উৰুকাৰ বজাৰলৈ এজন যুৱকে সাজু কৰিছে দুহেজাৰৰো অধিক তেলী হাঁহ…
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ মাজত আৰু মাত্র কেইটামান দিন বাকী ৷ গাঁৱে–ভূঞে, চহৰে–নগৰে ভোগালীক আদৰিবলৈ এতিয়া ব্যাপক প্রস্তুতি চলিছে ৷ বিশেষকৈ গ্রামাঞ্চলত ঢেঁকীৰ শব্দ আৰু পৰম্পৰাগত ভেলাঘৰ, মেজি নির্মাণক লৈ অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে ৷
ভোগৰ উৎসৱ ভোগালীত হাঁহে-মাহে এসাঁজ খোৱাৰ সকলোৰে মন থাকে। টীয়কৰ কলীয়াপানী টিপমীয়া গাঁৱৰ এজন যুৱকে এইবাৰ উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে সাজু কৰিছে প্ৰায় দুহেজাৰৰো অধিক তেলাল পাতি হাঁহ।
ৰন্টু ফুকন নামৰ যুৱকজনে স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত স্থাপন কৰা ফাৰ্মত পালন কৰিছে এই হাঁহ সমূহ ।
উল্লেখ্য যে উৰুকাৰ বজাৰত প্ৰতি কেজি পাতি হাঁহ ৩৫০/- টকা আৰু প্ৰতি কেজি ব্ৰয়লাৰ হাঁহ ২৮০/- টকা দৰত বিক্ৰী কৰা হব বুলি জনাইছে যুৱকজনে।
ইপিনে যথেষ্ট কম মূল্যতে উৰুকাৰ ভোজভাতৰ বাবে গ্ৰাহক ৰাইজে তেওঁৰ পৰা হাঁহ ক্ৰয় কৰিব পাৰিব বুলি জনাই যুৱকজনে।