নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত নতুন ভৱন উদ্বোধন মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ উত্তৰ গুৱাহাটী শিলসাঁকোস্থিত শংকৰদেৱ শিশু নিকেতনৰ নৱনির্মিত ভৱন উদ্বোধন কৰা হয়৷ বন্তি প্রজ্বলন আৰু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সঞ্চালনা কৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে প্রধান আচার্য উৎপল তালুকদাৰে৷ বিধায়ক পুঁজিৰ পৰা লাভ কৰা ১০ লাখ টকা ব্যয়সাপেক্ষে নির্মাণ কৰি উলিওৱা ভৱন মুকলি কৰে অসম সাহিত্য সভাৰ উপ সভানেত্রী মৃণালিনী দেৱীয়ে৷ মুখ্য অতিথি মৃণালিনী দেৱীয়ে ছাত্র–ছাত্রীক অভিনন্দন জনায়৷

মুখ্য অতিথিগৰাকীয়ে শিক্ষার্থীসকলক সময়ৰ লগত খাপখোৱাকৈ দৃঢ় সিদ্ধান্ত লৈ নিজৰ জীৱনত আগবঢ়াৰ লগতে দেশ আৰু জাতিৰ সেৱাত ব্রতী হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত ২০২০ আৰু ২০২১ বর্ষত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা ছাত্র–ছাত্রীসকলক সম্বর্ধনাও জনোৱা হয়৷ নিকেতনখনৰ ভিতৰত ২০২০ বর্ষত সর্বোচ্চ নম্বৰ পোৱা উপাসনা কলিতা (৮৫.৩৩ শতাংশ) আৰু ২০২১ বর্ষৰ হূষিতা পৰাশৰ (৯৮.৩৩ শতাংশ)ক মিত্রবালা বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয়৷ ২০২০ত দ্বিতীয় স্থান লাভ কৰা উপমা বৈশ্য (৮৩.৩৩ শতাংশ) আৰু ২০২১ বর্ষৰ প্রাপ্তি বৰদলৈ (৯৭.৬৭ শতাংশ) প্রয়াত ইন্দ্রেশ্বৰ গোস্বামী বঁটাৰ লগতে নগদ পুৰস্কাৰ দিয়া হয়৷ আনহাতে ২০২০ বর্ষত তৃতীয় স্থান লাভ কৰা নীহাৰিকা দাস (৮১.১৭ শতাংশ) আৰু ২০২১ বর্ষৰ পাকী বৰুৱা (৯৬.৫ শতাংশ) যাদৱ শর্মা সোঁৱৰণী বঁটা আৰু নগদ ধন আগবঢ়োৱা হয়৷ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিগত বর্ষৰ দৰে এইবছৰো তিনিগৰাকী বিশিষ্ট শিক্ষাবিদক সমাজৰ প্রতি আগবঢ়োৱা নিঃস্বার্থ সেৱাৰ বাবে সম্বর্ধনা জনোৱা হয়৷ তেওঁলোক হ’ল যথাক্রমে লেখক, শিক্ষাবিদ খগেন শইকীয়া, প্রাক্তন প্রধান আচার্য, শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰী নগৰ, হুপেশ চৌধুৰী, প্রাক্তন অধ্যাপক পদার্থ বিজ্ঞান বিভাগ, উত্তৰ গুৱাহাটী মহাবিদ্যালয় আৰু লীলা দেৱী, অৱসৰপ্রাপ্ত প্রধান শিক্ষক উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল৷ সভাত ২০২০–২১ বর্ষৰ বাবে সুসংগঠক, কর্মযোগী, শিক্ষাবিদ শান্তনু ৰঘুনাথ শেণ্ডেজীৰ সোঁৱৰণত আগবঢ়োৱা ‘নিষ্ঠা বঁটা’ নিকেতনৰ উপ–প্রধান আচার্য জগদীশ শর্মা, আচার্যা কমলা কলিতা বর্মন আৰু চতুর্থ বর্গৰ কর্মচাৰী দীপ ৰজক প্রদান কৰা হয়৷ প্রধান আচার্য উৎপল তালুকদাৰ আৰু অধ্যাপিকা প্রতিমা বৰুৱাই ছাত্র–ছাত্রীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যৎ জীৱনতো উন্নত ফলাফলৰে নিজৰ লগতে অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা কৰে৷ শলাগৰ শৰাই আগবঢ়ায় উপ–প্রধান আচার্য জগদীশ শর্মাই৷ শেষত কল্যাণ মন্ত্রেৰে অনুষ্ঠানৰ সামৰণি পৰে৷

You might also like