গুৱাহাটী–নিউ বঙাইগাঁৱৰ মাজত যাত্রীবাহী ৰে’লসেৱাৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত যাত্রীবাহী ৰে’লসেৱাৰ শুকুৰবাৰে শুভাৰম্ভণি কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী দর্শনা জাৰদোশে৷ শুকুৰবাৰৰ পৰা কার্যকৰী হোৱাকৈ এই বিশেষ যাত্রীবাহী ৰে’লখনৰ পুনৰ সেৱা আৰম্ভ কৰা হৈছে৷
০৫৮০৩ নিউ বঙাইগাঁও–গুৱাহাটী দৈনিক যাত্রীবাহী বিশেষ ৰে’লখনে বঙাইগাঁৱৰ পৰা পুৱা ৫.০৫ বজাত যাত্রা আৰম্ভ কৰি পুৱা ৯.৪০ বজাত গুৱাহাটীত উপস্থিত হ’ব৷ এই বিশেষ ৰে’লখনে সন্ধিয়া ৭.২০ বজাত যাত্রা আৰম্ভ কৰি নিশা ১২.১৫ বজাত নিউ বঙাইগাঁৱত উপস্থিত হ’ব৷ এই ৰে’লখনত ৮টা সাধাৰণ শ্রেণীৰ দবা আৰু দুখন লাগেজ আৰু গার্ড ভেন থাকিব৷
যাত্রাৰ সময়ত ১৭টা ষ্টেচনত এই ৰে’লখন ৰ’ব৷ ৰাজ্যিক ৰে’লমন্ত্রীগৰাকীয়ে ৰে’ল যোগাযোগ, ৰে’লৰ পৰিচালন আৰু যাত্রীৰ স্বাচ্ছন্দ্য সম্পর্কে বিভিন্ন কাম–কাজৰ সমীক্ষা কৰে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তা আৰু নির্মাণ মহাপ্রবন্ধক সুনীল শর্মাই সংশ্লিষ্ট বিভিন্ন বিষয় আৰু নির্মাণ হৈ থকা প্রকল্পসমূহৰ খতিয়ান দাঙি ধৰে৷ মালিগাঁওস্থিত ৰে’লৱেৰ মুখ্য কার্যালয়ত ভিডিঅ’ লিংকৰ জৰিয়তে যাত্রীবাহী ৰে’লৰ শুভাৰম্ভণি অনুষ্ঠানত সাংসদ কুইন ওজা, কৃপানাথ মাল্লা, প্রদান বৰুৱা, ভুৱনেশ্বৰ কলিতা, পল্লৱলোচন দাস, কামাখ্যাপ্রসাদ তাছা, তপন কুমাৰ গগৈ উপস্থিত থাকে৷
উল্লেখ্য যে এই ভ্রমণকালতে কেন্দ্রীয় ৰে’ল ৰাজ্যিক মন্ত্রীগৰাকীয়ে ৰাজ্যপাল জগদীশ মুখীৰ সৈতেও এক আলোচনাত মিলিত হয়৷ ৰাজ্যৰ সর্বস্তৰৰ আর্থিক বিকাশৰ বাবে ৰে’ল যোগাযোগৰ উন্নয়ন সন্দর্ভত এই বৈঠকত আলোচনা কৰা হয়৷
ইপিনে, কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মালিগাঁওস্থিত কেন্দ্রীয় চিকিৎসালয়ত ৫০০ এলপিএম ক্ষমতাসম্পন্ন নতুন অক্সিজেন জেনেৰেটৰ প্লাণ্টৰ শুভাৰম্ভণি কৰে৷ তদুপৰি ৪০খন বিছনাযুক্ত আইছ’লেচন ৱার্ডৰ শিলান্যাসো কৰে দর্শনা জাৰদোশে৷ এই অক্সিজেন জেনেৰেটৰ প্লাণ্টে ৰে’লৱে হাস্পতালৰ বিভিন্ন ৱার্ডত ভর্তি হৈ থকা ৰোগীসকলক প্রত্যক্ষভাৱে অক্সিজেন প্রদান কৰিব৷