ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ক্ৰীয়া দিৱস উদযাপন
নিয়মীয়া বাৰ্তা ২৯ আগষ্টঃ আজি মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভেনাৰ মিল বজাৰৰ কাৰ্য্যলয়ত ” ৰাষ্ট্ৰীয় ক্ৰীয়া দিৱস” উদযাপন কৰা হয়। পুৱা ৯বজাত মেজৰ ধ্যানচাঁদ জীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ক্ৰীয়া ভাৰতী জিলাৰ সভাপতি অতুল হাজৰিকাই । সভাত উপস্থিত থাকে জিলাৰ কাৰ্য্যবাহ সাৰদা কান্ত ৰয়,খণ্ড কাৰ্য্যবাহ হৰিশ কুমাৰ শইকীয়া (সুমন), খণ্ড বৌদ্ধিক প্ৰমুখ ৰুবুল চেতিয়া। সভাত জিলাৰ সহশাৰীৰিক প্ৰমুখ শিৱা বাউৰীয়ে মেজৰ ধ্যানচাঁদজীৰ জীৱনী সহ হকীৰ ৰোমান্সকৰ কাহিনী বৰ্ননা কৰি বক্তব্য আগবঢ়াই। সভাত ক্ৰীড়া ভাৰতীৰ জিলা উপসভাপতি অনুপ দেউৰী, সভানেত্ৰী বন্দনা চেতিয়া বড়া,সহকাৰী সম্পাদিকা মাইনা হাজং উপস্থিত থাকি আজিৰ সংঘৰ “ৰাষ্ট্ৰীয় ক্ৰীয়া দিৱস” অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলে।