নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ আজি পঞ্জাবৰ নতুন মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিব চৰণজিৎ সিং চন্নীয়ে৷ পঞ্জাব কংগ্রেছ বিধায়িনী দলৰ নেতা হিচাপে দেওবাৰে সর্বসন্মতভাৱে বাছনি কৰা হৈছে চন্নীক৷
লক্ষণীয়ভাৱে কেপ্টেইন অমৰিন্দৰ সিঙে শনিবাৰে পদত্যাগ কৰাৰ পাছতে পঞ্জাবৰ ৰাজনীতিত অস্থিৰতা তুংগত উঠিছিল৷ ৰাজ্যখনৰ প্রথমগৰাকী দলিত মুখ্যমন্ত্রী হিচাপে চন্নীয়ে আজি শপতগ্রহণ কৰিব৷
ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতৰ সৈতে আলোচনাৰ পাছত চন্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যপালৰ সন্মুখত তেওঁক দলৰ সকলো বিধায়কে সমর্থন জনাইছে৷ চামকৰ ছাহিব সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ বিধায়ক হিচাপে নির্বাচিত হৈছে চন্নী৷
উল্লেখনীয় যে পঞ্জাবৰ কংগ্রেছ দলৰ প্রভাৰী হৰিশ ৰাৱাটে দেওবাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী হিচাপে চন্নীৰ নাম টুইটাৰযোগে ঘোষণা কৰিছে৷ ইফালে, শনিবাৰে পদত্যাগ কৰা অমৰিন্দৰ সিঙে বিজেপিত যোগদান কৰিব বুলি ব্যাপক চর্চা চলিছে৷