খেলো ইণ্ডিয়ালৈ সাজু শিৱাংগী–জাহ্ণৱী–আস্থা
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হ’বলগীয়া খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ অন্যতম পদকপ্রত্যাশী হ’ব প্রতিভাৱান সাঁতোৰবিদ শিৱাংগী শর্মা, জাহ্ণৱী কাশ্যপ আৰু আস্থা চৌধুৰী৷
শেহতীয়াকৈ ছাউথ এছিয়ান গেমছত দুটা স্বর্ণ আৰু দুটা ৰূপৰ পদক জয় কৰা শিৱাংগী শর্মাই বিগত বর্ষৰ খেলো ইণ্ডিয়া গেমছতো অসমৰ হৈ চমকপ্রদ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল৷
২০১৯ত পুনেত অনুষ্ঠিত প্রতিযোগিতাখনত তেওঁ দুটা স্বর্ণ, দুটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰিছিল৷ একেদৰে নৱেম্বৰত ৰাষ্ট্রীয় স্কুল গেমছত ৰাষ্ট্রীয় অভিলেখসহ এটা স্বর্ণ, তিনিটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা জাহ্ণৱী কাশ্যপো খেলো ইণ্ডিয়া য়ুথ গেমছলৈ সাজু হৈ উঠিছে৷
আন এগৰাকী বিৰল প্রতিভাধৰ সাঁতোৰবিদ হ’ল আস্থা চৌধুৰী৷ শেহতীয়াকৈ কেইবাখনো ৰাষ্ট্রীয় প্রতিযোগিতাত তেওঁ পদক জয়েৰে প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে৷ অহা ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া সাঁতোৰ ইভেণ্টত অসম দলে অতিকমেও ৯–১০টা পদক জয় কৰিব বুলি প্রশিক্ষক বাবুল গুৰুং আৰু অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে আশা প্রকাশ কৰিছে৷