অভিনৱ পৰিকল্পনাৰে আজিৰে পৰা ‘ৰং’ৰ পর্দাত ‘অস্তিত্ব’
নিয়মীয়া বাৰ্তা ১৩ ছেপ্টেম্বৰঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ৰঙে দর্শকৰ বাবে সাজু কৰি তুলিছে এখন নতুন ধাৰাবাহিক ‘অস্তিত্ব’৷ নয়ন সাউদৰ কাহিনী আৰু জাহ্ণৱী মজুমদাৰৰ চিত্রনাট্যৰে ধাৰাবাহিকখন পৰিচালনা কৰিছে কল্যাণজ্যোতি বৰাই৷ এটা পৰিয়ালৰ জীৱন পৰিক্রমাক লৈ আগবাঢ়িব ‘অস্তিত্ব’ৰ কাহিনী৷ আজিৰে পৰা নিশা ৮ বজা আৰু ১০ বজাত সম্প্রচাৰ হ’ব লগা ‘অস্তিত্ব’ত দেখা পাব ‘পাহাৰী’ক৷ মূল কেন্দ্রীয় চৰিত্র পাহাৰীয়ে সৰু কালতে ঘটি যোৱা এক প্রেম কাহিনী আজিও সংগোপনে নিজৰ মাজত জীয়াই ৰাখিছে৷ কিন্তু কি হ’ব বাৰু পাহাৰীৰ লগত৷ সৰুকালৰ সেই সপোনৰ পম খেদি আগুৱাব পাৰিবনে? নে জীৱনৰ গতিপথত অন্য কোনোবা আহিব, যিজনৰ পাহাৰীৰ কল্পনাৰ মানুহজনৰ লগত কোনো মিল নাথাকিব৷
‘অস্তিত্ব’ৰ শীর্ষ গীত লিখিছে জয়ন্ত ডেকাই আৰু কণ্ঠদান কৰিছে নিশাই, সুৰ আৰু সংগীত ধ্রুৱজিৎ কাশ্যপৰ৷ ‘অস্তিত্ব’ৰ মুখ্য দুটা চৰিত্রত দেখা যাব জনপ্রিয় অভিনেতা–ভিনেত্রী, বাস্তৱ জীৱনৰ সফল যুটি সুকন্যা ৰাজগুৰু আৰু দেৱাশিস বৰঠাকুৰক৷ আনহাতে, ভ্রাম্যমাণৰ মঞ্চ কঁপোৱা অভিনেতা মৃদুল চুতীয়ায়ো এটা বিশেষ চৰিত্রত ‘অস্তিত্ব’ত ভুমুকি মাৰিব৷ অন্যান্য বিভিন্ন চৰিত্রত অভিনয় কৰিছে জুলেন ভূঞা, ৰীমা বৰুৱা, নিশা কাশ্যপ, ৰোহিত চৌধুৰী, ৰাজপ্রতিম বৰুৱা, নয়নজ্যোতি গগৈ, দিগন্ত মাধৱ গোস্বামী, ৰুম্পা ভট্টাচার্য, অংকিতা শইকীয়া, অশলেচা শর্মা, পৰিস্মিতা কোঁৱৰ আৰু বিভিন্ন ন–পুৰণি শিল্পীয়ে৷ ধাৰাবাহিকখনত দুগৰাকী বিশেষ শিশুশিল্পীক দেখা যাব, তেওঁলোক হ’ল– আর্নিক দাস, দীপাঞ্চী অধিকাৰী৷ উল্লেখ্য যে ধাৰাবাহিকখনৰ বিভিন্ন মনোৰম লোকেচনত চিত্রগ্রহণ কৰা দৃশ্যসমূহ সুন্দৰকৈ ধৰি ৰাখিছে গণেশ কলিতাই আৰু এই দৃশ্যসমূহ সম্পাদনাৰে সজীৱ কৰি তুলিছে গুণজিৎ মজুমদাৰে, সহযোগী অনন্ত শর্মা৷ ৰঙৰ অন্যান্য ধাৰাবাহিকসমূহৰ দৰে ‘অস্তিত্ব’কো মৰম আৰু সঁহাৰিৰে দর্শকে আদৰি ল’ব বুলি আশা কৰা হৈছে৷