নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএলৰ নিযুক্তি পৰীক্ষা কেলেংকাৰি; মহানগৰীত চিএম ভিজিলেঞ্চৰ মাৰাথন অভিযান, অ’এছডিসহ ধৃত ১০

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসম শক্তি বিতৰণ নিগম লিমিটেড (এপিডিচিএল)ৰ নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ তদন্তই নতুন গতি লাভ কৰিছে৷ শেহতীয়াকৈ ৰাজ্যপালে লাভ কৰা এক অভিযোগ–পত্রৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে অব্যাহত ৰাখিছে এই কেলেংকাৰিৰ তদন্ত৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে তদন্ত প্রক্রিয়াৰ অংশ হিচাপে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ ৬টাকৈ গোটে শুকুৰবাৰে মহানগৰীৰ ৬টাকৈ স্থানত সন্ধিয়াৰ পৰাই নিশা পর্যন্ত মাৰাথন অভিযান চলায়৷

মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ পৰা বিষয়টো সম্পর্কত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই যদিও এক বিশেষ সূত্রে জানিব পৰা মতে, নিযুক্তি পৰীক্ষা কেলেংকাৰিৰে জড়িত থকাৰ অভিযোগত ১০জনকৈ লোক জালত পৰিছে৷ ইয়াৰ ভিতৰত আছে ২০০৬ চনৰে পৰা এপিডিচিএলৰ উপৰি এইজিচিএল আৰু এপিজিচিএলৰ বিশেষ কর্তব্যৰত বিষয়া হিচাপে কার্যনির্বাহ কৰা দীপাংকৰ দিহিঙীয়া৷

মহানগৰীৰ দিছপুৰ থানা এলেকাৰ ডাউন টাউন এলেকাত থকা নিজ ঘৰৰ পৰা দিহিঙীয়াক মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ কৰে৷ উত্থাপিত অভিযোগ অনুসৰি বিশেষ কর্তব্যৰত বিষয়া হোৱাৰ সুবাদতে দিহিঙীয়াই বিয়াগোম কেলেংকাৰি সংঘটিত হোৱা এপিডিচিএলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ‘নেইকম ইম্প্রেছন্ছ’ নামৰ এটা প্রতিষ্ঠানক দায়িত্ব দিয়াত মূল ভূমিকা গ্রহণ কৰিছিল৷

দিছপুৰ থানাৰ উপৰি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে একে সময়তে বশিষ্ঠ, হাতীগাঁও, লতাশিল, সাতগাঁও আৰু জালুকবাৰী থানা এলেকাতো অভিযান চলায়৷ লংকেশ্বৰত অভিযান চলাই মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ কৰে শশাংক শইকীয়া নামৰ ব্যক্তিজনক৷ পাছত শশাংক শইকীয়াক লগত লৈ অভিযানকাৰী দলে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উপস্থিত হয়৷

গুৱাহাটী বিশ্ববিদ্যালয়ত ছিকিউৰিটী গার্ড বেবীলন কাকতিকো গ্রেপ্তাৰ কৰা বুলি সূত্রটোত প্রকাশ৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে শুকুৰবাৰৰ অভিযানকালত উক্ত তিনিজন ব্যক্তিৰ উপৰি ‘নেইকম ইম্প্রেছন্ছ’ৰ কংকণ শর্মা, কৌশিক দাস, বিশ্বজিৎ বর্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমকো গ্রেপ্তাৰ কৰে৷ সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্রিদিব শর্মাকো গ্রেপ্তাৰ কৰা হৈছে৷

লক্ষণীয়ভাৱে এই কেলেংকাৰিৰ মুখ্য অভিযুক্ত এপিডিচিএলৰ মুখ্য মহাপ্রবন্ধক (চিজিএম) আতাউৰ ৰহমানক নিজ ঘৰত বিচৰি নাপালে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ অভিযানকাৰী দলে৷ আজি ধৃত ১০জনকে কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাব মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷

উল্লেখ্য যে বিগত ২০১৯ চনত এপিডিচিএলে ১,৬০০ ক্ষেত্র সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু এই পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্রেক্ষিতত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ বিষয়টো স্থবিৰ হৈ পৰিছিল৷ ইয়াৰ মাজতে শেহতীয়াকৈ এই নিযুক্তি পৰীক্ষাৰ অ’এমআৰ শ্বীট মূল্যায়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰে এপিডিচিএলে এক বুজাবুজিৰ চুক্তিত উপনীত হয়৷ বুজাবুজি চুক্তিত উপনীত হ’লেও উত্থাপিত অভিযোগ সন্দর্ভত তদন্ত প্রক্রিয়াত নামি পৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ৷ যোৱা ১৬ ছেপ্ঢেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা অনুসৰি ৰাজ্যপালে কেলেংকাৰি সন্দর্ভত লাভ কৰা এক অভিযোগ–পত্রৰ ভিত্তিত মুখ্যমন্ত্রীৰ বিশেষ তদাৰীক কোষে এই তদন্ত আৰম্ভ কৰিছে৷

মন কৰিবলগীয়া যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ইতিমধ্যে অভিযোগ সন্দর্ভত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪২০, ৪৬৮, ৪৭১ দুর্নীতি প্রতিৰোধ আইনৰ ৭/১৩ (১) (এ) (বি) ধাৰাৰ অধীনত ০৪/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে৷

You might also like