নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ২০১৮ চন, অসমত চলিছিল ‘কা’বিৰোধী তীব্র আন্দোলন৷ সেই সময়ত অসমৰ একাংশ যুৱক আলফা স্বাধীনৰ প্রতি আকর্ষিত হোৱা পৰিলক্ষিত হৈছিল৷ উজনি অসমৰ চৰাইদেউ জিলাৰ বৰহাট লাকিলী অঞ্চলৰ উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈ ২০১৮ চনৰ ২৯ ডিচেম্বৰত নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন) ত যোগদান কৰিছিল৷ তাৰ পাছৰ পৰাই পৰিয়ালৰ লোকৰ লগত সম্পর্ক নাছিল অৰুণাভৰ৷ শিক্ষক পিতৃ কুমুদ গগৈ আৰু মাতৃ ৰিমঝিম গগৈৰ জ্যেষ্ঠ সন্তান অৰুণাভে স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰাৰ সময়তে আলফা (স্বাধীন)ত যোগদান কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বহুলভাৱে প্রচাৰিত হোৱাত পৰিয়ালৰ লোকসকল হতভম্ভ হৈ পৰে৷
আনহাতে ইয়াৰ পিছতে অৰুণাভক ঘৰলৈ উভতি আহিবলৈ বাৰম্বাৰ আহ্বান জনাইছিল পৰিয়ালে৷ কিন্তু কালি ডিব্রুগড়ৰ মৰাণহাটৰ অভিমুন্য বৰুৱা বুলি পৰিচয় দি ছ’চিয়েল মিডিয়াত আলফা (স্বাধীন)ৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নির্দেশত মেজৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া বুলি প্রকাশ কৰে৷ লগতে উল্লেখ কৰে যে অৰুণাভ গগৈয়ে ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত ম্যানমাৰস্থিত ডাইমণ্ড কেম্পত মৃত্যুদণ্ড দিয়া বুলি সামাজিক মাধ্যমত সম্প্রতি চর্চা চলিছে৷
ইয়াৰ পিছতো কিন্তু আলফা (স্বাধীন)ৰ তৰফৰ পৰা কোনোধৰণৰ মন্তব্য প্রদান কৰা নাই৷ যাৰ ফলত এতিয়া অধিক চিন্তিত হৈ পৰিছে অৰুণাভৰ পৰিয়াল৷ এই সম্পর্কে পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰাত পিতৃ কুমুদ গগৈয়ে কয়, অৰুণাভক যদি মৃত্যুদণ্ড দিছে তেন্তে পৰেশ বৰুৱাই স্থিতি স্পষ্ট কৰক৷ লগতে বহুতো যুৱকে আলফাত যোগদান কৰি আত্মসমর্পণ কৰিছে, তেওঁলোকক কিয় আলফা (স্বাধীন)–এ মৃত্যুদণ্ড নিদি মোৰ পুত্রক কিয় মৃত্যুদণ্ড বিহিলে বুলি পিতৃৰ লগতে মাতৃ ৰিমঝিম গগৈয়ে কান্দি কান্দি অভিযোগ কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বতেও অৰুণাভ গগৈৰ মৃত্যু হোৱা বুলি ছ’চিয়েল মিডিয়াত এক বাতৰি প্রকাশ পাইছিল৷ সেই সময়ত আলফা (স্বাধীন)–এ অৰুণাভ সুস্থভাৱে আছে বুলি এক বিবৃতি প্রকাশ কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল৷ পুনৰ আলফা (স্বাধীন) গোটে এই সম্পর্কে কি স্পষ্টীকৰণ দিয়ে, সেয়া সময়ে ক’ব৷