নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত অব্যাহত থাকিব আৰক্ষীৰ উচ্ছেদ অভিযানঃ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ধলপুৰৰ ঘটনা সম্পর্কত ন্যায়িক তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্রাপ্ত ন্যায়াধীশৰ নেতৃত্বত এই তদন্তৰ ঘোষণা কৰিছে গৃহ আৰু ৰাজনৈতিক বিভাগে৷

ইপিনে বৃহস্পতিবাৰৰ ঘটনা সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষীৰ ওপৰত দা–যাঠী–জোং লৈ আক্রমণ কৰা হৈছে৷ তাৰ বাবে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ গুলীচালনা কৰিবলগীয়া হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰক্ষীক ধলপুৰৰ বেদখলীকৃত ভূমি উচ্ছেদৰ দায়িত্ব দিয়া হৈছে৷ আৰক্ষীয়ে উচ্ছেদ চলাই সেই অঞ্চল উদ্ধাৰ কৰিব৷ আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিব৷ আজিৰ দিনটোত উচ্ছেদ অভিযান সম্পূর্ণ নহ’লে কাইলৈ পুনৰ উচ্ছেদ চলিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷

ইপিনে মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়াই বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদর্শন কৰি সাংবাদিকৰ আগত কয় যে অঞ্চলটোত শিল নাই৷ কিন্তু তাত ডাঙৰ ডাঙৰ শিল মজুত কৰি আৰক্ষীৰ ওপৰত আক্রমণৰ সময়ত সেই শিলগুটি, দা, জোং, যাঠী আদি ব্যৱহাৰ কৰে৷ এই ঘটনাই প্রমাণ কৰিছে অতি পৰিকল্পিতভাৱে আক্রমণকাৰীসকলে একত্রিত হৈ আছিল৷ সেই অঞ্চলত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও তেওঁ প্রকাশ কৰে৷ একেদৰে বিধায়ক পদ্ম হাজৰিকাই বৃহস্পতিবাৰৰ ঘটনা সম্পর্কত জিলা উপায়ুক্তক তদন্ত কৰি ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়া বুলি প্রকাশ কৰে৷

You might also like