নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ৰূপত মাৰাত্মক এইড্ছৰ সংক্রমণঃ অসমৰ ৩১ জিলাত কুৰি সহস্রাধিকৰ দেহত এইচআইভি

কামৰূপ মহানগৰ জিলাত সর্বাধিক ৬,৮৮৮জন আক্রান্ত ৪,৬০৯জন পজিটিভেৰে দ্বিতীয় স্থানত কাছাৰ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ অবাধ ড্রাগ্ছৰ প্রচলনে ক্রমাৎ বৃদ্ধি কৰিছে এইড্ছ আক্রান্ত ৰোগীৰ সংখ্যা৷ পৰিস্থিতিয়ে এনে পর্যায় পাইছেগৈ যে সচেতনতাৰ অভাৱ আৰু ব্যাপক হাৰত গ্রহণ কৰা ড্রাগ্ছৰ বাবে ৰাজ্যৰ ৩১খন জিলাত চলিত বর্ষৰ ৩০ জুনলৈকে এইচআইভিত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২০,০৮৫জনলৈ৷ আক্রান্তৰ শীর্ষত আছে কামৰূপ মহানগৰ জিলা৷ জিলাখনত এইচআইভিত আক্রান্তৰ সংখ্যা হ’ল ৬,৮৮৮জন৷ ৰাজ্যৰ এইড্ছ সংক্রমণৰ এই ভয়াৱহ তথ্য আজি প্রকাশ কৰিলে স্বাস্থ্য বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেলে৷ গুৱাহাটী প্রেছ ক্লাবত এইড্ছ সজাগতা সন্দর্ভত আয়োজিত এক কর্মশালাত অংশ লৈ প্রধান সচিব গোৱেলে প্রকাশ কৰা মতে, ৰাজ্যৰ কেইবাখনো জিলা কাৰাগাৰত অবাধ ড্রাগ্ছৰ প্রচলনৰ বাবে ব্যাপক হাৰত বৃদ্ধি পাইছে এইচআইভি ৰোগীৰ সংখ্যা৷

এইক্ষেত্রত মৰিগাঁও, নগাঁও আৰু নলবাৰী জিলাত কয়দীৰ মাজত অবাধ ড্রাগ্ছৰ প্রচলনৰ ফলত বৃদ্ধি পাব লৈছে এইড্ছৰ সংক্রমণ৷ বিগত সময়ছোৱাত এই জিলাকেইখনত এইচআইভি ৰোগীৰ সংখ্যা নাছিল যদিও জিলাকেইখনৰ কাৰাগাৰত ড্রাগ্ছ সেৱন তথা ইনজেকচনৰ জৰিয়তে ড্রাগ্ছ লোৱাৰ ফলত ক্রমাৎ বৃদ্ধি পাব লৈছে এইড্ছৰ সংক্রমণ৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগে চলোৱা পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে৷ অপৰাধী হিচাপে জে’ললৈ অহাৰ পূর্বে এইসকল লোকে পৰিয়ালৰ সংস্পর্শত থকাৰ ফলত পত্নী অথবা সন্তানো শেহতীয়াকৈ এইড্ছৰ সংক্রমণৰ চিকাৰ হৈছে৷ ফলত ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে এইচআইভিত আক্রান্তৰ সংখ্যা৷ সেয়েহে এইক্ষেত্রত অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্রণ সমিতি আৰু স্বাস্থ্য বিভাগে এইড্ছ প্রতিৰোধৰ ক্ষেত্রত এক বিশেষ লক্ষ্যৰে আগবাঢ়িছে৷ স্বাস্থ্য বিভাগৰ প্রধান সচিবজনে প্রকাশ কৰা মতে, ২০২৪ চনলৈ ৯৫–৯৫–৯৫ এই লক্ষ্যৰে এইচআইভি আক্রান্ত ৰোগীক চিনাক্ত কৰা হ’ব৷

অর্থাৎ আক্রান্তসকলৰ ৯৫ শতাংশই তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ কথা জানিব লাগিব৷ একেদৰে ৯৫ শতাংশই তেওঁলোক যে এইচআইভিৰ দ্বাৰা আক্রান্ত আৰু তেওঁলোকৰ যে চিকিৎসাৰ প্রয়োজন, সেয়া জানিব লাগিব৷ আনহাতে চিকিৎসাধীন হৈ থকা ৯৫ শতাংশই তেওঁলোকে যে এই ৰোগ সংক্রমিত কৰিব পাৰে, সেয়া জনাৰ আৱশ্যক হ’ব৷ ২০২৪ চনলৈ এই লক্ষ্যৰে আগবাঢ়িলে কিছু প্রতিৰোধ কৰিব পৰা যাব এইড্ছৰ সংক্রমণ৷

মন কৰিবলগীয়া যে কামৰূপ (মহানগৰ) জিলাত শেহতীয়াকৈ এইচআইভি ৰোগীৰ সংখ্যা সর্বাধিক হোৱাৰ বিপৰীতে দ্বিতীয় স্থানত ৪,৬০৯জন এইচআইভি ৰোগীৰ সৈতে দ্বিতীয় স্থানত আছে কাছাৰ জিলা আৰু ১,২৪৫জন ৰোগীৰে তৃতীয় স্থানত আছে ডিব্রুগড় জিলা৷ ইফালে, বৰপেটাত ৪৩০জন, বঙাইগাঁৱত ৩৯৩জন, ধুবুৰীত ২৮২জন, গোলাঘাটত ৫১৬জন, ডিমা হাছাওত ১৪৭জন, গোৱালপাৰাত ১৭৩জন, যোৰহাটত ৬৫৪জন, কামৰূপত ৪৪৪জন, কার্বি আংলঙত ৩৪২জন, কৰিমগঞ্জত ৭২৯জন, কোকৰাঝাৰত ২৯৩জন, লখিমপুৰত ১৩৫জন, মৰিগাঁৱত ১৫০জন, নগাঁৱত ৮১১জন, নলবাৰীত ১৪৩জন, শিৱসাগৰত ১৯৮জন, শোণিতপুৰত ৫৩৯জন, তিনিচুকীয়াত ২৪৬জন, দৰঙত ১৪৬জন, ধেমাজিত ১১৫জন ৰোগী এইচআইভিত আক্রান্ত হৈ আছে৷ অৱশ্যে ইয়াৰ বিপৰীতে বজালী, পশ্চিম কার্বি আংলং, দক্ষিণ শালমাৰাৰ এজনো এই ৰোগত আক্রান্ত ৰোগী নাই৷ আনহাতে চৰাইদেউত এজন আৰু মাজুলীত এইচআইভিত আক্রান্ত হৈ আছে চাৰিজন ৰোগী৷

You might also like