মিত্রক মর্যাদা দি আসন বুজাবুজিৰ দিশে বিজেপি
৪ সমষ্টিত বিজেপি–১ সমষ্টিত প্রতিদ্বন্দ্বিতা ইউপিপিএলৰ গোসাঁইগাঁৱৰ সিদ্ধান্ত বাকী
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ উপ–নির্বাচনক লৈ চলি থকা ৰাজনৈতিক তৎপৰতাৰ মাজতে বিজেপি আৰু মিত্রদলে প্রার্থী প্রক্ষেপৰ ক্ষেত্রত প্রায় সহমতত উপনীত হৈছে৷ উপ–নির্বাচন হ’ব লগা ৬টা সমষ্টিৰ চাৰিটা সমষ্টিত বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰাটো প্রায় নিশ্চিত৷ আনহাতে, ইউ পি পি এলে এটা সমষ্টিত প্রার্থী প্রক্ষেপ কৰাটো একপ্রকাৰ চূড়ান্ত হৈছে৷ শাসকীয় দলটোৱে থাওৰা, মৰিয়নি, মাজুলী আৰু ভৱানীপুৰ সমষ্টিত নিজা প্রার্থী প্রক্ষেপ কৰাৰ বিপৰীতে ইউ পি পি এলে তামুলপুৰ সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব৷
অৱশ্যে গোসাঁইগাঁও সমষ্টিটোক লৈ এতিয়াও উভয় দলে চূড়ান্ত সিদ্ধান্তলৈ অহা নাই৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনত গোসাঁইগাঁও সমষ্টিৰ পৰা বি পি এফৰ প্রার্থী মাজেন্দ্র নার্জাৰী জয়ী হৈছিল যদিও ক’ভিডত আক্রান্ত হৈ তেওঁৰ মৃত্যু হয়৷ এনে অৱস্থাত বি পি এফৰ দখলত থকা সমষ্টিটো ইউ পি পি এলৰ লগতে বিজেপিয়েও প্রার্থী প্রক্ষেপৰ বাবে ইচ্ছা প্রকাশ কৰিছে৷ যাৰ বাবে সমষ্টিটোত কোনে প্রতিদ্বন্দ্বিতা কৰিব, সেয়া নিশ্চিত কৰিব পৰা নাই উভয় দলে৷
বিজেপিয়ে ইতিমধ্যে থাওৰা সমষ্টিৰ বাবে সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিৰ বাবে ৰূপজ্যোতি কুর্মী আৰু ভৱানীপুৰ সমষ্টিৰ বাবে ফণীধৰ তালুকদাৰৰ নাম চূড়ান্ত কৰি থৈছে৷ মাজুলী সমষ্টিৰ বাবে তিনিজন প্রার্থীৰ তালিকা চূড়ান্ত কৰা হৈছে৷ এই তালিকাৰ পৰাই ৰাজ্যিক কমিটীৰ পৰামর্শ মতে কেন্দ্রীয় কমিটীয়ে এজনক প্রার্থিত্ব প্রদান কৰিব৷
ইফালে ৰাজ্যিক বিজেপিৰ এক সূত্রই প্রকাশ কৰা মতে, গোসাঁইগাঁও সমষ্টিত বিজেপি নে মিত্রদলৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব, সেয়া অচিৰেই চূড়ান্ত হ’ব৷ বিষয়টোক লৈ মুখ্যমন্ত্রীৰ উপস্থিতিত ইউ পি পি এলৰ সভাপতি তথা বিটিচিপ্রধান প্রমোদ বড়ো আৰু ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণীন্দ্র নাথ শর্মাৰ এক বৈঠক অতি সোনকালে অনুষ্ঠিত হ’ব আৰু তাতেই কার্যতঃ সমষ্টিটো কাৰ হ’ব সেয়া চূড়ান্ত হ’ব৷