আহমাদ শ্বাহ মাছুদৰ পুত্র ৩২ বছৰীয়া আহমাদ মাছুদ৷ প্রথম শাৰীৰ পৰাই তালিবানক প্রতিৰোধ কৰাৰ বাবে হাতত কালাছনিকভ বন্দুক লৈ থিয় দিছে আহমাদ মাছুদে৷ প্রশ্ণ হৈছে– তালিবানক প্রতিৰোধ কৰিব পাৰিবনে আহমাদ মাছুদে৷ মাছুদৰ সৈতে এই যুদ্ধত অংশগ্রহণ কৰিছে আশ্রাফ ঘানি চৰকাৰৰ উপ–ৰাষ্ট্রপতি আমৰুল্লাহ ছালেহে৷ দুয়োজনৰে দাবী– তালিবানে পঞ্জশীৰ কেতিয়াও দখল কৰিব নোৱাৰে৷ তালিবানৰ ওচৰত শিৰনত নকৰে বুলি ইতিমধ্যে দুই যোদ্ধাই ঘোষণা কৰিছে৷ কিংবদন্তি আহমাদ শ্বাহ মাছুদৰ ছয় সন্তানৰ আটাইতকৈ জ্যেষ্ঠজনেই হৈছে আহমাদ মাছুদ৷ আল–কায়দাই পিতৃক হত্যা কৰাৰ সময়ত আহমাদ মাছুদৰ বয়স আছিল ১২ বছৰ৷ এই যুদ্ধত অৱশ্যে আহমাদ মাছুদ আৰু ছালেহেই মূল যোদ্ধা নহয়৷ তালিবানৰ গতি ৰুদ্ধ কৰিবলৈ এই যুদ্ধত অংশগ্রহণ কৰিছে পঞ্জশীৰৰ কেইবাহাজাৰো তাজিক যোদ্ধাই৷ ইফালে আফগানিস্তানৰ ছয় সহস্রাধিক সৈনিকে গৈ মাছুদৰ সৈতে তালিবানৰ বিৰুদ্ধে প্রতিৰোধী যুদ্ধত অংশগ্রহণ কৰিছে৷
ৰাজধানী কাবুলৰ পৰা প্রায় এশ কিলোমিটাৰ গ’লেই পোৱা দুর্গম পাহাৰে ঘেৰি থকা অপৰূপ প্রাকৃতিক সৌন্দর্য বিস্তীর্ণ অঞ্চল পঞ্জশীৰ৷ তালিবানে পূর্বেও এই পঞ্জশীৰ দখল কৰিবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু এইবাৰ কট্টৰ ইছলামিষ্ট তালিবানে দুর্গম এই হিন্দুকুশ পর্বতমালা দখল কৰাৰ সংকল্প লৈছে৷ ইতিমধ্যে বাঘলান উপত্যকালৈ অগ্রসৰ হৈছে তালিবান যোদ্ধা৷ লক্ষণীয়ভাৱে আহমাদ মাছুদ নেতৃত্বাধীন নর্দার্ন এলায়েঞ্চৰ হাতত তিনি শতাধিক তালিবান যোদ্ধা নিহত হোৱা বুলি আফগানিস্তানৰ বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে৷ সমগ্র বিশ্ব যেতিয়া তালিবানী আতংকত কঁপি আছে, তেতিয়া আহমাদ মাছুদৰ নর্দার্ন এলায়েঞ্চ বাহিনীয়ে তালিবানক প্রত্যাহ্বান জনোৱা কার্যক লৈ সমগ্র বিশ্বৰ কৌতূহল বৃদ্ধি পাইছে৷ ১৯৮৯ চনত পঞ্জশীৰত জন্ম হৈছিল আহমাদ মাছুদৰ৷ ইৰানৰ বিদ্যালয়ত অধ্যয়নৰ পিছত মাছুদক পঠোৱা হৈছিল ছেণ্ডহার্ষ্টলৈ৷ তাত ব্রিটিছৰ সেনাৰ অধীনত যুদ্ধবিদ্যাৰ প্রশিক্ষণ লোৱাৰ উপৰি ২০১৫ত লণ্ডনৰ কিংছ কলেজৰ পৰা ৱাৰ ষ্টাডিজত স্নাতক ডিগ্রী লৈছিল মাছুদে৷ ইয়াৰ পিছতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা আন্তর্জাতিক ৰাজনীতিত স্নাতকোত্তৰ ডিগ্রী লয় মাছুদে৷ জীৱনৰ বেছিভাগ সময় বিদেশত কটালেও পঞ্জশীৰক কেতিয়াও পাহৰি যোৱা নাই মাছুদে৷ তালিবানৰ নৃশংসতাক কেতিয়াও সহ্য কৰিব নিবিচাৰে এই বীৰ যোদ্ধাই৷ ২০১৯ত পিতৃৰ পদাংক অনুসৰণ কৰি মাছুদে জন্ম দিছিল এটি নতুন জোঁট, যাৰ নাম আছিল নেচনেল ৰেজিণ্টেঞ্চ ফ্রণ্ট অৱ আফগানিস্তান৷ ইয়াৰ পথ প্রদর্শক বিখ্যাত নর্দার্ন এলায়েঞ্চ৷ অৱশ্যে পূর্বতে নর্দার্ন এলায়েঞ্চৰ সমগ্র আছিল ইৰান, তাজিকিস্তান, উজৱেকিস্তান, তুর্কমেনিস্তান আৰু ভাৰত৷ ১৯৯৬ৰ পৰা ২০০১লৈ তালিবানবিৰোধী শক্তি হিচাপে আফগানিস্তানত মূৰ দাঙি উঠিছিল আহমাদ শ্বাহ মাছুদৰ নর্দার্ন এলায়েঞ্চে৷ এইবাৰ সেই দায়িত্ব তাজিক বীৰ যোদ্ধাজনৰ পুত্রই গ্রহণ কৰিছে৷ অৱশ্যে সুদীর্ঘ চাৰি দশক ধৰি তালিবান তথা বিদেশী শত্রুৰ বিৰুদ্ধে যুঁজিবলৈ পঞ্জশীৰত অস্ত্র মজুত কৰি আহিছে যদিও তাজিক যোদ্ধাসকলৰ বাবে এইবাৰ প্রত্যাহ্বান তীব্রতৰ হ’ব৷ কাৰণ হিন্দুকুশৰ বিভিন্ন অঞ্চলত ইতিমধ্যে তালিবানে অৱস্থান গ্রহণ কৰিছে৷ তাজিকিস্তানৰ পৰা যুদ্ধ বিমান বা সামৰিক হেলিকপ্ঢাৰ অহাৰ আকাশী পথো প্রায় বন্ধ৷ গতিকে আহমাদ মাছুদৰ নেতৃত্বত তালিবানবিৰোধী যুদ্ধ সফল হয় নে নাই সেয়া সময়েহে ক’ব৷