নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানী যুৱলিত উদ্ধাৰ কিশোৰীৰ অর্ধউলংগ ক্ষত–বিক্ষত মৃতদেহ

শনিবাৰে উদ্ধাৰ হৈছিল দৈগ্রোং নৈত মাছ মাৰিবলৈ যোৱা আন এগৰাকী কিশোৰীৰো মৃতদেহঃ ধর্ষণ কৰি হত্যাৰ সন্দেহ

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ কার্বি আংলং জিলাৰ চকীহোলা আৰক্ষী থানাৰ অন্তর্গত এক অতিকে দুর্গম পাহাৰীয়া এলেকাত মাছ ধৰিবলৈ গৈ সন্ধানহীন হোৱা আনগৰাকী কিশোৰীৰো মৃতদেহ আজি উদ্ধাৰ হয়৷ আজি দিনৰ ভাগত কিশোৰীগৰাকীৰ অর্ধ–উলংগ মৃতদেহটো স্থানীয় এলেকাৰ এটা পানী যুৱলিত লাগি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ স্মর্তব্য যে যোৱা ২৮ আগষ্ট শনিবাৰে চকীহোলা থানাৰ অন্তর্গত লক্ষীৰাম ৰংফাৰ গাঁও আৰু লক্ষীৰাম ইংতি গাঁৱৰ দুগৰাকী কিশোৰীয়ে কাষৰে দৈগ্রোং নৈত মাছ ধৰিবলৈ বুলি পুৱাতে ঘৰৰ পৰা ওলাই যায়৷ পুৱাতে ওলাই যোৱা কিশোৰী দুগৰাকী নিশাপর্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বহু বিচাৰ–খোঁচাৰ কৰাৰ পাছতো কোনো সন্ধান নোপোৱাত পিছদিনা পুৱাই স্থানীয় আৰক্ষীক এই সম্পর্কে অৱগত কৰাইছিল৷ পাছত স্থানীয় লোক আৰু আৰক্ষীয়ে এলেকাটোত বহু বিচাৰ–খোঁচাৰ কৰাৰ পাছত এটা টিলাৰ ওপৰত এজোপা বাঁহনিৰ তলত শুকান বাঁহপাতেৰে ঢ়াকি ৰখা অৱস্থাৰ পৰা এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল৷ সম্পূর্ণ উলংগ অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰাৰ ফলত কোনো দুর্বৃত্তই কিশোৰীগৰাকীক ধর্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছিল৷

ইফালে, আনগৰাকী কিশোৰীৰ কোনো সন্ধান লাভ নকৰা ঘটনাই জিলাজুৰি বিগত দিনকেইটাত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছিল৷ আৰক্ষীৰ লগতে স্থানীয় লোকসকলেও পাহাৰীয়া এলেকাটোত কিশোৰীগৰাকীৰ সন্ধানত চলাথ কৰিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ শেহতীয়াকৈ কার্বি ছাত্র সন্থাৰ সদস্যসকলেও কিশোৰীগৰাকীৰ সন্ধানত এলেকাটোত অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷ এনেদৰে কিশোৰীগৰাকীৰ সন্ধানত চৌদিশে অভিযান অব্যাহত থকাৰ সময়তে আজি চকীহোলাৰ এটা জুৰিৰ পানী যুৱলিত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ দেহতো আঘাতৰ চিন স্পষ্ট হৈ থকা বুলি জানিব পৰা গৈছে৷

কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে এলেকাজুৰি ব্যাপক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷ উক্ত স্থানত উপস্থিত থকা কিশোৰীগৰাকীৰ আত্মীয় তথা স্থানীয় লোকসকলৰ মাজত কান্দোনৰ ৰোল উঠে৷ উল্লেখ্য যে কিশোৰী দুগৰাকীক কোনো দুর্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে যদিও এইক্ষেত্রত এতিয়ালৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে এই সন্দর্ভত আৰক্ষীয়ে বিভিন্নজনক সোধা–পোছা কৰা বুলি জানিব পৰা গৈছে৷ আজি উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে ডিফুলৈ প্রেৰণ কৰা হৈছে৷

You might also like