আর্তনাদ–হাহাকাৰৰ মাজত নাৱৰ পৰা ফেৰীত জঁপিয়ালে অনেকে
অভিশপ্ত ‘মা কমলা’ক খুন্দিওৱা ‘টিপকাই’ৰ পৰা কি দেখিছিল মাতৃ–পুত্রই
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ যোৰহাটৰ নিমাতীঘাটত মহাবাহুৰ বুকুত ভয়ংকৰ ফেৰী দুর্ঘটনাত কথমপি প্রাণৰক্ষা পৰা দেৰগাঁৱৰ দানিচাপৰি গাঁৱৰ ঘনকান্ত টাইদ, মাজুলীৰ চেলেকগাঁৱৰ মালতী টাইদ আৰু তেওঁৰ পুত্র পাপলু টাইদৰ শিহৰণকাৰী বর্ণনাহ বুকু কঁপাই তুলিছে সকলোৰে৷ মাজুলী কমলাবাৰী ঘাটৰ পৰা নিজা গাড়ীৰ সৈতে ফেৰীৰে দেৰগাঁৱৰ দানিচাপৰিৰ ঘৰলৈ আহি থকা সময়তে দুর্ঘটনাত পতিত হোৱা ফেৰী–নাওখনৰ প্রত্যক্ষদর্শী আছিল ঘনকান্ত টাইদ৷
টাইদে এই প্রতিবেদকক অৱগত কৰে যে নিমাতী ঘাট পোৱাৰ কিছুসময় থাকোঁতেহ ফেৰী–নাওখনৰ প্রচণ্ড জোৰে খুন্দা লাগে৷ খুন্দা লগাৰ সময়ত ঘনকান্তহ ফেৰীৰ ওপৰৰ পৰা সমগ্র দৃশ্য নিজ চকুৰে প্রত্যক্ষ কৰিছিল৷ তেওঁ উঠি অহা ফেৰীখনত হখন নাৱৰ পৰা বহু যাত্রী জঁপিয়াহ আহে৷ যাৰফলত তেওঁ উঠি থকা ফেৰীখনো ক্রমাৎ বুৰ যাবলৈ ধৰে যদিও চালকে নদীৰ মাজত থকা বালিচৰত ফেৰীখন চপাই দিয়াত যাত্রীসকল নামিবলৈ সক্ষম হয়৷ স্থানীয় লোকৰ তৎপৰতাত আন এখন নাও আহি যাত্রীসকলক উদ্ধাৰ কৰি পাৰলৈ লৈ আহে৷ সেহ সময়ত তেওঁ নিজে ভিডিঅ’ কৰি কিছু দৃশ্য ম’বাহলত বন্দী কৰিবলৈও সক্ষম হৈছিল৷ভয়ানক নাও দুর্ঘটনাৰ খবৰ পাই হাহাকাৰ লগা পৰিয়ালটোৰ সদস্যসকলো নিমাতীলৈ ৰাওনা হয়৷
আনহাতে নিজ পুত্রৰ বিদ্যালয়ৰ পৰীক্ষা সমাপন কৰি যোৰহাটৰ পৰা মাজুলিৰ ঘৰলৈ গৈ থকা সময়ত হোৱা ভয়ংকৰ দুর্ঘটনাৰ কথা বিবৰি ক’লে মাজুলীৰ চেলেক গাঁৱৰ মালতি টাহডে৷ মালতিৰ পুত্র পাপলু টাইডে ফেৰী দুখনে দুর্ঘটনা সংঘটিত কৰাৰ লগে লগে ডুব যাবলৈ ধৰা ফেৰীখনৰ পৰা ইখন ফেৰীলৈ জাঁপ মাৰি মাতৃক উদ্ধাৰৰ বাবে বহু চেষ্টা কৰে৷ চকুৰ সন্মুখতে মাতৃ নাৱৰ পৰা পৰি যায় যদিও বাচিবৰ বাবে আপ্রাণ চেষ্টা অব্যাহত ৰাখে৷ অৱশেষত মাতৃগৰাকী সাঁতুৰি নাৱৰ ওপৰত উঠিবলৈ সক্ষম হোৱাত স্থানীয় লোকে ডদ্ধাৰ কৰে৷ মাজুলীৰ মাতৃ–পুত্র বর্তমান দেৰগাঁৱৰ ছগুৰিৰ সম্পর্কীয় সদানন্দ মিছং নামৰ ব্যক্তিগৰাকীৰ ঘৰত আশ্রয় লৈ আছে৷