নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰী স্মাৰ্ট কাপোৰ নহয়, এই অজুহাতত এগৰাকী মহিলাক ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিব নিদিলে…

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ শাৰীখন স্মাৰ্ট কাপোৰ নহয়। সেই অজুহাতত, এগৰাকী মহিলাক অভিজাত ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাটো নতুন দিল্লীৰ। অভিযোগকাৰীয়ে ঘটনাটোৰ এটা ভিডিঅ’ টুইটাৰত পোষ্ট কৰিছিল। ভিডিঅ শ্বেয়াৰ কৰি মহিলাগৰাকীৰ প্ৰশ্ন, ‘স্মাৰ্ট কাপোৰৰ সংজ্ঞা কি?’

ঘটনাটো নতুন দিল্লীত সংঘটিত হৈছিল। অভিযোগকাৰী গৰাকী মহিলা পেছাত এগৰাকী ব্লগাৰ। নাম অনিতা চৌধুৰী। এগৰাকী কৰ্মচাৰীয়ে অভিজাত ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰাৰ সময়ত অনিতা চৌধুৰীক বাধা দিছিল, যিটো তেওঁ টুইটাৰত শ্বেয়াৰ কৰিছিল। তাত স্পষ্টকৈ কোৱা হৈছিল মহিলা গৰাকীক ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নোৱাৰি। কিয় সোধাত, কৰ্মীজনে কৈছিল যে শাৰীখন স্মাৰ্ট পোছাক নহয়। গোটেই ঘটনাটোৱে এক উত্তেজনাৰ সৃষ্টি কৰিছিল আৰু অনিতা চৌধুৰীয়ে ঘটনাটো ভিডিঅ ৰেকৰ্ডিং কৰিছিল।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে সামাজিক মাধ্যমত চৰ্চা হৈ পৰে। তাৰ পিছতেই দিল্লীৰ অভিজাত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই ঘটনাটো অস্বীকাৰ কৰিছিল। তেওঁলোকে জানিবলৈ দিয়ে যে এই মন্তব্যটো সম্পূৰ্ণৰূপে গেট মেনেজাৰৰ। কৰ্তৃপক্ষৰ ইয়াৰ সৈতে কোনো সম্পৰ্ক নাই। বৰ্তমানে সামাজিক মাধ্যমত এই ভিডিঅ’টোৱে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে।

 

You might also like