নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ অক্টোবৰৰ পূর্বে নতুন এছঅ’পি; বন্ধ থাকিব প্রাথমিক বিদ্যালয়

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ অসমৰ ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হৈ অহাৰ লগে লগে মহামাৰী প্রতিৰোধকল্পে আৰোপিত বাধা–নিষেধ ৰাজ্য চৰকাৰে পর্যায়ক্রমে শিথিল কৰি দিছে৷ ইয়াৰ মাজতে অহা ১ অক্টোবৰৰ পূর্বে নতুন এছ অ’ পি জাৰি কৰাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷

সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ তেওঁ কয় যে অহা ১ অক্টোবৰৰ পৰা আৰু কিছু শিথিলতা অনাৰ চিন্তা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্রীয়ে কৈছে৷ আগন্তুক দুর্গাপূজা আছে৷ তদুপৰি উৎসৱসমূহ যাতে ৰাইজে উপভোগ কৰিব পাৰে, নতুন এছ অ’ পিৰ জৰিয়তে আৰু কিছু শিথিলতা আনিলেও প্রাথমিক বিদ্যালয় বন্ধ থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷

এই সম্পর্কত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে ক’ভিড বিধি মানি চলি শ্রেণীকোঠাত পাঠদান হ’ব৷ কিন্তু আমি এতিয়া প্রাথমিক বিদ্যালয়ৰ পর্যায়লৈ যোৱা নাই৷ এতিয়া দ্বাদশ শ্রেণীৰ পাঠদান হৈছে, এইবাৰ একাদশ আহিব৷ সেইদৰে দশম শ্রেণীৰো পাঠদান হৈ আছে, এইবাৰ নৱমমানৰো হ’ব৷

উল্লেখ্য যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ প্রতিৰোধকল্পে যোৱা এপ্রিল মাহৰ তৃতীয় সপ্তাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল৷ অৱশ্যে এই সময়ছোৱাত অনলাইন পাঠদান অব্যাহত থাকে৷ কিন্তু ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে চর্তসাপেক্ষে স্নাতকোত্তৰ বা সমপর্যায়ৰ পাঠ্যক্রম, স্নাতক বা সমপর্যায়ৰ পাঠ্যক্রমৰ চূড়ান্ত ষাণ্মাসিক আৰু দ্বাদশ শ্রেণীৰ ক্ষেত্রত শ্রেণীকোঠাত পাঠদানপর্ব মুকলিত অনুমতি প্রদান কৰে৷

পৰৱর্তী সময়ত দশম শ্রেণীৰ ক্ষেত্রতো অনুৰূপ সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ এনেদৰে পর্যায়ক্রমে শ্রেণীকোঠাত পাঠদানপর্ব পুনৰ আৰম্ভ হোৱাৰ মাজতে অহা ১ অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্রেণীৰ লগতে স্নাতক দ্বিতীয় বর্ষৰো পাঠদান আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লোৱা বুলি কালি ঘোষণা কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

You might also like