নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক পুনৰ গ্রেপ্তাৰ মহানগৰ অপৰাধ শাখাৰ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই পুনৰ বৰপেটাৰ কাৰাগাৰৰ পৰা গ্রেপ্তাৰ কৰে৷

মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, শৃংখল চলিহাৰ বিৰুদ্ধে অপৰাধ শাখাত ৰুজু হোৱা ১/২০১৯ নম্বৰৰ এটা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে৷

লক্ষণীয় যে ‘কা’বিৰোধী আন্দোলনত চৰকাৰবিৰোধী স্থিতি গ্রহণ কৰা চলিহাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত চিআইডিয়ে এটা গোচৰ ৰুজু কৰি ডিব্রুগড়ৰ বৰবৰুৱাৰ পৰা ২৩ ডিচেম্বৰত গ্রেপ্তাৰ কৰিছিল৷

চিআইডিৰ জিম্মাত থকাৰ পাছত চলিহাক বৰপেটা কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ উল্লেখ্য যে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শৃংখল চলিহাৰ জামিন আবেদনৰ শুনানি গ্রহণ কৰা হৈছিল৷ কিন্তু ন্যায়ালয়ে জামিন আবেদনৰ ৰায়দান সংৰক্ষিত ৰাখিছে৷

ইতিমধ্যে যিটো গোচৰত চলিহাক গ্রেপ্তাৰ কৰা হৈছিল, সেই গোচৰটোত জামিন লাভ কৰিলেও তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ আশা ক্ষীণ৷

You might also like