জেএনইউৰ ঘটনাৰ লগত জড়িত ৯ জন সন্দেহজনক লোকৰ ফটো প্ৰকাশ দিল্লী আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ জেএনইউত দেওবাৰে হোৱা আক্ৰমণৰ ঘটনাৰ আঁৰত দিল্লী আৰক্ষীয়ে সন্দেহযুক্ত আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰিছে। ইয়াৰে ভিতৰত জেএন ইউৰ ছাত্ৰ সংঘৰ অধ্যক্ষ আইশ্ৰী ঘোষৰ সহিতে আন ৯ জনৰ নাম উল্লেখ কৰিছে। শুকুৰবাৰে দিল্লী আৰক্ষীয়ে এখন সংবাদ মেল আয়োজন কৰি সন্দেহ যুক্ত আক্ৰমণকাৰী কেইজনৰ নাম উল্লেখ কৰিছে। সেই সকল হৈছে চুনচুন কুমাৰ, পংকজ মিশ্ৰা, যোগেন্দ্ৰ ভাৰদ্বাজ, প্ৰিয়া ৰঞ্জন, শিৱ পূজন মণ্ডল, ডৌলন, আইশ্ৰী ঘোষ। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰে যে অনুসন্ধান প্ৰক্ৰিয়াৰ সম্বন্ধে বহু ধৰণৰ অপপ্ৰচাৰ চলিছে। ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে পঞ্জীকৰণ হোৱাৰ কথা আছিল। কিন্তু এছ এফ আই, আইচা, এইআইএছএফ আৰু ডিএছএফৰ ছাত্ৰ সংগঠনে সেই পঞ্জীকৰণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছিল। পঞ্জীয়ন কৰাৰ ছাত্ৰ সকলক ভাবুকি প্ৰদান কৰা হৈছিল। উল্লেখ্য যে দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ ডি চি পিয় জয় তিৰ্কীয়ে কয় যে জেএনইউত আক্ৰমণ কৰিবৰ বাবে হুৱাটচএপযোগে গ্ৰুপ বনাইছিল আৰু তেওঁলোকে জানিছিল যে কোনটো কোনটো কোঠাত যাব লাগিব। আক্ৰমণৰ কোনো চিচিটিভি ফুটেজ লাভ কৰা নাছিল। কেৱল ভাইৰেল ভিডিঅৰ জৰিয়তে চিনাক্ত কৰিব পৰা গৈছে। অৱশ্যে বৰ্তমান সময়লৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।
Dr. Joy Tirkey, DCP/Crime, Delhi Police on #JNUViolence: No suspect has been detained till now, but we will begin to interrogate the suspects soon. pic.twitter.com/WtpqVvx1nb
— ANI (@ANI) January 10, 2020