নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদিনতে বিনিয়োগকাৰীৰ সম্পত্তি ৩.৫৬ লাখ কোটি বৃদ্ধি

দেশৰ শ্বেয়াৰ বজাৰত উত্থান

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ দেশৰ শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান৷ বি এছ ই ছেনছেক্স ৭৬৫ পইণ্ট ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰত উপনীত হয়৷ সোমবাৰে বিয়লি বজাৰ সামৰণি পৰাত বি এছ ই ছেনছেক্স ৫৬৯৫৮.২৭ হয়৷ ঠিক তেনেদৰে এন এছ ই নিফ্টীৰো সূচাংক অভিলেখসংখ্যকৰে বজাৰ সামৰণি পৰে৷ সোমবাৰে পুৱা বজাৰ আৰম্ভণি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফ্টীৰ পইণ্ট ঊর্ধ্বগামী হ’বলৈ ধৰে৷ সেই ধাৰা অব্যাহত ৰাখি অভিলেখসংখ্যক উত্থানেৰে বজাৰ সামৰণি পৰে৷

বি এছ ই ছেনছেক্স ৫৬৯৫৮.২৭ত সামৰণি পৰাৰ বিপৰীতে এন এছ ই নিফ্টী ১৬,৯০০ পইণ্টত সামৰণি পৰে৷ গুৰুত্বপূর্ণ যে আজি প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৪০ পইচা বৃদ্ধি পায়৷ আন্তর্জাতিক বজাৰত শ্বেয়াৰৰ উত্থানৰ বাবে দেশৰ শ্বেয়াৰ বজাৰতো ইতিবাচক প্রভাৱ পৰাত বুধবাৰে দিনটোত বিনিয়োগকাৰীৰ সম্পত্তি ৩.৫৬ লাখ কোটি বৃদ্ধি পায়৷

বুধবাৰে ছেনছেক্সৰ সর্বাধিক লাভৰ শীর্ষত ভাৰতী এয়াৰটেল আছে৷ কোম্পানীটোৰ শ্বেয়াৰ বজাৰ ৪.৪ শতাংশ বৃদ্ধি পালে৷ ইয়াৰ বিপৰীতে এক্সিছ বেংক, টাটা ষ্টীল, টাইটান, বাজাজ ফাইনেঞ্চ আৰু দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক এছ বি আইৰ ৪.১৫ শতাংশ লাভান্বিত হয়৷ উল্লেখ্য যে বি এছ ই তালিকাভুক্ত কোম্পানীসমূহৰ লাভ ২৪৭.৩০ লাখ কোটিলৈ উন্নীত হোৱাৰ ফলতে বিনিয়োগকাৰী আজিৰ দিনটোত ৩.৫৬ লাখ কোটিৰ সম্পত্তি বৃদ্ধি পায়৷

You might also like