ধন যশ লাভ কৰিবলৈ এইটো দিশত শুব লাগে…
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ বাস্তু শাস্ত্ৰত এনে কিছুমান উপায় আছে যি সমূহ পদ্ধতি প্ৰত্যকজন ব্যক্তিয়েই দৈনদিন জীৱনত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। লগতে ঘৰখনতো সুখ সমৃদ্ধি থাকে।
বাস্তু শাস্ত্ৰৰ মতে ৰাতি শোৱাৰ সময়ত ব্যক্তিজনে নিজৰ শিৰ এই প্ৰকাৰে ৰাখিব লাগে যাতে ব্যক্তিজনৰ মুখখন উত্তৰ পূব দিশৰ ফালে থাকে। ইয়াৰ ফলত ধনৰ দেৱতা কুবেৰৰ কৃপা সদায় থাকিব আৰু লগতে ধ্যান ৰাখিব লাগে যে ব্যক্তিজনৰ মুখখন কেতিয়াও দক্ষিণ ফালে থাকিব নালাগে।
আৰু লগতে যদি জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰত কিছুমান বাধা আহি পৰিছে তেতিয়া নিয়মীয়ত ভাৱে ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰ পানী অৰ্পণ কৰিব লাগে।
ভাল স্বাস্থ্যৰ তথা অন্য সমস্যাৰ বাবে ঘৰত এনে ধৰণৰ ব্যৱস্থা কৰিব লাগে যাতে ভোজন কৰাৰ সময়ত মুখখন সদায় পূব দিশ বা উত্তৰ দিশত থাকিব লাগে।