পথ দুৰ্ঘটনাত কৰুণ মৃত্যু জ্যেষ্ঠ কংগ্ৰেছ নেতা অনিল বৰগোঁহাইৰ
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা অনিল বৰগোঁহাইৰ। বিশ্বকৰ্মা পূজাৰ দিনাই কংগ্ৰেছ দলৰ জেষ্ঠ্য নেতা অনিল বৰগোঁহাই সোনাপুৰত সংঘটিত এটা পথ দুৰ্ঘটনাত মৃত্যু হয়।
উল্লেখ্য যে যোৱা লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল অনিল বৰগোঁহাই। বৰগোঁহাইৰ ঘৰ ধেমাজিত। গুৱাহাটীৰ পৰা ঘৰলৈ বুলি উভতাৰ পথতে সোনাপুৰত শুকুৰবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। লগলগে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্যু ঘটে। জানিব পৰা মতে বৰগোঁহাইৰ এক্সইউভি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতে সংঘটিত হৈছিল দুৰ্ঘটনাটো।
ইপিনে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ দলৰ নেতা-কৰ্মী।