‘খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ শিখা বহন কৰিব স্বর্ণকন্যা হিমাই
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী প্রতিযোগিতাত পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তাৰকা দৌৰবিদ হিমা দাসে খেলো ইণ্ডিয়া য়ুথ গেমছৰ বর্ণিল উদ্বোধনী অনুষ্ঠানৰ শিখা বহন কৰিব৷
টকিঅ’ অলিম্পিকৰ বাবে ত্রিবান্দ্রমত কঠোৰ অনুশীলনত ব্যস্ত ‘ধিং এক্সপ্রেছ’ হিমা ইতিমধ্যে খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানৰ বাবে গুৱাহাটীত উপস্থিত হৈছে৷ কালি তেওঁ শক্তিপীঠ কামাখ্যা দর্শন কৰে৷
অৱশ্যে খেলো ইণ্ডিয়াত হিমা দাসে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকিব৷
উল্লেখ্য যে অর্জুন বঁটা বিজয়ী অসম কন্যা হিমা দাসৰ সমান্তৰালকৈ আজিৰ এই অনুষ্ঠানত আন কেইবাগৰাকীও আগশাৰীৰ ক্রীড়াবিদক দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল– মহিলা বক্সাৰ এম চি মেৰীকম, বক্সাৰ শিৱ থাপা, প্রাক্তন বেডমিণ্টন খেলুৱৈ পুলেল্লা গোপীচান্দ আদি৷