অবৈধ সুৰা–ড্রাগ্ছৰ ঘাটিত পৰিণত উজান বজাৰ
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ অবৈধ সুৰা আৰু ড্রাগ্ছৰ ঘাটিত পৰিণত হৈছে মহানগৰীৰ মাজমজিয়াৰ উজান বজাৰ৷ কালি ড্রাগ্ছ আসক্ত সম্বন্ধীয় ভাতৃয়ে ভগ্ণীক হত্যা কৰাৰ পিছতে উজান বজাৰত চলি থকা অসামাজিক কার্যকলাপ সন্দর্ভত স্থানীয় ৰাইজে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অভিযোগ অনুসৰি উজান বজাৰ, আৰিকাটিবস্তিত থকা অবৈধ সুৰা আৰু ড্রাগ্ছৰ ঘাটিৰ বাবে অঞ্চলটোৰ একাংশ যুৱক–যুৱতী বিপথে পৰিচালিত হৈছে৷ কামৰূপ সদৰ আবকাৰী বিভাগ, লতাশিল থানাৰ আৰক্ষী আৰু জিলা প্রশাসনৰ একাংশ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাত বছৰৰ পিছত বছৰ ধৰি উজান বজাৰত অবৈধ সুৰা–ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্রই৷ নিয়মীয়াকৈ মোটা অংকৰ ধন লৈ উজান বজাৰত মুকলিকৈ অবৈধ সুৰা আৰু ড্রাগ্ছজাতীয় সামগ্রীৰ ব্যৱসায় চলাই আহিছে অসাধু চক্রটোৱে৷
উজান বজাৰৰ বেল, ৰামনাথ, ৰাজুৰ নেতৃত্বত দীর্ঘদিন ধৰি চলি আহিছে অবৈধ সুৰা আৰু ড্রাগ্ছজাতীয় দ্রব্যৰ মুকলি ব্যৱসায়৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইন উলংঘাৰে পুৱতিনিশালৈকে উজান বজাৰৰ সুৰাৰ ঘাটিত বেল, ৰামনাথ আৰু ৰাজুৱে শিশু অৰু কিশোৰক সুৰা আৰু ড্রাগ্ছ বিক্রীৰ বাবে নিয়োগ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উজান বজাৰৰ ৰাইজে৷ স্থানীয় ৰাইজে উজান বজাৰৰ বেল, ৰামনাথ, ৰাজুৰ নেতৃত্বত চলি থকা অবৈধ সুৰা আৰু ড্রাগ্ছৰ বেহা বন্ধ কৰিবলৈ আবকাৰী, আৰক্ষী আৰু জিলা প্রশাসনক বহুবাৰ আবেদন–নিবেদন কৰিছে যদিও এইক্ষেত্রত কোনো এটা বিভাগেই আজিলৈকে গুৰুত্ব প্রদান নকৰিলে৷
প্রাপ্ত তথ্য অনুসৰি কামৰূপ সদৰ আবকাৰী বিভাগৰ পৰিদর্শক সুভাষ বৈশ্য আৰু লতাশিল থানাৰ একাংশ আৰক্ষীক নিয়মীয়াকৈ ধন আদায় দি ৰামনাথ, বেল আৰু ৰাজুৱে মুকলিকৈ উজান বজাৰত সুৰা আৰু ড্রাগ্ছৰ বেহা চলাই আহিছে৷ দুর্নীতিৰ অভিযোগত অভিযুক্ত বহু বিতর্কিত আবকাৰী পৰিদর্শক সুভাষ বৈশ্যৰ বিৰুদ্ধে তদন্ত কৰি ম’বাইল ফোনৰ কললিষ্ট পৰীক্ষা কৰিলেই বেল, ৰামনাথৰ দৰে মহানগৰীত অবৈধ সুৰাৰ বেহা চলাই থকা চক্রটোৰ সৈতে থকা সু–সম্পর্কৰ কথা পোহৰলৈ আহিব৷ ৰাইজৰ অভিযোগৰ পিছতো কামৰূপ সদৰ আবকাৰী বিভাগৰ অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰেও উজান বজাৰৰ সুৰাৰ ঘাটিত অভিযান চলোৱাৰ পৰা ৰহস্যজনকভাৱে বিৰত আছে৷
একেদৰে লতাশিল থানাৰ আৰক্ষীয়েও উজান বজাৰৰ সুৰা আৰু ড্রাগ্ছৰ ঘাটিত অভিযান চলোৱা নাই৷ অসাধু বিষয়াক মোটা অংকৰ ধনৰ বিনিময়ত মেনেজ কৰি প্রভাৱশালী হৈ পৰা ৰামনাথ, বেল আৰু ৰাজুৱে ড্রাই ডে’তো মুকলিকৈ সুৰা বিক্রী কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ শেহতীয়াকৈ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ বাবে থকা ড্রাই ডে’ত উজান বজাৰৰ অবৈধ সুৰাৰ ঘাটিত এ এছ–০১ ই এল–৮৫২৭ নম্বৰৰ অতিৰিক্ত উপায়ুক্তৰ ফলক লগোৱা বাহন লৈ সুৰা ক্রয় কৰিছিল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি লতাশিল থানা, কামৰূপ সদৰ আবকাৰী আৰু জিলা প্রশাসনৰ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাতেই উজান বজাৰত অবৈধ সুৰাৰ ঘাটি চলি অহিছে৷ শীঘ্রে উজান বজাৰত চলি থকা অবৈধ সুৰা আৰু ড্রাগ্ছৰ ঘাটি উচ্ছেদ কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, আৰক্ষী আয়ুক্ত হৰমিট সিং, উপায়ুক্ত বিশ্বজিৎ পেগু, বিধায়ক সিদ্ধার্থ ভট্টাচার্যক দাবী জনাইছে৷ অন্যথা স্থানীয় ৰাইজে অবৈধ সুৰা আৰু ড্রাগ্ছৰ ঘাটি বন্ধ কৰিবলৈ গণতান্ত্রিক প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিয়ে৷