অসমত অগ্রাধিকাৰ ভিত্তিত ৰূপায়ণ ‘জল জীৱন’
কেন্দ্রীয় জলশক্তি–খাদ্য সংসাধন মন্ত্রীৰে বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ কেন্দ্রীয় জলশক্তি, খাদ্য সংসাধন, উদ্যোগ ইত্যাদি দপ্তৰৰ ৰাজ্যিক মন্ত্রী প্রহ্লাদ সিং পেটেলৰ সৈতে বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আমিনগাঁওস্থিত পৰিদর্শন বঙলাত এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়৷ বৈঠকত অসমত জল জীৱন আঁচনি ৰূপায়ণৰ বিভিন্ন দিশ পর্যালোচনা কৰে৷
আনহাতে, কেন্দ্রীয় মন্ত্রী পেটেলে অসমত খাদ্য সংসাধন উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কেও মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত জল জীৱন আঁচনিখন ৰূপায়ণত ৰাজ্য চৰকাৰে ইতিমধ্যে অগ্রাধিকাৰৰ ভিত্তিত পদক্ষেপ গ্রহণ কৰিছে৷ আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত উপায়ুক্তসকলক কর্তৃত্ব প্রদান কৰাৰ লগতে প্রতিমাহে উপায়ুক্তসকলৰ সৈতে কামৰ অগ্রগতি পর্যালোচনা কৰা হৈছে৷ চলিত বর্ষত ২২ লাখ পৰিয়াললৈ নলযোগে পানী যোগানৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৮০০খন চাহ বাগিচাত আঁচনিখন ৰূপায়ণৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰা হৈছে৷ প্রকল্পসমূহত যাতে গুণগত মান অটুট থাকে সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বিভাগীয় পর্যায়তো সমিতি গঠন কৰি আঁচনিখনৰ ৰূপায়ণ ফলপ্রসূ কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শীর্ষ বিষয়াসকলক নির্দেশ দিয়ে৷
বৈঠকত ভাষণ দি কেন্দ্রীয় মন্ত্রী পেটেলে জল জীৱন আঁচনিৰ অধীনত নতুন প্রকল্পসমূহ অতিশীঘ্রে অনুমোদন জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ অংগনৱাডী কেন্দ্র আৰু বিদ্যালয়সমূহত আঁচনিখনৰ জৰিয়তে পানী যোগান সুনিশ্চিত কৰিবৰ বাবেও বিষয়াসকলক নির্দেশ দিয়ে৷ বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচিয়ে আঁচনিখন ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপ সম্পর্কে কেন্দ্রীয় মন্ত্রীজনক অৱগত কৰে৷ আজিৰ এই বৈঠকতে ৰাজ্যখনত খাদ্য সংসাধন উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ দিশসমূহো পর্যালোচনা কৰা হয়৷ পি এম এফ এম ই আঁচনিখন সর্ম্পকতো আলোচনা কৰা হয়৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ক্ষুদ্র ফুড পার্ক স্থাপনৰ দিশত কেন্দ্রীয় চৰকাৰে সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয়৷ আজিৰ এই বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷