মৰাণৰ অইল কলনীত মাতাল দণ্ডাধীশৰ তাণ্ডৱঃ প্রশাসনিক প্রবন্ধকক মাজনিশা মাতৃ–পত্নীৰ সন্মুখতে শোধালে চৰ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিলাতী সুৰাৰ ৰাগীত হিতাহিত জ্ঞান হেৰুৱাই বৃহস্পতিবাৰে মাজনিশা অইল হণ্ডিয়াৰ মৰাণ কলনীত তাণ্ডৱলীলা চলালে চৰাহদেউ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাই৷ অইল আৱাসিক কোৱার্টাৰৰ ঘাঁহ কটা বিষয়ক কেন্দ্র কৰি দেহৰক্ষীৰ হতুৱাই মাজনিশা শোৱাপাটীৰ পৰা উঠাই মৰাণ অইলৰ প্রশাসনিক প্রবন্ধক কানু চাহুক পৰিয়ালৰ সন্মুখতে কাণতলীয়া চৰ শোধালে মাতাল দণ্ডাধীশে ৷
চৰাহদেউ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশগৰাকীৰ এই আচম্বিত অভব্য কাণ্ডত হতচকিত হোৱাৰ লগতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে অইল ইণ্ডিয়াৰ শীর্ষ মহলত৷ ইতিমধ্যে এহ ঘটনাৰ সংক্রান্তত দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে চৰাহদেউ জিলাৰ মৰাণহাট থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তলৈও এজাহাৰ প্রতিলিপি প্রেৰণ কৰিছে ভুক্তভোগী বিষয়াগৰাকীয়ে৷ উক্ত ঘটনাটোক লৈ ভুক্তভোগী বিষয়াগৰাকীৰ ভাষ্য অনুসৰি যোৱা তিনিমাহ ধৰি চৰাইদেড জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাজনীশ বৰাই অইলৰ বিষয়া পর্যায়ৰ আৱাসগৃহ মৰাণস্থিত ডি প্লাছ–২৯ বাংলোত থাকি প্রশাসনীয় কাম–কাজ চলাই আহিছিল৷ এনেতে দণ্ডাধীশগৰাকীয়ে নিজৰ বাংলোটোৰ চৌহদৰ ঘাঁহ কটাক লৈ যোৱা ২২ ছেপ্টেম্বৰত মৰাণ অইলৰ প্রশাসনিক বিষয়াগৰাকীক অৱগত কৰিছিল৷
অইলৰ বিষয়াগৰাকীয়ে বিভাগীয় নীতি অনুসৰি চিভিল বিভাগত খবৰ দিয়ে৷ কিন্তু হঠাৎ কালি ঘটনাৰ নিশা মৰাণ অইলৰ বিষয়া সন্থাৰ ক্লাবত সুৰাৰ ৰাগীত মাতাল হৈ থকা অৱস্থাত দেহৰক্ষীসহ দণ্ডাধীশগৰাকীয়ে নিশা প্রায় ১১ বজাত মৰাণ অইলৰ প্রশাসনিক বিষয়া কানু চাহুৰ কোৱার্টাৰত গৈ তেওঁক ঘৰৰ বাহিৰলৈ ওলাহ আহিবলৈ কয়৷ উক্ত ঘটনাত ভয় খাহ অহলৰ প্রশাসনিক বিষয়াগৰাকীয়ে দুৱাৰ নোখোলাত মাতাল দণ্ডাধীশগৰাকীয়ে কানু চাহুৰ কোৱার্টাৰৰ খিৰিকীৰ গ্লাছ, টিউবলাইট, ফুলৰ টাব ইত্যাদি ভাঙি ধ্বংসলীলা চলায়৷ ইয়াৰ পাছত মাতাল অৱস্থাতে মৰাণ অইলৰ মুৰব্বী সৃষ্টি দাসৰ অইল কোৱার্টাৰৰ বাহিৰতো চিঞৰ–বাখৰ কৰে দণ্ডাধীশগৰাকীয়ে৷
মাজনিশাই দণ্ডাধীশগৰাকী থকা কোৱার্টাৰটোৰ চৌহদৰ ঘাঁহ কটাই দিবলৈ জোৰ–জবৰদস্তি কৰে৷ অইলৰ মুৰব্বীগৰাকীয়ে মাতাল অৱস্থাত থকা দণ্ডাধীশগৰাকীক বুজাবলৈ চেষ্টা চলাই যদিও দণ্ডাধীশগৰাকীয়ে নিজৰ মতত আঁকোৰগোজ হৈ পুনৰ নিশাহ অইলৰ প্রশাসনিক বিষয়া কানু চাহুৰ কোৱার্টাৰত গৈ তেওঁক বাহিৰলৈ ওলাই আহিবলৈ কয়৷ সেইসময়ত অইলৰ নিৰাপত্তাৰক্ষী উপস্থিত থাকি বিষয়টো মীমাংসা কৰিবলৈ আহ্বান জনোৱাত অইলৰ প্রশাসনিক বিষয়াগৰাকী পৰিয়ালসহ ঘৰৰ বাহিৰলৈ ওলাই অহাত তেওঁৰ মাতৃ আৰু পৰিবাৰৰ সন্মুখতে শাৰিৰীকভাৱে অপদস্থ কৰে সুৰাসক্ত দণ্ডাধীশ ৰাজনীশ বৰাহ৷ এইক্ষেত্রত অহলৰ প্রশাসনিক বিষয়াগৰাকীক কোনো কথাই ক’বলৈ সুযোগ নিদিলে দণ্ডাধীশগৰাকীয়ে৷ এহ সমগ্র ঘটনাটোক লৈ কালি বিয়লি ৪বজাত অইল হণ্ডিয়াৰ দুলীয়াজান কার্যালয়ত বিষয়াসকলৰ মাজত এখন জৰুৰী বৈঠক বহে আৰু অইলৰ বিষয়াসকলে ঊর্ধ্বতন কর্তৃপক্ষক দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে ন্যায়িক তদন্ত প্রক্রিয়া গ্রহণ কৰিবলৈ সজোৰে দাবী জনায়৷ এগৰাকী সুৰাসক্ত চৰকাৰী প্রশাসনিক বিষয়াৰ অভব্য কাণ্ডৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি মানি চলা চৰকাৰী পক্ষই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব৷