নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত চোৰাং কয়লাসহ ট্ৰাক জব্দ

 

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ মাৰ্ঘেৰিটাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ পূব কয়লা ক্ষেত্ৰৰ কয়লাৰ সম্পূৰ্ণ উৎপাদন বন্ধ থকাৰ সময়তে মাৰ্ঘেৰিটাৰ নামদাঙৰ পৰা সৰবৰাহ কৰা অৱস্থাত মাৰ্ঘেৰিটা একাংশ সাংবাদিক আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কয়লাসহ এ এছ ০৯ এ ২২৫৮ নম্বৰৰ ৪০৭ ট্ৰাক এখন জব্দ কৰি গাড়ীখন আৰক্ষী থানালৈ লৈ আনে। ওপৰত বালি দি তলত কয়লাখিনি সৰবৰাহ কৰিবলৈ লৈছিল দুষ্টচক্ৰই ।

অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ পূৰ্বে ড্ৰাইভাৰ তথা অন্যান্য সকলে পলায়ন কৰে। নামদাং নামটক বৰগোলাই আদি অঞ্চলৰ পৰা নিয়মিত নিশাৰ পৰা পুৱতি নিশাৰ ভিতৰত অব্যাহত আছে ডাম্পাৰ মেক্সজাতীয় গাড়ীৰে কয়লা সৰবৰাহ। মাৰ্ঘেৰিটা মহকুমাৰ একাংশ ইটা ভাটা আৰু অসম অৰুণাচল একাংশ চাহ ফেক্টৰিত এইদৰে অবৈধ কয়লা একাংশ কয়লা চোৰে চোৰাং কৈ সৰবৰাহ কৰি এক ৰমৰমীয়া বেহা চলাই নিছে বুলি সূত্ৰত প্ৰকাশ।

অন্যহাতে আৰক্ষীয়ে আজি জব্দকৃত কয়লা আৰু ৪০৭ ট্ৰাক খনৰ সন্দৰ্ভত তদন্ত অব্যহাত ৰাখিছে। আৰক্ষীৰ অনুসন্ধাত ৰৌ বৰালী জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ। 

You might also like