নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন নিয়ম তালিবানৰঃ চৰকাৰৰ অনুমতিতহে পৰিৱেশন হ’ব সংবাদ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ সংবাদ মাধ্যমৰ স্বাধীনতাক দমন কৰাৰ লক্ষ্যৰে অর্থাৎ সংবাদ সংস্থাক নাকী লগাবলৈ আফগানিস্তানত নতুন নিয়ম বলৱৎ কৰিছে তালিবানে৷ আফগানিস্তানৰ নতুন শাসক তালিবানে ইতিমধ্যে শাসনভাৰ নিজৰ হাতলৈ অনাৰ পাছতে ১৫০তকৈ অধিক মিডিয়া আউটলেট বন্ধ কৰি দিছে৷

তালিবান চৰকাৰৰ বিৰুদ্ধে অর্থাৎ তালিবানৰ চৰকাৰৰ সৈতে হ’ব পৰা সকলো সংঘাতমূলক বাতৰি পৰিৱেশন কৰাৰ পৰা সংবাদ সংস্থাসমূহক নাকী লগাবলৈ তালিবানে ১১টা নতুন নিয়ম বলৱৎ কৰিছে৷ তালিবানৰ এই নতুন নিয়মৰ পাছতে আফগানিস্তানৰ সংবাদ সংস্থাসমূহৰ মাজত শংকাৰ সৃষ্টি হৈছে৷

তালিবানে প্রকাশ কৰা মতে, আফগানিস্তান চৰকাৰৰ সংবাদ কার্যালয়ৰ অনুমতি লৈহে সংবাদ সংস্থাসমূহে সংবাদ পৰিৱেশন কৰিব পাৰিব৷ অন্যথা এই নিয়ম ভংগ কৰিলে সংবাদ সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ তালিবানৰ এই নতুন নিয়ম প্রচাৰ হোৱাৰ লগে লগে দেশখনত থকা সাংবাদিকসকলৰ মাজত শংকাৰ সৃষ্টি হৈছে৷

দেশখনত থকা সাংবাদিকসকলে আমেৰিকা যুক্তৰাষ্ট্রস্থিত প্রেছ ফ্রীডম অর্গেনাইজেচনলৈ ই–মেইলযোগে তেওঁলোকৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি সন্দর্ভত অৱগত কৰিছে৷ প্রেছ ফ্রীডম অর্গেনাইজেচনৰ জ্যেষ্ঠ সদস্য ষ্টিভেন বাটলাৰে প্রকাশ কৰা মতে, আফগানিস্তানত থকা সাংবাদিকসকল ভীতিগ্রস্ত হৈছে৷ তেওঁলোকে সংস্থাটোলৈ কেইবা শতাধিক ই–মেইল প্রেৰণ কৰি সহায়ৰ বাবে আহ্বান জনাইছে৷

মন কৰিবলগীয়া যে তালিবানে আফগানিস্তান দখল কৰাৰ পাছতে সংবাদ মাধ্যমৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে অহৰহ প্রয়াস চলাই আছে৷ আনকি তালিবানৰ বিৰুদ্ধে দেশৰ জনতাই ৰাজপথলৈ ওলাই অহা প্রতিবাদী কার্যসূচী পৰিৱেশন কৰা সাংবাদিকক তালিবানৰ সদস্যই বাধা প্রদান কৰাই নহয়, শাৰীৰিকভাৱে নির্যাতনো কৰিছে৷

You might also like