চাহ শ্রমিকৰ কল্যাণ আঁচনি ৰূপায়ণত ব্যাপক দুর্নীতি
নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ ৰাজ্যৰ চাহ শ্রমিকসকলৰ উন্নয়নৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে প্রদান কৰা আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রত সংঘটিত বৃহৎ অনিয়মৰ তথ্য উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷
২০১১ বর্ষৰ পৰা ২০১৮ বর্ষলৈ চাহ আৰু প্রাক্তন চাহ বাগিচা জনজাতি কল্যাণ সঞ্চালকালয়ত কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগেৰে উচ্চ ন্যায়ালয়ত ৰুজু হৈছে ৰাজহুৱা স্বার্থজড়িত গোচৰ৷ কেগৰ প্রতিবেদনৰ ভিত্তিত আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন অনুসৰি চাহ বাগিচাৰ শ্রমিকসকলৰ উন্নয়নৰ বাবে আবণ্টন কৰা পুঁজিৰ সদ্ব্যৱহাৰ হোৱা নাই৷
এই আবেদনৰ শুনানি গ্রহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিবক এই সন্দর্ভত অভিযান চলাই এটা স্পীকিং অর্ডাৰ প্রদান কৰিবলৈ নির্দেশ দিছে৷ নৱনির্মাণ সমিতিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত ১২ সপ্তাহৰ ভিতৰত এই তদন্তৰ প্রক্রিয়া সম্পূর্ণ কৰিবলৈও উচ্চ ন্যায়ালয়ে নির্দেশ দিয়াৰ লগতে তদন্তৰ বাবে গঠন কৰা কমিটীত অভিযোগ উত্থাপিত হোৱা বিষয়াক অন্তর্ভুক্ত নকৰিবলৈ স্পষ্ট কৰি দিছে৷ লক্ষণীয় যে আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা আবেদনত উল্লেখ কৰা অনুসৰি চাহ বাগিচাসমূহত বিদ্যুৎ মিটাৰ সংস্থাপন কৰাৰ নামতো সংঘটিত হৈছিল অনিয়ম৷ প্রতিটো মিটাৰত ৮০ টকাৰ পৰিৱর্তে ১০০ টকা ব্যয় কৰা হৈছিল৷
সেইদৰে চাহ বাগিচাৰ বিভিন্ন ক্রীড়াৰ সামগ্রী প্রদান কৰাৰ নামত ২৩.৪৭ লাখ টকাৰ অতিৰিক্ত ব্যয়ৰ অভিযোগ উত্থাপন হৈছে৷ চাহ বাগিচাৰ নিবনুৱা যুৱক–যুৱতীসকলৰ সংস্থাপনৰ বাবে প্রায় ৫ কোটি টকা ব্যয়সাপেক্ষে টেক্সি–কেব প্রদানৰ আঁচনি গ্রহণ কৰা হৈছিল৷ কিন্তু এই টেক্সি–কেব ক্রয়ৰ ৰাজসাহায্য আৰু বিতৰণৰ ক্ষেত্রত গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে৷ সেইদৰে ২০১৫ চনৰ ছেপ্ঢেম্বৰৰ পৰা ২০১৭ চনৰ জানুৱাৰীলৈ চাহ বাগিচা অঞ্চলসমূহৰ বিদ্যালয়সমূহত প্রদান কৰা ৫৪.৭৫ লাখ টকাৰ ক্ষেত্রতো অনিয়ম সংঘটিত হৈছে বুলি উল্লেখ কৰা হৈছে৷
সেইদৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ত বিভিন্ন বৃত্তিমুখী পাঠ্যক্রমৰ বাবে শিক্ষার্থীক জলপানি প্রদানৰ ক্ষেত্রতো অনিয়ম সংঘটিত হোৱাৰ কথা নৱনির্মাণ কমিটীয়ে আবেদনৰ জৰিয়তে প্রকাশ কৰিছে৷
উল্লেখ্য যে ইয়াৰ পূর্বেও কেইবাটাও সঞ্চালকালয়ত সংঘটিত বিত্তীয় অনিয়ম সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল আমগুৰি নৱনির্মাণ সমিতিয়ে৷ কেগ আৰু আৰ টি আইৰ আবেদনৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰি এই আবেদনসমূহ দাখিল কৰা হৈছিল৷ ইতিমধ্যে উচ্চ ন্যায়ালয়ে এই অভিযোগসমূহ সন্দর্ভতো তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নির্দেশ দিছে৷ আমগুৰি নৱনির্মাণ সমিতিৰ হৈ আদালতত যুক্তি প্রদর্শন কৰে অধিবক্তা পৰাণ বৰদলৈয়ে৷