আজিৰে পৰা ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ দুদিনীয়া কার্যসূচীৰে আজিৰে পৰা উত্তৰ গুৱাহাটী আনন্দৰাম বৰুৱা ক্ষেত্রত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভা৷ সভাপতি ভৱেশ কলিতাৰ কার্যকালৰ প্রথমখন কার্যনির্বাহকক লৈ ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে৷
আজি হ’বলগীয়া কার্যনির্বাহক বৈঠকৰ পূর্বে পুৱা ১০ বজাত বিষয়ববীয়াৰ বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত উপস্থিত থাকিব কেন্দ্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, উত্তৰ–পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা৷
দলৰ ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰলে জানিবলৈ দিয়ে যে আমিনগাঁৱৰ লোকনির্মাণৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ’বলগীয়া বিষয়ববীয়াৰ বৈঠকৰ পিছতে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্রত দুপৰীয়া ২ বজাত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দলৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰিব কার্যনির্বাহক বৈঠক৷
আনহাতে ২.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া মূল সভাত উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, উত্তৰ–পূবৰ সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা৷
আনহাতে, ৫ বজাত টিকাকৰণ অভিযানৰ ওপৰত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এক পাৱাৰ পইণ্ট প্রেজেনটেচন আগবঢ়াব৷ সন্ধিয়া ৬.১০ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অডিঅ’ ভার্চুৱেলৰ জৰিয়তে ৰাজ্যিক বিজেপিক সম্বোধন কৰিব৷