সাহিত্য অকাডেমি বঁটা জয়ী দিগন্ত বিশ্ব শর্মাক সম্বর্ধনা
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী দিগন্ত বিশ্ব শর্মাক বৃহস্পতিবাৰে আনুষ্ঠানিকভাবে সম্বর্ধনা জ্ঞাপন কৰে নর্থ–ইষ্ট ডিবেটার্ছ এছ’চিয়েচনে৷ এই উপলক্ষে গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত নর্থ–ইষ্ট ডিবেটার্ছ এছ’চিয়েচনে অনুবাদক দিগন্ত বিশ্ব শর্মাক মানপত্র, গামোচাৰে আনুষ্ঠানিকভাৱে সম্বর্ধনা জনায়৷
সম্বর্ধনা গ্রহণ কৰি নর্থ–ইষ্ট ডিবেটার্ছ এছ’চিয়েচনৰ সদস্য, ছাত্র–ছাত্রী আৰু সাংবাদিকৰ সৈতে মত বিনিময় কৰে বিশিষ্ট অনুবাদক দিগন্ত বিশ্ব শর্মাই৷ মত বিনিময় কৰি দিগন্ত বিশ্ব শর্মাই অনুবাদ সাহিত্যৰ সৈতে কিদৰে জড়িত হ’ল সেই বিষয়ে অৱগত কৰে৷ জীৱনত সফলতা পাবলৈ অকৃত্রিমতা আৰু সৰলতাই মূলমন্ত্র বুলি মত পোষণ কৰে৷ লগতে তেওঁ মাথোঁ ঋষি অৰবিন্দৰ বার্তাবাহক বুলি মন্তব্য কৰি ভৱিষ্যতেও অনুবাদৰ ওপৰত কাম কৰি যাব বুলি মত পোষণ কৰে৷ প্রাণজিৎ দাসে আঁত ধৰা এই সম্বর্ধনা অনুষ্ঠানত অধ্যাপিকা বিদুলা শর্মা, অধিবক্তা দীপক শর্মা, বিশালদীপ কাকতিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷