নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ঢেকীয়াখোৱা বৰনামঘৰলৈ ৰূপজ্যোতি কুৰ্মীৰ ঢাৰি প্ৰদান

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ প্ৰদান কৰে ঢাৰি।

ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে ২০ দিনীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰাৰ সমান্তৰালকৈ আজি মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ন-বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীয়ে ঢেকীয়াখোৱা বৰনামঘৰত প্ৰধানমন্ত্ৰী তথা দেশৰ মংগলৰ বাবে সেৱা লয় ৷ লগতে পবিত্ৰ নামঘৰৰ ভকত বৈষ্ণৱৰ সুবিধাৰ বাবে এশ খন ঢাৰি নামঘৰ পৰিচালনা সমীতিৰ হাতত অৰ্পন কৰে।

You might also like